অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দেৱী (চলচ্চিত্ৰ)

দেৱী (Devi) ১৯৮৪ চনত মুক্তি পোৱা শম্ভু গুপ্তা আৰু দাৰা আহমেদ পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। পৰিচালকদ্বয়ে দেৱীৰ যোগেদি প্ৰথম পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। পৰিচালকদ্বয়ে নিজেই ছবিখনৰ সংলাপ আৰু চিত্ৰনাট্য ৰচনা কৰিছে। প্ৰযোজনা আৰ এন ফিল্মছৰ।

হালনাগাদ: ১৮ আগষ্ট ২০২৩ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

দেৱী (Devi) ১৯৮৪ চনত মুক্তি পোৱা শম্ভু গুপ্তা আৰু দাৰা আহমেদ পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। পৰিচালকদ্বয়ে দেৱীৰ যোগেদি প্ৰথম পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। পৰিচালকদ্বয়ে নিজেই ছবিখনৰ সংলাপ আৰু চিত্ৰনাট্য ৰচনা কৰিছে। প্ৰযোজনা আৰ এন ফিল্মছৰ। মূল ভূমিকাত অভিনয় কৰিছে জৰ্জ বেকাৰ, ডলী গুপ্তা, বিজু ফুকন আদিয়ে। সংগীত ভূপেন উজীৰৰ।১

অভিনয় শিল্পী

  • জৰ্জ বেকাৰ
  • ডলী গুপ্তা
  • বিজু ফুকন
  • ডাঃ হাদি আলম বৰা
  • অমূল্য কাকতি
  • পূৰবী দাস
  • প্ৰতীষা শইকীয়া
  • পল্লবী ঠাকুৰীয়
  • ডাঃ দিপালী দত্ত
  • নিলয় (শিশুশিল্পী)
  • পূবালী (শিশুশিল্পী)১

সংগীত

দেৱীৰ সংগীত পৰিচালনা কৰিছে ভূপেন উজীৰে। গীত লিখিছে এলি আহমেদ আৰু আমিনুল হকে। কণ্ঠদান কৰিছে সমৰ হাজৰিকা, অশোক শইকীয়া আৰু মালবিকা বৰাই। মুঠ গীত চাৰিটা।২

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. পৃ. 296
  2. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 412

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৮৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৭৪৬৭২ (১৮ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।