মহাসমৰ ২০১৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া কথাছবি। ছিৰিয়াছ বিষয় এটাক ছবিখনত মনোৰঞ্জনৰ বাবে দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে। অকতৃত্বশীল ভাৱে গছ-গছনি কটাৰ বিৰূদ্ধে সজাগতা বৃদ্ধি কৰিবলৈ ছবিখন নিৰ্মান কৰা বুলি প্ৰযোজক-পৰিচালকে জানিবলৈ দিয়ে। জন্ছ মহলীয়াৰ দ্বাৰা পৰিচালিত 'মহাসমৰ' ২২ নৱেম্বৰ ২০১৩-ত চিত্ৰগৃহত মুক্তি দিয়া হয়। ছবিখনত ৰখা আইটেম গান-টোত ইউক্ৰেনিয়ান নৃত্যশিল্পী এৰিনাই অংশ লৈছে। ১
কাহিনী
সেউজ অৰণ্যেৰে ভৰি থকা পিপৰাগুৰি নামৰ ঠাইখনত চকু পৰিল ধনৰ লালসাত থকা কিছু দেশদ্ৰোহীৰ, ভ্ৰষ্ট ৰাজনীতিবিদ, অসৎ চৰকাৰী বিষয়া আৰু স্থানীয় চোৰাং কাঠৃ ব্যৱসায়ী। তেওঁ।ওকৰ এই্ কৰ্মত বাধা হৈ থিয় দিয়ে এগৰাকী নিষ্ঠাবান সাংবাদিক আৰু কৰ্তব্যপৰায়ন সৎ চৰকাৰী বিষয়া। গুণ্ডা-বদমাচৰ বাহিনীয়ে তেওঁলোকৰ বাধা নেওচি পুনৰ লুণ্ঠনত নামি পৰে। কিন্তু এইবাৰ আগমন ঘটে কালৈও ভয় নকৰা অতি সাহসী আৰু সৎ বন অধিকাৰীৰ। বন অধিকাৰীয়ে বনানি ধ্বংসৰ বিৰূদ্ধে থিয় দিয়ে। বিষয়াজনে গাঁৱৰ ৰাইজৰ মাজতো সজাগতা আনি অসৎ মানুহখিনিৰ বিপক্ষত থিয় কৰায়।
নিৰ্মাণ
তেজপুৰৰ সিদ্ধাৰ্থ টেলিফিল্মছ নিবেদিত এই ছবিখনৰ প্ৰযোজক হীৰা গোঁহাই। দীপক নাথৰ কাহিনী আৰু চিত্ৰনাট্যৰে নিৰ্মাণ কৰা ছবিখনত ৰেড কেমেৰাৰে দৃশ্যগ্ৰহন কৰা হৈছে আৰু দৃশ্যগ্ৰহনকাৰী হৈছে কৃষ্ণ শ্বাহ।ছবিখনত এটা আইটেম গান ৰখা হৈছে য'ত নৃত্য কৰিছে ইউক্ৰেইনৰ নৃত্যশিল্পী এৰিনাই। মহাসমৰ-ৰ গীতৰ চিত্ৰায়ন কৰা হৈছে টাৱাং, শ্বিলং, শিলঘাট, নামেৰী আদি ঠাইত। এক্সন, ৰোমান্স, নাচ-গানেৰে ভৰি থকা ছবিখনৰ পৰিচালক জন্ছ মহলীয়া। গানৰ কৰিঅ'গ্ৰাফী কৰিছৈ জিনি মহলীয়াই। সম্পাদনা প্ৰাঞ্জল কাশ্যপৰ।১
সংগীত
মহাসমৰৰ সংগীত পৰিচালক দিগন্ত শৰ্মা আৰু অভিজিত বৰ্মন। 'লালমোহন ৰসগোল্লা' শীৰ্ষক আইটেম গীতটোত কণ্ঠ দিছে ববিতা শৰ্মাই। আইটেম গীতটোৰ ক'ৰিঅ'গ্ৰাফী জিনি মহলীয়াৰ।১
মুক্তি
মহসমৰৰ চেন্সৰ হৈ যায় ২৮ অক্টোবৰ ২০১৩ তাৰিখে। অসমৰ ছবিঘৰত ছবিখন মুক্তি দিয়া হয় ২২ নৱেম্বৰ তাৰিখে। ২২ তাৰিখে এটা বিশেষ প্ৰদৰ্শন কৰা হৈছিল।১
অভিনয়ত
| অৰুণ নাথ | দীপক নাথ |
লগতে আছে- ৰাতুল দাস, আইমী বৰুৱা, জুনু বৰুৱা, বিকাশ ভৰদ্বাজ, খঞ্জন নাথ, লক্ষী বৰঠাকুৰ, নিৰোদ চৌধুৰী, ৰীতা মহলীয়া, সভাষ মোদক, ধন ভৰালী, বৰ্ণালী নাথ, অমৰজিৎ হাজৰিকা (ৰাজু) ইত্যাদি।
সন্মান
আইমী বৰুৱা ই ছবিৰ দৰুণ ২০১৩-চনত ভিভেল ফিল্মফেয়াৰ এওয়াৰ্ড দ্বাৰা শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত হৈছিল।২
তথ্যসূত্ৰ
- ↑ অৰুণলোচন দাস. ২২ নৱেম্বৰত শুভমুক্তি জন্ছ মহলীয়াৰ মহাসমৰ, সপ্তাহান্তিক, পৰিপূৰিকা, ৰাআমাৰ অসম, ৯ নৱেম্বৰ, ২০১৩, পৃ: সাংস্কৃতিকী (৪)
- ↑ www.magicalassam.com/2014/03/vival-filmfare-awar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাসমৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ২৭১৫৩১ (১৭ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।