অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পাগলী (চলচ্চিত্ৰ)

পাগলী এখন একশ্বন, ৰোমাঞ্চ আৰু ট্ৰেজেডিধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক ৰূপজ্যোতি বৰা, তেখেতে ছবিৰ কাহিনীকাৰ আৰু চিত্ৰনাট্যৰ ৰচক। প্ৰযোজনা কৰিছে প্ৰেমা দত্ত, বিশ্বেশ্বৰ দত্ত আৰু নিপ কোঁৱৰে। সহ প্ৰযোজক বীৰেন্দ্ৰ কুমাৰ দাস আৰু উদয় গগৈ। আৱহ সংগীত অনুৰাগ শইকীয়াৰ, গীতাংশৰ সংগীত অৰূপ দত্তৰ।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৩ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পাগলী এখন একশ্বন, ৰোমাঞ্চ আৰু ট্ৰেজেডিধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক ৰূপজ্যোতি বৰা, তেখেতে ছবিৰ কাহিনীকাৰ আৰু চিত্ৰনাট্যৰ ৰচক। প্ৰযোজনা কৰিছে প্ৰেমা দত্ত, বিশ্বেশ্বৰ দত্ত আৰু নিপ কোঁৱৰে। সহ প্ৰযোজক বীৰেন্দ্ৰ কুমাৰ দাস আৰু উদয় গগৈ। আৱহ সংগীত অনুৰাগ শইকীয়াৰ, গীতাংশৰ সংগীত অৰূপ দত্তৰ। নেপথ্য গায়ক জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী, প্ৰিয়ংকা ভৰালী আৰু ৰোহিত সোণাৰ। নৃত্য নিৰ্দেশনা অসীম বৈশ্য আৰু ৰূপজ্যোতি বৰাৰ।

কাহিনী

এগৰাকী সহজ-সৰল গাঁৱলীয়া ছোৱালীয়ে ঘটনাৰ পাকচক্ৰত সোমাই অদ্ভুত আচৰণ কৰিবলগীয়া হোৱাটোৱেই ছবিখনৰ কাহিনীৰ মূল ভাগ। ছবিখনত দুটা গেটআপত নায়িকাৰ অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰে। প্ৰস্তুতি পৰাশৰৰ বাহিৰেও অভিনয় কৰিছে নয়ন নিৰ্বাণ, পৱিত্ৰপ্ৰাণ বৰা, প্ৰদীপ নিশীথ, ৰমেন তামুলী, অসীম বৈশ্য, ধ্ৰুৱ, বিশাল, কবিতা দুৱৰা আৰু লিজা নন্দিনীয়ে।১

মুখ্য চৰিত্ৰত

সংগীত

বোলছবিখনৰ সংগীত পৰিচালনা 'অৰূপ দত্ত'ৰ। গীত লিখিছিল স্পন্দন, অনুপম শ‌ইকীয়া আৰু অজয় ফুকনে।

তথ্যসূত্ৰ

  1. ↑ চিত্ৰবাণী, বুধবৰীয়া পৰিপূৰিকা বহুমুখ, আমাৰ অসম, পৃঃ ৪, ৬ মে, ২০১৫

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১৬ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাগলী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৪৪৮৫৬ (৮ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।