অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভট্টদেৱ

ভট্টদেৱ (Bhattadeva, ১৫৫৮ – ১৬৩৮) অসমৰ শঙ্কৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম। ভট্টদেৱে সমসাময়িক সাহিত্যৰ প্ৰচলিত মাধ্যম পৰিহাৰ কৰি নতুন মাধ্যম এটা গ্ৰহণ কৰিবলৈ আগবঢ়াত যথেষ্ট সাহসৰ পৰিচয় দিছিল। সেয়ে এওঁকেই প্ৰকৃতাৰ্থত অসমীয়া গদ্য সাহিত্যৰ জনকৰূপে আখ্যায়িত কৰিব পাৰি।

হালনাগাদ: ১ আগষ্ট ২০২৬ ৩০২ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ভট্টদেৱ (Bhattadeva, ১৫৫৮ – ১৬৩৮)১ অসমৰ শঙ্কৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম। ভট্টদেৱে সমসাময়িক সাহিত্যৰ প্ৰচলিত মাধ্যম পৰিহাৰ কৰি নতুন মাধ্যম এটা গ্ৰহণ কৰিবলৈ আগবঢ়াত যথেষ্ট সাহসৰ পৰিচয় দিছিল। সেয়ে এওঁকেই প্ৰকৃতাৰ্থত অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) গদ্য সাহিত্যৰ জনকৰূপে আখ্যায়িত কৰিব পাৰি।২

ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা চমুকৈ বৈকুণ্ঠনাথ ভট্টাচাৰ্য।৩ খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ (বৰ্তমান বৰপেটা জিলাৰ বিচানকুছি) অন্তৰ্গত বিজনকুছিত জন্ম হয়। এওঁৰ পিতৃৰ নাম চন্দ্ৰ ভাৰতী। সেই কালৰ মানুহে তেওঁক ব্যাসৰ অৱতাৰ হেন জ্ঞান কৰিছিল। তেওঁ পাটবাউসী সত্ৰ আৰু ব্যাসকুছি সত্ৰ স্থাপন কৰে। ইয়াতেই ১৫৬০ শক ইং ১৬৩৮ খ্ৰীষ্টাব্দত ভট্টদেৱে ইহলীলা সম্বৰণ কৰে।২

সাহিত্যিক অৱদান

দামোদৰদেৱে পৰীক্ষিতনাৰায়ণৰ ৰাজৰোষত পৰি কামৰূপ ৰাজ্য এৰি কোচ বিহাৰ ৰাজ্যলৈ যোৱাৰ সময়ত ভট্টদেৱেক আন আন উপদেশৰ লগতে কথা ৰূপে এখন ভাগৱত ৰচনা কৰিবলৈ কয়। সেইমতেই ভট্টদেৱে টীকাভাষ্য অনুসৰণ কৰি প্ৰথম স্কন্ধ ৰচনা কৰি দামোদৰ দেৱক দেখুওৱাত দামোদৰদেৱে বিশদ আৰু ব্যাপক আলোচনাৰে নিলিখি চমু আৰু সৰল কথাৰূপে দিবলৈ কয়। এই মৰ্মে ভট্টদেৱে ভাগৱতৰ সাৰমৰ্ম 'কথা-ভাগৱত' ৰচনা কৰে। ইয়াৰ পিছত ভট্টদেৱে 'কথা গীতা', 'কথা-ৰত্নাৱলী' আদি গ্ৰন্থ ৰচনা কৰে।২

বিভিন্ন গ্ৰন্থসমূহ

  • কথা গীতা৩
  • কথা-ভাগৱত৩
  • কথা ৰত্নাৱলী৩
  • শৰণমালিকা৩
  • গুৰুবংশাৱলী৩
  • প্ৰসঙ্গমালা
  • ভক্তিসাৰ (সংস্কৃত ভাষাত ৰচিত)১
  • ভক্তিবিবেক (সংস্কৃত ভাষাত ৰচিত)১('ভক্তিবিবেক' পুথিখনি প্ৰাচীন অসমীয়ালৈ অনুবাদ কৰিছিল চলিহা বাৰেঘৰ সত্ৰৰ তৃতীয়গৰাকী ধৰ্মাচাৰ্য (সত্ৰাধিকাৰ) শ্ৰীশ্ৰী শ্ৰীৰামদেৱে। ১৬৪৭ শকত এই অনুবাদ পুথিখনি সম্পূৰ্ণ কৰা হৈছিল।)

উপাধি, সন্মান

ভট্টদেৱক ভাগৱতত ব্যুত্পত্তি আৰু ব্যাখ্যাত অসাধাৰণ ক্ষমতা দেখি পণ্ডিতসমাজে,ওঁক কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য এই দুটা উপাধিৰে বিভূষিত কৰিছিল।

ভট্টদেৱৰ গদ্যৰ))ীতি

তিনিখন (কথা-ভাগৱত, কথা গীতা, কথা-ৰত্নাৱলী) অতি প্ৰসিদ্ধ আৰু তত্ত্বপ্ৰধান সংস্কৃত শাস্ত্ৰ অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰিলেও ভট্টদেৱে দৈনন্দিন কথ্যভাষাক গ্ৰহণ কৰা নাছিল। কথ্যভাষাৰে এটা সাধু আৰু গম্ভীৰ ৰূপ গ্ৰহণ কৰিছিল। কিন্তু কথা ভাগৱতৰ ঠায়ে ঠায়ে তেওঁৰ ৰীতি ছন্দবন্ধী হৈ পৰিছে। বাক্যবোৰ অন্ত্যনুপ্ৰাসযুক্ত আৰু শব্দাবিন্যাস ৰীতি সমযুক্ত হৈছে। ভট্টদেৱৰ বাক্যত শব্দবিন্যাসৰ প্ৰণালী নিখুঁত আৰু ব্যাকৰণ প্ৰয়োগত বিশুদ্ধ। বাক্যবোৰ চুটি চুটি আৰু সংস্কৃতীয়া প্ৰভাৱৰ পৰা মুক্ত। তত্সম আৰু তদ্ভৱ শব্দ প্ৰয়োগৰ সমতা ৰক্ষা কৰি তেওঁ বাক্যবোৰ ৰচনা কৰিছে।

অসমীয়া গদ্যক গধুৰ ভাৱ-প্ৰকাশৰ বাহক ৰূপে ব্যৱহাৰ কৰাৰ বাবে অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভট্টদেৱৰ বিশেষ স্থান আছে।

তথ্যসূত্ৰ

  1. ↑ Bhattadev. vedanti.com
  2. ↑ ড॰ সত্যেন্দ্ৰনাথ শৰ্মা. (১৯৯৬). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰতিমা দেৱী. পৃ. ১৫৮-১৫৯
  3. ↑ Parmita Borah. Eminent Personalities of Assam. creative.sulekha.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভট্টদেৱ” প্ৰবন্ধৰ সংশোধন ৬২২৩১২ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।