অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গুড ফ্ৰাইডে

গুড ফ্ৰাইডে বিশ্বৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। পৰম্পৰাগত বিশ্বাস অনুসৰি এইদিনা প্ৰভু যিশুক ক্ৰুছবদ্ধ কৰা হৈছিল আৰু সেই অৱস্থাত কালভেৰিত তেওঁৰ মৃত্যু হৈছিল। ই পৱিত্ৰ সপ্তাহৰ পাশ্চাল ত্ৰিদোম অৰ্থাৎ যিশুৰ ক্ৰুছবদ্ধ কৰা, কবৰ দিয়া আৰু পুনৰ জীৱিত হোৱা তিনিটা মূল ঘটনাৰ অংশ।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গুড ফ্ৰাইডে বিশ্বৰ খ্ৰীষ্টধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ।১২ পৰম্পৰাগত বিশ্বাস অনুসৰি এইদিনা প্ৰভু যিশুক ক্ৰুছবদ্ধ কৰা হৈছিল আৰু সেই অৱস্থাত কালভেৰিত তেওঁৰ মৃত্যু হৈছিল। ই পৱিত্ৰ সপ্তাহৰ পাশ্চাল ত্ৰিদোম অৰ্থাৎ যিশুৰ ক্ৰুছবদ্ধ কৰা, কবৰ দিয়া আৰু পুনৰ জীৱিত হোৱা তিনিটা মূল ঘটনাৰ অংশ। গুড ফ্ৰাইডেৰ পৰৱৰ্তী দেওবাৰে ইষ্টাৰ পালন কৰা হয়। ই প্ৰায়ে ইহুদী সকলৰ উৎসৱ 'পাছঅভাৰ'ৰ লগত একে দিনত উদযাপিত হয়। ইয়াক পৱিত্ৰ শুক্ৰবাৰ, মহান শুক্ৰবাৰ আৰু ক'লা শুক্ৰবাৰ হিচাপেও অভিভীত কৰা হয়।৩৪৫

খ্ৰীষ্টান ধৰ্মৰ বিভিন্ন শাখা যেনে, অংগলিকান, কেথলিক, পূব অৰ্থডক্স লুথাৰন, অৰিইণ্টেল অৰ্থডক্স, আৰু ৰীফৰ্ম সকলে পাৰম্পৰিক ভাবে গুড ফ্ৰাইডে উদযাপন কৰে। এইদিনা সকলোৱে গীৰ্জা ঘৰলৈ গৈ ব্ৰত উপাসনা আদি পালন কৰে।৬

গুড ফ্ৰাইডেৰ দিন প্ৰতি বছৰে সলনি হয়। পূব আৰু পশ্চিম খ্ৰীষ্টান ধৰ্মত ইষ্টাৰ আৰু গুড ফ্ৰাইডে উদযাপনৰৰ দিনৰ পাৰ্থক্য আছে। গুড ফ্ৰাইডে পৃথিৱীৰ বিভিন্ন দেশত ৰাষ্ট্ৰীয় ছুটীৰ দিন।৭ কিছুমান দেশত যেনে জাৰ্মানীত গুড ফ্ৰাইডে উদযাপন কৰাত কিছুমান নিষেধাজ্ঞা আছে। উৎসৱৰ গাম্ভীৰ্যতাৰ বাবে এইদিনা নৃত্য কৰা আৰু ঘোঁৰা দৌৰ অনুষ্ঠিত কৰা নিষেধ। ভাৰতত গুড ফ্ৰাইডে ৰাষ্ট্ৰীয় ছুটিৰ দিন।৮৯

নামৰ উৎপত্তি

গুড ফ্ৰাইডে নামৰ নামৰ গুড শব্দটো 'গড'(God)ৰ অপভ্ৰংশ বুলি কোৱা হয়। খ্ৰীষ্টান ধৰ্মৰ মতে গড হৈছে ঈশ্বৰ। বৰ্তমান এই গুড শব্দয়ে 'পৱিত্ৰ' অৰ্থত ব্যৱহাৰ হৈছে। সেয়ে গুড ফ্ৰাইডেক পৱিত্ৰ শুক্ৰবাৰ বুলিও কোৱা হয়।১০ সেইদৰে অক্সফোৰ্ড অভিধানৰ মতে গুড শব্দটো পৱিত্ৰ সপ্তাহৰ দিনবোৰৰ আগত ব্যৱহাৰ কৰা হয় বুলি কোৱা হৈছে।১১

তথ্যসূত্ৰ

  1. ↑ Good Friday 2018 in US, UK, Canada, Australia, India · Friday 30 March 2018. www.goodfriday2018.tk
  2. ↑ Good Friday 2018. www.goodfriday2018.tk
  3. ↑ The Chambers Dictionary. Allied Publishers. পৃ. 639. ISBN 978-81-86062-25-8
  4. ↑ Elizabeth Webber; Mike Feinsilber. (1999). Merriam-Webster's Dictionary of Allusions. Merriam-Webster. পৃ. 67. ISBN 978-0-87779-628-2
  5. ↑ Franklin M. Segler; Randall Bradley. (1 October 2006). Christian Worship: Its Theology And Practice. B&H Publishing Group. পৃ. 226. ISBN 978-0-8054-4067-6
  6. ↑ Ripley, George; Dana, Charles Anderson. (1883). The American Cyclopaedia: A Popular Dictionary for General Knowledge. D. Appleton and Company. পৃ. 101
  7. ↑ (1868). Harper's New Monthly Magazine, Volume 36, Issue 214. Harper & Brothers. পৃ. 521
  8. ↑ Petre, Jonathan. (March 21, 2008). Good Friday gambling angers churches. The Telegraph
  9. ↑ Stevens, Laura. (March 29, 2013). In Germany, Some Want to Boogie Every Day of the Year. The Wall Street Journal
  10. ↑ (2014-04-04). Good Friday - Definition of Good Friday. Yourdictionary.com
  11. ↑ Home: Oxford English Dictionary. Oed.com

সম্পৰ্কিত শ্ৰেণী

উৎসৱখ্ৰীষ্টান ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুড ফ্ৰাইডে” প্ৰবন্ধৰ সংশোধন ৩৮৪৯৮৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।