বাৰুদ ২০০৪ চনত মুক্তি লাভ কৰা এখন একশ্বন ধৰ্মী অসমীয়া চলচ্চিত্ৰ। মুনিন বৰুৱাই চলচ্চিত্ৰ খন পৰিচালনা কৰিছিল আৰু প্ৰযোজনা কৰিছিল মেৰী লস্কৰে পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল তপন দাস, যতীন বৰা, ৰবি শৰ্মা আৰু প্ৰস্তুতি পৰাশৰে।১
কাহিনীৰ সাৰাংশ
ছবিখনৰ কাহিনীভাগ কিছু দুৰ্নীতি পৰায়ণ ৰাজনৈতিক নেতা আৰু আৰক্ষীৰ মইমতালী আৰু বুজাবুজিৰ ওপৰত কেন্দ্ৰীভূত। ৰবি শৰ্মাই ছবিখনত এগৰাকী ধনী আৰু প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ পুত্ৰৰ চৰিত্ৰত খলনায়কৰ দুৰ্দান্ত অভিনয় কৰিছে।২
অভিনয়ত
- যতীন বৰা
- প্ৰস্তুতি পৰাশৰ
- ৰবি শৰ্মা
- বিক্ৰম হাজৰিকা
- বিজু ফুকন
- প্ৰাঞ্জল শইকীয়া
- বিষ্ণু খাৰঘৰীয়া
- হেমন্ত দত্ত
- মৃদুলা বৰুৱা
- মঞ্জুলা বৰুৱা
- তপন দাস
- পূৰবী শৰ্মা
- বাহাৰুল ইছলাম
- পৰিণীতা বৰঠাকুৰ
- অৰুণ হাজৰিকা
- হিৰণ্য ডেকা
- চেতনা দাস (অতিথি শিল্পী)
- অৰ্পনা দত্ত চৌধৰী ( অতিথি শিল্পী)
- লিপিকা বৰা( অতিথি শিল্পী)
- দীপজ্যোতি দাস
- পবিত্ৰ বৰুৱা
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীত লিখিছিল হেমন্ত দত্ত, মানস ৰবীন আৰু জুবিন গাৰ্গে। গীতসমূহত কণ্ঠদান কৰিছিল জুবিন গাৰ্গ, পদ্মিনী, শাশ্বতী ফুকন আৰু পামেলা জৈনে।
তথ্যসূত্ৰ
- ↑ (23 September 2016). Released Assamese Feature Films. enajori.com
- ↑ সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা-. Rupaliparda
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰুদ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬১৯১৬২ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।