অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গুড়ি পড়ৱা

গুড়ি পড়ৱা ভাৰতীয় বসন্তউৎসৱ আৰু মাৰাঠী আৰু কংকনী হিন্দু ধৰ্মাৱলম্বী সকলৰ পাৰম্পৰিক নৱবৰ্ষ। গুড়ি পড়ৱা ঘাইকৈ মহাৰাষ্ট্ৰ আৰু গোৱাত চৈত্ৰ মাহৰ শুক্ল প্ৰতিপদ তিথিত পালন কৰা হয়। চ'ত মাহৰ শুক্ল প্ৰতিপদ তিথি সৌৰচন্দ্ৰ হিন্দী দিনপঞ্জীৰ প্ৰথম দিন। পড়ৱা শব্দটো সংস্কৃত শব্দ প্ৰতিপদাৰ পৰা আহিছে।

হালনাগাদ: ১৪ মাৰ্চ ২০২১ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গুড়ি পড়ৱা ভাৰতীয় বসন্তউৎসৱ আৰু মাৰাঠী আৰু কংকনী হিন্দু ধৰ্মাৱলম্বী সকলৰ পাৰম্পৰিক নৱবৰ্ষ।১ গুড়ি পড়ৱা ঘাইকৈ মহাৰাষ্ট্ৰ আৰু গোৱাত চৈত্ৰ মাহৰ শুক্ল প্ৰতিপদ তিথিত পালন কৰা হয়। চ'ত মাহৰ শুক্ল প্ৰতিপদ তিথি সৌৰচন্দ্ৰ হিন্দী দিনপঞ্জীৰ প্ৰথম দিন। পড়ৱা শব্দটো সংস্কৃত শব্দ প্ৰতিপদাৰ পৰা আহিছে। চন্দ্ৰমাহৰ প্ৰথম দিনক প্ৰতিপদা বোলা হয়। কেইদিনা মজিয়াত বিভিন্ন সুন্দৰ নক্সাৰ ৰংগলী বনোৱা হয়, ফুলৰ মালা, আম আৰু নিম পাতেৰে ৰূপ বা তামৰ পাত্ৰ সজোৱা হয়, বিশেষ গুড়ি পতাকা প্ৰদৰ্শিত কৰা হয় ইয়াৰ লগতে শোভাযাত্ৰা নৃত্য-গীত আৰু প্ৰীতিভোজৰ আয়োজন কৰা হয়।১২

এইদিনা তেলেগু আৰু কানাড়া হিন্দু সকলে উগাদি পালন কৰে। ইয়াৰ লগতে কিছুমান অঞ্চলত এইদিনা বেলেগ বেলেগ নামেৰে নৱবৰ্ষ পালন কৰে। সিন্ধী সম্প্ৰদায়ৰ লোকসকলে এইদিনা চেটি চান্দ হিচাপে ভগৱান ঝুলেলালৰ আৱিৰ্ভাৱ তিথি পালন কৰে। চেতি চান্দত ঝুলেলালৰ পূজা-অৰ্চনা কৰা হয় আৰু টেহৰী (মিঠা ভাত) আৰু শাই ভাজা (দাইলত দিয়া পালেং শাক) প্ৰস্তুত কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Roshen Dalal. (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃ. 150. ISBN 978-0-14-341421-6
  2. ↑ Gudi Padwa, Government of Maharashtra (2016)

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুড়ি পড়ৱা” প্ৰবন্ধৰ সংশোধন ২৬৭৭০৬ (১৪ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।