মৃগনাভি (ইংৰাজী ভাষা: Mriganabhi) হ'ল ২০১৭ বৰ্ষৰ ৩ মাৰ্চত লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। বিশিষ্ট পৰিচালক হেমেন দাসৰ দ্বাৰা পৰিচালিত আৰু বিষ্ণু ডেকাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখন অৰূপা পটংগীয়া কলিতাৰ একে নামৰ উপন্যাসৰ কাহিনীৰ ওপৰত আধাৰিত।১
পটভূমি
এফালে এক নৈতিক আৰু প্ৰমূল্যবোধৰ জীৱনৰ প্ৰতি আকুলতা আৰু আনফালে এখন স্খলিত সমাজ- এই দুই বিচাৰধাৰাৰ সংঘাটত কেনেকৈ এক সুকোমল মন ছিন্ন-ভিন্ন হৈ পৰে, মৃগনাভি তাৰ এক উজ্জ্বল উদাহৰণ।২ছবিখনত সোণতৰা নামৰ এগৰাকী মহিলাৰ জীৱনৰ সংঘৰ্ষৰ কথা দেখুওৱা হৈছে। এজন ধনবান কিন্তু নষ্ট চৰিত্ৰৰ চাহ ব্যৱসায়ীৰ লগত বিয়া হোৱাৰ পিছত সোনতৰাই উপলব্ধি কৰে যে তাইৰ ব্যক্তি স্বাধীনতা বুলিবলৈ একো নাই। কিন্তু শেষত সোণতৰাই এগৰাকী নাৰীয়ে সন্মুখীন হোৱা বাধা-বিঘিণিবোৰ অতিক্ৰম কৰি নিজৰ পক্ষে থিয় দিছে। সোণতৰাই বন্দীত্বৰ সঁজা ভাঙি পেলাবলৈ সক্ষম হৈছে।৩
অভিনয়ত
- প্ৰস্তুতি পৰাশৰ
- ৰাজীৱ গোস্বামী
- মাধুৰীমা চৌধুৰী
- নিপন গোস্বামী
- বীণা বাৰুৱতী
- দিয়া বৰা
- গৌৰীশংকৰ দাস
- জোৱান দত্ত
- কৃষ্ণ ফুকন
- লনিশ্ৰী দাস
- নীলু চক্ৰৱৰ্তী৪
নিৰ্মাণ
মৃগনাভি ছবিখন অৰূপা পটংগীয়া কলিতাৰ একে নামৰ উপন্যাসৰ কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মিত। পৰিচালক হেমেন দাসে ১৯ বছৰ আগতে পঢ়ি উঠা এই উপন্যাসখনৰ চিত্ৰৰূপ দিয়াৰ কথা আগতেই চিন্তা কৰিছিল। অৰূপা পটংগীয়া কলিতাই ছবিখনৰ বাবে কাহিনী আৰু হেমেন দাসে চিত্ৰনাট্য ৰচনা কৰে। তৰালি শৰ্মাই সংগীত পৰিচালনা কৰা ছবিখনৰ মুখ্য সহযোগী পৰিচালক নাৰায়ণ শীল।
বঁটা আৰু সন্মান
| বৰ্ষ | বঁটা | শিতান | শিল্পী | ফলাফল |
|---|---|---|---|---|
| ২০১৩ | দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ | শ্ৰেষ্ঠ পৰিচালক | হেমেন দাস | |
| শ্ৰেষ্ঠ অভিনেত্ৰী | প্ৰস্তুতি পৰাশৰ | rowspan="4" |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ অনুভাৱ পৰাশৰ. (১৭ ফেব্ৰুৱাৰী, ২০১৭). হেমেন দাসৰ ছবি আৰু মৃগনাভি. দৈনিক অসম
- ↑ Mriganabhi (Musk) (2016). IMDb
- ↑ (February 21, 2017). New Assamese film ‘Mriganabhi’ to Release on March 3
- ↑ mriganabhi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃগনাভি (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৫৭৫০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।