তচদ্দুক ইউছুফ (Tasadduk Yusuf, ১৯৩১- ১০ আগষ্ট ১৯৮২) অসমীয়া চলচ্চিত্ৰ, অনাতাঁৰ আৰু মঞ্চৰ এগৰাকী অভিনেতা আছিল। ইয়াৰোপৰি তেওঁ নাট পৰিচালনা, ৰেডিঅ'ত খেলৰ চলন্ত বিৱৰণী দিয়া আদি কাৰ্যৰ সৈতেও জড়িত হৈছিল। তেওঁ জনাজাত আছিল তেওঁৰ বিখ্যাত বেৰিটোন কণ্ঠস্বৰৰ বাবে।১ অৰণ্য, পুতলা ঘৰ, দূৰণীৰ ৰঙ আদি তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰ কৰ্ম।
জীৱন পৰিক্ৰমা
তচদ্দুক ইউছুফৰ মূল ঘৰ নগাঁওত। দেউতাক জিয়াউদ্দিন ইউছুফ এজন প্ৰশাসনীয় বিষয়া হোৱা সূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰা বাবে তেওঁ বিভিন্ন ঠাইত স্কুলীয়া শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছিল। স্কুলীয়া জীৱনতে তেওঁ মঞ্চত অভিনয় আৰম্ভ কৰিছিল। স্কুলীয়া ছাত্ৰ অৱস্থাতে গোৱালপাৰা জিলাৰ লক্ষীপুৰত ‘চন্দ্ৰগুপ্ত’ নাটকত চানক্যৰ ভাও লৈ বিশেষ কৃতিত্ব অৰ্জন কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ দুবছৰমান কটন বিশ্ববিদ্যালয়তো পঢ়ি অনাতাঁৰ নাটৰ অভিনয় আৰু প্ৰযোজনাৰ সৈতে জড়িত হৈ পৰিল।২ পঞ্চাচৰ দশকত অসমীয়া অনাতাঁৰ নাটৰ দুটা সুস্পষ্ট ধাৰাৰ সৃষ্টি হৈছিল- তাৰে এটা শৈলধৰ বৰুৱাৰ ধাৰা, আনটো তচদ্দুক ইউছুফৰ ধাৰা। তেওঁ চলচ্চিত্ৰ, মঞ্চ আৰু অনাতাঁৰ- তিনিওটা মাধ্যমতে অভিনয়, পৰিচালনা বা প্ৰযোজনা কৰিছিল যদিও তেওঁৰ আটাইতকৈ প্ৰিয় মাধ্যম আছিল অনাতাঁৰ।৩
১৯৫৬ চনত মুক্তি পোৱা সৰাপাতত অভিনয়ৰ যোগে তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। পুৱতি নিশাৰ সপোনত তেওঁ নায়কৰ ভূমিকাত অভিনয় কৰে। অৰণ্য আৰু দূৰণীৰ ৰঙ ছবিত খলনায়কৰ ভূমিকাত কৰা অনবদ্য অভিনয়ৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব। সৰুতে ইউছুফে ভায়েক ‘দীলু’ৰ সৈতে ধেনু-কাঁড় খেলি থাকোঁতে ভায়েকে মাৰি পঠিওৱা কাঁড় এডাল তেওঁৰ চকুত সোমাই এটা চকু চিৰদিনলৈ ঘূণীয়া কৰিলে। সেয়েহে পাথৰৰ মণি লগোৱা ইউছুফে সদায় ডাঠ ৰঙীন চচমাৰে চকু আৱৰি ৰাখিব লগীয়া হৈছিল।২
ইউছুফে অতি হেঁপাহেৰে ৰক্তিম বাসনা নামেৰে অসমীয়া ছবি এখন পৰিচালনা কৰিবলৈ প্ৰস্তুতি চলাইছিল। মৃদুলা বৰুৱাই অভিনয় কৰিবলগীয়া ছবিখনৰ ১৯৭৯ৰ ১৫ এপ্ৰিলত মুহূৰতো হৈ গৈছিল যদিও ধনৰ অভাৱত ছবিখন সম্পূৰ্ণ কৰিব নোৱাৰিলে।৪
অভিনীত ছবি
| *সৰাপাত (১৯৫৬) *এৰা বাটৰ সুৰ (১৯৫৬) *ধুমুহা (১৯৫৭) *পূবেৰুণ (চলচ্চিত্ৰ) (১৯৫৯) *পুৱতি নিশাৰ সপোন (১৯৫৯) *চিকমিক বিজুলী (১৯৬৯) *বৰুৱাৰ সংসাৰ (১৯৭০) *অৰণ্য (১৯৭১) | *মৰীচিকা (১৯৭২) *কাঁচঘৰ (১৯৭৫) *পুতলা ঘৰ (১৯৭৬) *পাপ আৰু প্ৰায়শ্চিত্ত (চলচ্চিত্ৰ) (১৯৭৭) *নিয়তি (১৯৭৮) *দূৰণীৰ ৰঙ (১৯৭৯) *কাজিৰঙাৰ কাহিনী (১৯৮২)৫ |
মৃত্যু
১৯৮২ৰ ১০ আগষ্টৰ দিনা এক ৰহস্যজনক পৰিস্থিতিত ইউছুফৰ মৃত্যু হৈছিল। সেইদিনা পুৱা নগাঁৱৰ ঘৰৰ পৰা অলপমান চৰবত খাই ওলাই গৈছিল। পিছদিনা তেওঁৰ মৃতদেহ কলং নদীত উদ্ধাৰ হৈছিল। কোনোৱে সেয়া আত্মহত্যা৬ বুলি কৈছিল আৰু আন কোনোৰ মতে সেয়া এক দূৰ্ঘটনাহে আছিল। মৃত্যুৰ কেইদিনমান আগৰপৰা তেওঁ খোৱা-বোৱা প্ৰায় এৰি দিছিল। তেওঁ দীৰ্ঘদিন ধৰি মানসিক যন্ত্ৰণাত ভুগি আছিল। কনিষ্ঠ ভায়েক আৰু ভাই-বোৱাৰীয়েকলৈ লিখা চিঠিতো সেই যন্ত্ৰণা প্ৰকাশ পাইছিল।৭
লগতে চাওক
- আমাৰ চিনাকি তচদ্দুক
তথ্যসূত্ৰ
- ↑ দত্ত, উৎপল. তোমাৰ আকাশত তুমি উষ্ণ. cinekatha.com
- ↑ দাস, বাদল. (১৯৮২). হৃদয়ত লিখি থোৱা এটি নাম, আমাৰ চিনাকী তচদ্দুক. বিস্ময় প্ৰকাশ
- ↑ শৰ্মা, নব. ট্ৰেজিক ৰাজকোঁৱৰ তচদ্দুক, আমাৰ চিনাকি তচদ্দুক. বিস্ময় প্ৰকাশ
- ↑ দত্ত, ডা॰ নগেন. (১৯৮২). ‘ৰক্তিম বাসনা’ৰ অতৃপ্ত বাসনাৰে তচদ্দুক গ’লগৈ, আমাৰ চিনাকি তচদ্দুক. বিস্ময় প্ৰকাশ
- ↑ অসমীয়া চিনেমাৰ তথ্যকোষ. cinekatha.com
- ↑ (১৯৯২). অসমীয়া জীৱনী অভিধান. শিৱনাথ বৰ্মন. মহতাব হুছেইন
- ↑ ভট্টাচাৰ্য্য, বিবেকানন্দ. (১৯৮২). আমাৰ চিনাকি তচদ্দুক. বিস্ময় প্ৰকাশ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তচদ্দুক ইউছুফ” প্ৰবন্ধৰ সংশোধন ৩৮৫১৭১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।