অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জয়মতী (২০০৬ চলচ্চিত্ৰ)

জয়মতী (ইংৰাজী নাম: Joymati - the saviour) হৈছে মঞ্জু বৰা পৰিচালিত ২০০৬ বৰ্ষৰ এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালিত ১৯৩৫ চনৰ প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰ পুনৰনিৰ্মাণ নহয়। এই জয়মতীৰ কাহিনীত কেতবোৰ বিশেষত্ব আছে।

হালনাগাদ: ২৯ জানুৱাৰী ২০২৫ ২৯৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জয়মতী (ইংৰাজী নাম: Joymati - the saviour) হৈছে মঞ্জু বৰা পৰিচালিত ২০০৬ বৰ্ষৰ এখন অসমৰ চলচ্চিত্ৰ। ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালিত ১৯৩৫ চনৰ প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰ পুনৰনিৰ্মাণ নহয়। এই জয়মতীৰ কাহিনীত কেতবোৰ বিশেষত্ব আছে।

কাহিনীৰ সমল

মঞ্জু বৰাই ছবিখনৰ কাহিনী ড॰ ড॰ সূৰ্যকুমাৰ ভূঞা, পদ্মনাথ গোহাঞি বৰুৱা আৰু হিতেশ্বৰ বৰবৰুৱাৰ বুৰঞ্জী অধ্যয়ন কৰি তৈয়াৰ কৰিছিল। ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘জয়মতী’ নামৰ নাটকখন আৰু হেম বুঢ়াগোহাঞিৰ কেতবোৰ নিবন্ধকো তেওঁ সমলৰূপে লৈছিল।

জ্যোতিপ্ৰসাদৰ জয়মতীৰ সৈতে বৈসাদৃশ্য

জয়মতী কুঁৱৰী চৰিত্ৰটোৰ পৰিয়ালগত আৰু সামাজিক ভিত্তি ব্যাখ্যা কৰি পৰিচালক মঞ্জু বৰাই মত পোষণ কৰে যে সেইগৰাকী নাৰী কোনোপধ্যেই অবলা, আজলী বা সৰলচিতীয়া মনৰ হ’বই নোৱাৰে। পৰিচালক গৰাকীৰ অনুসৰি তেওঁ জয়মতীক সতীৰূপে উপস্থাপন কৰাৰ সলনি এগৰাকী সবল, শক্তিশালী, ৰাজনৈতিক ভাবে দূৰদৰ্শী চেতনাসৰ্বস্ব নাৰীৰূপে উপস্থাপন কৰিছে।

জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰ ‘ডালিমী’ চৰিত্ৰটো ইয়াত নাই। ডালিমী চৰিত্ৰটো কাল্পনিক বুলি স্বয়ং লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ ‘জয়মতী’ কাহিনীৰ সম্পৰ্কত উল্লেখ কৰিছে। মঞ্জু বৰাই ইয়াত আন এটা ঐতিহাসিক চৰিত্ৰৰ অৱতাৰণা ঘটাইছে। সেয়া হৈছে নগা কন্যা ‘নে’পে’ ওয়ান্‌চা’ কুঁৱৰী ওৰফে ‘জুলুমী’। ৰজা হোৱাৰ পাছত চ্যু-পাত-ফাই জুলুমীক বিয়া কৰায়। মঞ্জু বৰাৰ জয়মতীত আছে অন্য এক নতুনত্ব। লোকজীৱনত প্ৰচলিত মালিতাৰ পৰা তেওঁ আনিছে ‘সোণামতী’ নামৰ এক যুৱতীৰ চৰিত্ৰ। শিৱসাগৰৰ বকতা অঞ্চলত থকা সোণামতীৰ ঘৰত সোমাই পলাতক গদাপাণিয়ে পানী খাইছিল। গদাপাণি ওলাই যোৱাৰ পাছত ল’ৰাৰজাৰ চোৰাংচোৱাই গৈ সোণামতীক গদাপাণিৰ কথা সোধে। সোণামতীয়ে গদাপাণিক বচাবৰ বাবে চোৰাংচোৱাক বিপথে পৰিচালিত কৰে। ইয়াতে ক্ৰোধিত হৈ সিহঁতে সোণামতীক চোঁচোৰাই নি অত্যাচাৰ কৰি হত্যা কৰে। এই পথাৰখন এতিয়াও চোঁচোৰাল পথাৰৰূপে জনাজাত।

উল্লেখযোগ্য যে এই ছবিখন আৰম্ভ হৈছে লাচিত বৰফুকনৰ মোমায়েকক কটাৰ দৃশ্যৰ পৰা।

অভিনয় শিল্পী

চিত্ৰগ্ৰহণ

ছবিখনৰ চিত্ৰগ্ৰহণ মাৰ্ঘেৰিটাৰ কেটেটং গাঁৱত কৰা হৈছিল।

সাফল্য

  • ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত
  • মুম্বাইত অনুষ্ঠিত ‘এছিয়ান ফিল্ম ফেষ্টিভেল’ত প্ৰদৰ্শিত
  • ‘কলকাতা ফিল্ম ফেষ্টিভেল’ত প্ৰদৰ্শিত

তথ্য সংগ্ৰহ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবিভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমৰ ছবি২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়মতী (২০০৬ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৬৬৯২৭ (২৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।