অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

চ'ত

চ'ত অসমীয়া বৰ্ষপঞ্জীৰ অন্তিম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, আৰু ফাগুনৰ অন্যতম। বহাগত ৩০ দিন থাকে। ১ চ'ত হ'ল এই মাহৰ প্ৰথম দিন। এই মাহৰ অন্তত অসমীয়া নববৰ্ষৰ আৰম্ভ হয়।

হালনাগাদ: ১৭ মাৰ্চ ২০২৬ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চ'ত অসমীয়া বৰ্ষপঞ্জীৰ অন্তিম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব’হাগ, জেঠ, আহাৰ (মাহ), শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, আৰু ফাগুনৰ অন্যতম।১ বহাগত ৩০ দিন থাকে।২ ১ চ'ত হ'ল এই মাহৰ প্ৰথম দিন। এই মাহৰ অন্তত অসমীয়া নববৰ্ষৰ আৰম্ভ হয়। ৩০ চ'তৰ দিনা অসমীয়া লোকে ব'হাগ বিহুৰ আৰম্ভণি হিচাপে গৰু বিহু পালন কৰে। এই দিনা মহাবিষুব সংক্ৰান্তি। হিন্দু ধৰ্ম অনুসৰি, চ'ত মাহৰ প্ৰথম দিনাৰ পৰা প্ৰভু ব্ৰহ্মাই সৃষ্টি আৰম্ভ কৰিছিলে। নৱবৰ্ষ বা হিন্দু নৱবৰ্ষৰ দিনটি চ'ত মাহৰ প্ৰথম দিনা উদযাপিত হয়। এই মাহটিত বসন্ত ঋতুৰ আৰম্ভ হয়। উগাদি, গুড়ি পড়ৱা চ'তি চান্দ হ'ল তেলেগু আৰু কানাড়া নৱবৰ্ষ হিচাপে উদযাপন কৰা উৎসৱ। ইয়াৰ লগতে মাৰাঠী আৰু সিন্ধি নৱবৰ্ষ।৩চ'ত মাহৰ একাদশী তিথি তিথিৰ পৰা বাসন্তী পূজাৰ নৱৰাত্ৰি আৰম্ভ হয়। নৱমী তিথিত শ্ৰী ৰাম চন্দ্ৰৰ জন্ম দিন হিচাপে ৰামনৱমী উদযাপন কৰা হয়। এই সময়ত অসমৰ হাবিত কুলি চৰাই মাত শুনিবলৈ পোৱা যায়।

আমাৰ ডালত বহি মাতি থকা মাইকী কুলি চৰাই এজনী
আমাৰ ডালত বহি মাতি থকা মাইকী কুলি চৰাই এজনীছবি: Paramanu Sarkar · CC BY-SA 4.0

অন্য পঞ্জিকাত ব'হাগৰ সমসাময়িক মাহ

অসমীয়া পঞ্জিকাত চ'ত মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত মাৰ্চ আৰু এপ্ৰিল হয়। চ'ত ১৪ বা ১৫ মাৰ্চত আৰম্ভ হয় আৰু এপ্ৰিলৰ মধ্যলৈকে থাকে।৪ চ'ত মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত ফাল্গুন মাহ চলি থাকে।৫

উৎসৱ পৰ্ব আদি

২০২০চন অনুসৰি

তথ্যসূত্ৰ

  1. ↑ hindupad.com/assamese-months/
  2. ↑ বৰকটকী কোম্পানী, যোৰহাট
  3. ↑ hindupad.com/assamese-months/
  4. ↑ বৰকটকী কোম্পানী, যোৰহাট
  5. ↑ hindupad.com/assamese-months/

সম্পৰ্কিত শ্ৰেণী

অসমীয়া মাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চ'ত” প্ৰবন্ধৰ সংশোধন ৫৮৯৬৯৬ (১৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।