অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কণিকাৰ ৰামধেনু

কণিকাৰ ৰামধেনু (Konikar Ramdhenu) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০২ চনৰ ২০ ডিচেম্বৰত এই ছবিখন মুক্তি দিয়া হয়। ২০০২ চনৰ অক্টোবৰত দিল্লীৰ আই এফ এফ আইৰ ইণ্ডিয়ান পেনোৰোমাত আৰু ২০০৩ চনৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় উৎসৱত এই চলচ্চিত্ৰ খন প্ৰদৰ্শিত কৰা হৈছিল।

হালনাগাদ: ৬ জুন ২০২৫ ২১৬ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

কণিকাৰ ৰামধেনু (Konikar Ramdhenu) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমৰ চলচ্চিত্ৰ। ২০০২ চনৰ ২০ ডিচেম্বৰত এই ছবিখন মুক্তি দিয়া হয়।১২৩৪ ২০০২ চনৰ অক্টোবৰত দিল্লীৰ আই এফ এফ আইৰ ইণ্ডিয়ান পেনোৰোমাত৪ আৰু ২০০৩ চনৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় উৎসৱত১ এই চলচ্চিত্ৰ খন প্ৰদৰ্শিত কৰা হৈছিল।

কাহিনী

চলচ্চিত্ৰখনৰ কাহিনী ১১ বছৰীয়া মেধাৱী ল'ৰা কুকৈ ওপৰত কেন্দ্ৰিত। সি গাঁৱৰ ঘৰৰ পৰা পলাই গৈ এটা মটৰ গেৰেজত কাম কৰিবলৈ আৰম্ভ কৰে। এদিন মালিকে তাৰ ওপৰত অত্য্যাচাৰ চলায়। আত্মৰক্ষাৰ বাবে সি এটুকুৰা লোৰ ৰডৰ দ্বাৰা মালিকক প্ৰহাৰ কৰে। ফলত মালিকৰ থিতাতে মৃত্যু হয়। কুকৈৰ ওপৰত ইয়াৰ বিচাৰ চলে আৰু তাক অপৰাধী কিশোৰ থকা ঘৰ (juvenile home)লৈ পঠোৱা হ'ল। তাত সি মনত আঘাত পায়। তাৰ অধীক্ষক, বিশ্ব বড়োৱে তাক ফুচুলাই দণ্ডাধিকাৰী সন্মুখত ঘটনাৰ স্বীকাৰোক্তি দিয়ায়। দণ্ডাধিকাৰীয়ে কুকৈক তাৰ অভিভাৱকৰ হাতত গতাবলৈ নিৰ্দেশ দিয়ে।১২৩৪ বিশ্ব কুকৈৰ গাঁৱলৈ যায় আৰু গম পায় যে তাৰ মাতৃৰ এবছৰ পূৰ্বে মৃত্যু হৈছে। সতীয়া দেউতাকেও (stepfather) তাৰ দায়িত্ব ল'বলৈ অস্বীকাৰ কৰে। অৱসৰপ্ৰাপ্ত বিশ্বৰ নিজৰ কোনো সন্তান নাছিলআৰু কুকৈক তুলি ল'বলৈ সিদ্ধান্ত লয়।১৩৪

গৱেষণা

পৰিচালক জাহ্নু বৰুৱাই চলচ্চিত্ৰখন নিৰ্মাণ কৰাৰ পূৰ্বে ১২টা অপৰাধী কিশোৰ থকা ঘৰ (Juvenile Home) ভ্ৰমণ কৰে। ইয়াৰ পৰা তেওঁ গম পায় যে, ৮০% শতাংশৰো অধিক ঘটনাৰ মীমাংসা নেতিবাচক হয়।২৪

অভিনয়ত

বঁটা

  • ৰাষ্ট্ৰীয় বঁটা: শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ (২০০২)

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Konikar Ramdhenu. NFDC
  2. ↑ ((Mar 16, 2003)). A Cinematic Ode To Blemished Childhood. The Financial Express
  3. ↑ ((Sep 26, 2002)). Konikar Ramdhenu (Ride on the Rainbow)
  4. ↑ Biswas, Pradip. (Friday, May 30, 2003). Jahnu Barua’s Assamese film ridicules juvenile home. Screen India

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবিভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমৰ ছবি২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰ২০০২ বৰ্ষৰ চলচ্চিত্ৰজাহ্নু বৰুৱা পৰিচালিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কণিকাৰ ৰামধেনু” প্ৰবন্ধৰ সংশোধন ৫১৫৪৫০ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।