অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অন্নপূৰ্ণা (দেৱী)

অন্নপূৰ্ণা (अन्नपूर्णा, অৰ্থ: 'খাদ্যৰে পূৰ্ণ') হৈছে খাদ্য আৰু পুষ্টিৰ সৈতে জড়িত হিন্দু ধৰ্মৰ দেৱী। ভৰতচন্দ্ৰ ৰয়ে লিখা বঙালী কবিতা 'অন্নদা মঙ্গল'ত দেৱীগৰাকীক খুব প্ৰশংসা কৰা হৈছে। অন্নপূৰ্ণা সহস্ৰনামত দেৱীগৰাকীক এহাজাৰটা নামেৰে আৰু অন্নপূৰ্ণা শতনামত ১০৮টা নামেৰে স্মৰণ কৰা হৈছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৩৩ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অন্নপূৰ্ণা (अन्नपूर्णा, অৰ্থ: 'খাদ্যৰে পূৰ্ণ') হৈছে খাদ্য আৰু পুষ্টিৰ সৈতে জড়িত হিন্দু ধৰ্মৰ দেৱী। হিন্দু ধৰ্মত পূজা-পাৰ্বণৰ উপৰিও ভগৱান প্ৰতি খাদ্যবস্তু ভোগ হিচাপে আগবঢ়োৱা হয়। সেয়ে দেৱী অন্নপূৰ্ণাক জনপ্ৰিয় দেৱী হিচাপে গণ্য কৰা হয়। তেওঁ হৈছে শিৱৰ পত্নী পাৰ্বতীৰ আন এটা ৰূপ।১ ভৰতচন্দ্ৰ ৰয়ে লিখা বঙালী কবিতা 'অন্নদা মঙ্গল'ত দেৱীগৰাকীক খুব প্ৰশংসা কৰা হৈছে। অন্নপূৰ্ণা সহস্ৰনামত দেৱীগৰাকীক এহাজাৰটা নামেৰে আৰু অন্নপূৰ্ণা শতনামত ১০৮টা নামেৰে স্মৰণ কৰা হৈছে।

তেখেতৰ নামেৰে নিৰ্মাণ কৰা কেইবাটাও মন্দিৰ বৰ্তমান বিদ্যমান। আটাইতকৈ গুৰুত্বপূৰ্ণ মন্দিৰটো হৈছে বাৰাণসীৰ অন্নপূৰ্ণা দেৱী মন্দিৰ। অক্ষয় তৃতীয়া দেৱীগৰাকীৰ জন্মদিন হিচাপে বিশ্বাস কৰা হয় আৰু সেই দিনটো মঙ্গলময় হিচাপে বিবেচনা কৰি সোণৰ গহনা ক্ৰয় কৰা হয়।২

নামৰ উৎপত্তি

অন্নপূৰ্ণা এটা সংস্কৃত ভাষা শব্দ যাৰ অৰ্থ হৈছে খাদ্য আৰু পুষ্টিদাত্ৰী। 'অন্ন' মানে খাদ্য আৰু 'পূৰ্ণ' মানে সম্পূৰ্ণ। হিমালয় পৰ্বতত থকা অন্নপূৰ্ণা শৃংগটো দেৱীগৰাকীৰ নামেৰে নামাকৰণ কৰা বুলি বিশ্বাস কৰা হৈছে। কাৰণ দেৱীগৰাকীক পৰ্বতৰ দেৱতা হিমাৱতৰ পুত্ৰী বুলি মনা হয়।৩ দেৱীগৰাকী খাদ্যসামগ্ৰীৰ সৈতে জড়িত থকা হেতুকে পশ্চিমীয়া দেশত দেৱীগৰাকীক 'হিন্দু ৰন্ধন কলা'ৰ দেৱী বুলি কোৱা হয়।৪

মহত্ত্ব

অন্নপূৰ্ণাই শিৱক খাদ্য প্ৰদান কৰিছে
অন্নপূৰ্ণাই শিৱক খাদ্য প্ৰদান কৰিছেছবি: Unknown author · Public domain

এদিনাখন ভগৱান শিৱ আৰু দেৱী পাৰ্বতীয়ে ভৌতিক জগতৰ বিষয়ে এখন তৰ্কযুদ্ধত লিপ্ত হ'ল। শিৱই ক'লে যে ভৌতিক জগতৰ সকলো বস্তু আনকি খাদ্যও হৈছে এক বিভ্ৰমহে মাথোন। এই কথাত পাৰ্বতী যিয়ে ভৌতিক জগতখন পৰিচালনা কৰি আছে ক্ষুণ্ণ হৈ পৰিল। গতিকে তেওঁ নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ঠাইতেই অন্তৰ্ধান হৈ পৰিল।

পাৰ্বতীৰ অন্তৰ্ধান হোৱাৰ লগে লগে পৃথিৱীত খাদ্যৰ খুবেই নাটনি হ'ল। শিৱৰ অনুগামীসকলে তেওঁৰ ওচৰত খাদ্য বিচাৰি হাঁহাকাৰ কৰিবলৈ ধৰিলে। কিন্তু খাদ্য পোৱা নগ'ল। অৱশেষত শিৱ আৰু তেওঁৰ অনুগামীসকলে জানিব পাৰিলে যে বাৰাণসীত থকা এটা পাকঘৰত তেতিয়াও খাদ্য সঞ্চিত হৈ আছে।

শিৱ বাৰাণসীলৈ খাদ্য বিচাৰি গ'ল। কিন্তু সেই বিশেষ পাকঘৰটো দেখি তেওঁ খুবেই আচৰিত হ'ল। কাৰণ সেই পাকঘৰটো আছিল দেৱী পাৰ্বতীৰ। তেওঁ বেঙুনীয়া ৰঙৰ কাপোৰ আৰু পাতলভাৱে সজ্জিত অলঙ্কাৰেৰে বিভূষিতা হৈ আছিল। তেওঁ এখন আসনত উপৱিষ্টা হৈ ভোকাতুৰ জনসাধাৰণক অন্ন বিলাই আছিল। এইদৰে তেওঁ শিৱক বুজাই দিছিল যে শিৱ হয়তো ভোকৰ পৰা মুক্ত কিন্তু তেওঁৰ অনুগামীসকল নহয়।৫

শাৰীৰিক অৱয়ব

ধৰ্মীয় গ্ৰন্থসমূহত অন্নপূৰ্ণা দেৱীক চন্দ্ৰমাৰ দৰে গোল মুখ, তিনিটা চকু আৰু চাৰিখন হাতেৰে সৈতে এগৰাকী কম বয়সীয়া দেৱীৰূপে বৰ্ণনা কৰা হৈছে। তলফালৰ বাওঁহাতখনত সুস্বাদু খাদ্যৰে ভৰপূৰ এটা কলহ আৰু সোঁহাতখনত এখন ডাঙৰ হেতা আছে। বাকী দুখন হাত অভয় আৰু বৰদা মুদ্ৰাত আছে। তেওঁৰ শৰীৰত বিভিন্ন ধৰণৰ সোণৰ অলঙ্কাৰ আছে। তেওঁ এখন আসনত বহি থাকে আৰু তেওঁৰ শিৰত চন্দ্ৰ বিৰাজমান।৬

তথ্যসূত্ৰ

  1. ↑ P. 2001, p. 13
  2. ↑ Nanu, Narendra. (6 May 2011). TOPSHOTS An Indian customer looks at a selection of white gold... Getty Images
  3. ↑ Osan, Gurinder. (28 August 2002). An Indian mystic, seeking his goddess, goes the hard way in the Himalayas. AP Worldstream
  4. ↑ (5 January 2008). Your Life: Currying Flavor; Zafron, Lisburn Road, Belfast food and drink. The Mirror
  5. ↑ P. 2001, p. 17
  6. ↑ P. 2001, p. 19

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্নপূৰ্ণা (দেৱী)” প্ৰবন্ধৰ সংশোধন ৩৭৯৬৮৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।