দীনেশ দাস (Dinesh Das, ১৯৪১-বৰ্তমান) অসমৰ এজন অভিনেতা। তেওঁ বহুকেইখন অসমৰ চলচ্চিত্ৰ, মঞ্চ নাটক, অনাতাঁৰ নাটক, দূৰদৰ্শন ধাৰাবাহিক, টেলিফিল্ম, চুটি ছবি আৰু ভিডিঅ' ছবিত অভিনয় কৰিছে। চলচ্চিত্ৰত তেওঁ প্ৰধানকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। অভিনয়ৰ উপৰি তেওঁ কাকতে-পত্ৰই লিখা-মেলা কৰে আৰু তেওঁৰ গ্ৰন্থও প্ৰকাশ হৈছে। অসম চৰকাৰে তেওঁক শিল্পী পেন্সন প্ৰদান কৰি আহিছে।১
জন্ম আৰু শিক্ষা
দীনেশ দাসৰ জন্ম হয় ১৯৪১ চনৰ ৫ অক্টোবৰত। তেওঁৰ পিতৃৰ নাম কেশৱ দাস আৰু মাতৃৰ নাম আইকণ বালা দাস। পিতৃ পেছাত এজন আৰক্ষী বিষয়া আছিল। পিতৃৰ কৰ্মস্থলী সঘনাই বদলি হৈ থকা হেতুকে তেওঁ আনুষ্ঠানিক শিক্ষা জীৱন অসমৰ ভিন ভিন প্ৰান্তৰ বিদ্যালয়ৰপৰা লাভ কৰে। ১৯৪৭ চনত নগাঁও ৰ মাদ্ৰাছাত তেওঁ শিক্ষাৰম্ভ কৰি ১৯৫৯ চনত নগাঁও হাইস্কুলৰ পৰা তেওঁ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ নগাঁও কলেজৰ পৰা আই এ আৰু ১৯৬৪ চনত কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে।১
চাকৰি জীৱন
১৯৬৭ চনত তেওঁ এলবাৰ্ট ডেভিদ মেডিকেল কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে চাকৰি জীৱন আৰম্ভ কৰে। ১৯৭৫ চনত তেওঁ নেচনেল টেক্সটাইল কৰ্প'ৰেচনৰ মেনেজাৰৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৯৫ চনত তেওঁ চাকৰিৰপৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে।১
অভিনয় জীৱন
মঞ্চ নাটক
১৯৫২ চনত নগাঁৱৰ ৰূপহী হাইস্কুলত পঞ্চম শ্ৰেণীত পঢ়ি থকা কালত তুলসী দাসৰ পৰিচালনাত পিয়লি ফুকন নাটকত এক বাটৰুৱাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। শিক্ষাজীৱনৰ সমান্তৰালকৈ তেওঁ নিজৰ অভিনয় আগুৱাই লৈ যায় আৰু বহুকেইখন নাটকত অভিনয় কৰে। প্ৰতিষ্ঠিত নাট্যকাৰ-পৰিচালক সাৰদাকান্ত বৰদলৈ, চন্দ্ৰ ফুকন,নাট্যসম্ৰাট প্ৰফুল্ল বৰা আৰু তচদ্দুক ইউছুফৰ পৰিচালনাত বহুকেইখন নাটকত অভিনয় কৰি তেওঁ বহু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। তেওঁ অভিনয় কৰা কেইখনমান নাটক হ'ল একলব্য, শোণিত কুঁৱৰী, উপপথ,বান,সভাপতি আদি।১
চলচ্চিত্ৰ
নাটকত পোৱা সফলতাৰ বাবে তেওঁ চলচ্চিত্ৰত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে। ১৯৬৮ চনত মুক্তিপ্ৰাপ্ত, আব্দুল মজিদ পৰিচালিত মৰম তৃষ্ণা চলচ্চিত্ৰত শিলৰ কোৱেৰীত কাম কৰা এগৰাকী কৰ্মীৰ চৰিত্ৰৰে তেওঁ চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ মানৱ আৰু দানৱ, শেষ বিচাৰ, অনুতাপ, মেঘমুক্তি ইত্যাদি বহুতো চলচ্চিত্ৰত অভিনয় কৰি বৰ্তমানেও তেওঁ চলচ্চিত্ৰজগতত সক্ৰিয় হৈ আছে। চলচ্চিত্ৰত প্ৰধানকৈ তেওঁ খলনায়কৰ চৰিত্ৰত অভিনয় কৰে।১
অন্যান্য কৰ্মৰাজী
মঞ্চ আৰু চলচ্চিত্ৰৰ উপৰিও তেওঁ বহুকেইখন দূৰদৰ্শন ধাৰাবাহিক, টেলিফিল্ম, চুটি ছবি, ভিডিঅ' ছবি আৰু চাৰিশতকৈও অধিক অনাতাঁৰ নাটকত অভিনয় কৰিছে। তদুপৰি তেওঁ বহুবাৰ ইংলেণ্ডত ব'হাগ বিহু উদ্যাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তেওঁ আনুষ্ঠানিকভাৱে নতুন পুৰুষ শিল্পীক অভিনয়ৰ দিহা পৰামৰ্শ প্ৰদান কৰে। অসম শিল্পী সাহায্য নিধিৰ তেওঁ কোষাধ্যক্ষ। তেওঁ বাতৰি কাকতত লিখা-মেলা কৰাৰ উপৰি তেওঁৰ একাধিক খণ্ডৰ গ্ৰন্থও প্ৰকাশ হৈছে।১
ব্যক্তিগত জীৱন
তেওঁৰ পত্নীৰ নাম ডালিমী দাস। তেওঁলোকৰ দুটি সন্তান।১
সন্মান
- শিল্পী পেন্সন, অসম চৰকাৰ
- সামাজিক-সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপাৰ বিশেষ সন্মান।১
- তেজপুৰৰ মাধৱ মন্দিৰ বহুমুখী প্ৰকল্পই আগবঢ়োৱা নাট্যসম্ৰাট প্ৰফুল্ল বৰা বঁটা।
- অসম চৰকাৰ প্ৰদত্ত ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ প্ৰমথেশ বৰুৱা জীৱনজোৰা সাধনা বঁটা, ২০২৬
অভিনীত চলচ্চিত্ৰ
- মৰম তৃষ্ণা (১৯৬৮)১
- মানৱ আৰু দানৱ (১৯৭১)
- শেষ বিচাৰ (১৯৭১)
- উত্তৰণ (১৯৭৩)
- অনুতাপ (১৯৭৩)
- আদালত (১৯৭৬)
- নতুন আশা (১৯৭৭)
- নিয়তি (১৯৭৮)
- মেঘমুক্তি (১৯৭৯)
- বিশেষ এৰাতি (১৯৭৯)
- শ্ৰীশ্ৰী মা কামাখ্যা (১৯৮৩)
- সেন্দূৰ (১৯৮৪)
- দেৱী (১৯৮৪)
- জীৱন সুৰভি (১৯৮৪)
- সূৰুয (১৯৮৫)
- ব'হাগৰ দুপৰীয়া (১৯৮৫)
- পূজা (১৯৮৫)
- সংকল্প (১৯৮৬)
- প্ৰতিদান (চলচ্চিত্ৰ) (১৯৮৭)
- প্ৰতিশোধ (১৯৮৭)
- ৰঙা নদী (১৯৯০)
- যখিনী (১৯৯১)
- ৰিক্সাৱালা (১৯৯৩)
- অভিশপ্ত প্ৰেম (১৯৯৭)
- কুশল (১৯৯৮)
- দেৱতা (১৯৯৮)
- নায়ক (২০০১)
- গৰম বতাহ (২০০১)
- ককাদেউতাৰ ঘৰজোঁৱাই (২০০২)
- জোনাকী মন (২০০২)
- কণিকাৰ ৰামধেনু (২০০৩)
- সত্যম শিৱম সুন্দৰম (২০০৩)
- প্ৰিয়া মিলন (২০০৩)
- এয়েই জোনাকবিহীন জীৱন (২০০৩)
- সতী ৰাধিকা
- মা তুমি অনন্যা (২০০৪)
- হৃদয় কঁপোৱা গান (২০০৫)
- কদমতলে কৃষ্ণ নাচে (২০০৫)
- সোণৰ খাৰু নালাগে মোক (২০০৫)
- চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ) (২০০৫)
- জয়মতী (২০০৬)
- বান্ধোন (২০১২)
- লুইতক ভেটিব কোনে (২০১৩)
- মহাসমৰ (২০১৩)
- জিলমিল জোনাক (২০১৪)
- মহাপুৰুষ (২০১৪)
অভিনীত নাটক-
- নেতা (নাট্যকাৰ,পৰিচালক- প্ৰফুল্ল বৰা)
- উপপথ (নাট্যকাৰ,পৰিচালক- প্ৰফুল্ল বৰা)
- বান (নাট্যকাৰ,পৰিচালক- প্ৰফুল্ল বৰা)
তথ্যসূত্ৰ
- ↑ ভূবন লহকৰ. (১৫ মে', ২০১৫). শিল্পী, অভিনেতা দীনেশ দাস. দৈনিক অসম. পৃ. ৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীনেশ দাস” প্ৰবন্ধৰ সংশোধন ৬১৬৯৯৯ (১৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।