আক্কিনেনী শ্ৰীকৰ প্ৰসাদ ( Akkineni Sreekar Prasad; জন্ম:১২ মাৰ্চ ১৯৬৩) এজন ভাৰতীয় চলচ্চিত্ৰ সম্পাদক।১ তেওঁ মূলতঃ তামিল ভাষা, তেলুগু ভাষা, মালয়ালম ভাষা আৰু হিন্দী ভাষা ভাষাৰ চলচ্চিত্ৰত কাম কৰিছে। তেওঁ অসংখ্য বঁটা লাভ কৰিছে, যাৰ ভিতৰত উল্লেখনীয়- ৮টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ৫টা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, দুটা ফিল্মফেয়াৰ বঁটা আৰু ২টা নন্দী বঁটা। বিভিন্ন ভাষাৰ ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে লিমকা বুক অফ ৰেকৰ্ডচত বছৰটোৰ ব্যক্তি-২০১৩ হিচাপে তেওঁৰ নাম অন্তৰ্ভূক্ত হৈছে।২৩ তেওঁ লিমকা বুক অফ ৰেকৰ্ডচৰ সকলোতকৈ অধিক ভাষাত চলচ্চিত্ৰ সম্পাদনা কৰাৰ কৃতিত্বৰো অধিকাৰী। তেওঁ অসমীয়াকে ধৰি ১৭টাতকৈও অধিক ভাষাৰ ছবি সম্পাদনা কৰিছে।৪
ব্যক্তিগত আৰু কৰ্ম জীৱন
এটা তেলেগুভাষী পৰিয়ালত শ্ৰীকৰ প্ৰসাদৰ জন্ম হৈছিল। তেওঁৰ দেউতাক তেলেগু চলচ্চিত্ৰৰ শীৰ্ষস্থানীয় ব্যক্তি এল ভি প্ৰসাদৰ ভাতৃ, চলচ্চিত্ৰ সম্পাদক তথা পৰিচালক আক্কিনেনী সঞ্জীৱী।৫ শ্ৰীকৰ প্ৰসাদ মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ সাহিত্যৰ স্নাতক আছিল। তেওঁ দেউতাকৰ পৰা চলচ্চিত্ৰ সম্পাদনাৰ কলা-কৌশল শিকিছিল।৬ যদিও তেওঁ তেলুগু ভাষা চলচ্চিত্ৰৰে কৰ্মজীৱনৰ পাতনি মেলিছিল, মালয়ালম ভাষা আৰু তামিল ভাষা ভাষাৰ চলচ্চিত্ৰৰ যোগে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতিলাভ কৰিছিল। দুই দশকজোৰা কৰ্মজীৱনত তেওঁ সাতটাকৈ শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু লগতে এটা বিশেষ জুৰী বঁটা (পূৰ্ণদৈৰ্ঘ্য ছবি) লাভ কৰিছে।৭ তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবি হ’ল- য়োদ্ধা (১৯৯২), নিৰ্ণায়ম (১৯৯৫), ৰাগ-বিৰাগ (১৯৯৬) বানপ্ৰস্থম (১৯৯৯), আলায়পালুথে (২০০০), দিল চাহতা হ্যায় (২০০১), কান্নাথিল মুথুমিট্টল (২০০২), ওক্কাডু (২০০৩), আয়থা এঝুথু (২০০৪), নৱৰস (২০০৫), গুৰু (২০০৭), বিল্লা (২০০৭), ফিৰাক (২০০৮), তলৱাৰ (২০১৫) আদি।
অসমৰ চলচ্চিত্ৰৰ সৈতে সম্পৰ্ক
শ্ৰীকৰ প্ৰসাদে বহুকেইখন অসমীয়া আৰু অসমৰ জনজাতীয় ভাষাত নিৰ্মাণ কৰা চলচ্চিত্ৰৰ সম্পাদনাৰ কাম কৰিছিল। সেইবোৰ হ’ল:
- অভিমান (১৯৯০)
- ৱশ্ব'বিপো (১৯৯০)
- প্ৰভাতী পখীৰ গান (১৯৯২)
- হলধৰ (১৯৯৩)
- মীমাংসা (১৯৯৪)
- ৰাগ-বিৰাগ (১৯৯৬)
- অদাহ্য (১৯৯৬)
- হিয়া দিয়া নিয়া (২০০০)
- তুমি মোৰ মাথোঁ মোৰ (২০০০)
- নায়ক (২০০১)
- দাগ (২০০১)
- কন্যাদান (২০০২)
- আকাশীতৰাৰ কথাৰে (২০০৩)
- জুয়ে পোৰা সোণ (২০০৪)
- লাজ (২০০৪)
- হৃদয় কঁপোৱা গান (২০০৪)
- বাৰুদ (২০০৪)
- আই ক'ত নাই (২০০৯)
- ৰামধেনু (২০১১)
- ক: য়াদ (২০১৪)
- ডাও হুদুনি মেথাই (২০১৫)
- ঈশ্বু (২০১৭)
বঁটা
| ;ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা * ১৯৮৯: শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- ৰাখ * ১৯৯৭: শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-ৰাগ-বিৰাগ * ১৯৯৭: নন-ফিচাৰ ছবিৰ শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- নৌকা চৰিত্ৰমু * ১৯৯৮: শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-দ্য টেৰোৰিষ্ট * ২০০০: শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-বানপ্ৰস্থম * ২০০২: শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- কান্নাথিল মুথামিট্টল * ২০০৮: শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- ফিৰাক * ২০১০: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-জুৰীৰ বিশেষ উল্লেখ- কুট্টি শ্ৰেংক, কমিনে, পাঝাচ্চি ৰাজা।;ফিল্মফেয়াৰ বঁটা * ২০০২: শ্ৰেষ্ঠ সম্পাদনাৰ ফিল্মফেয়াৰ বঁটা- দিল চাহটা হ্যায়৮ * ২০১০: শ্ৰেষ্ঠ সম্পাদনাৰ ফিল্মফেয়াৰ বঁটা- ফিৰাক৯;নন্দী বঁটা * ২০০০: শ্ৰেষ্ঠ সম্পাদনাৰ নন্দী বঁটা- মনোহৰম * ২০০৩: শ্ৰেষ্ঠ সম্পাদনা- ওক্কাডু | ;কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা * ১৯৯২: শ্ৰেষ্ঠ সম্পাদনাৰ কেৰালা ৰাজ্যিক বঁটা- য়োদ্ধা * ১৯৯৯: শ্ৰেষ্ঠ সম্পাদনা - কৰুণম * ২০০১: শ্ৰেষ্ঠ সম্পাদনা - শেষম' * ২০০৫: শ্ৰেষ্ঠ সম্পাদনা - আনন্দভদ্ৰম * ২০০৯: শ্ৰেষ্ঠ সম্পাদনা - পাঝাচ্চি ৰাজা;বিজয় বঁটা *২০০৭: শ্ৰেষ্ঠ সম্পাদনা - কাট্ৰাধু থামিঝ * ২০০৯: শ্ৰেষ্ঠ সম্পাদনা - য়াৱৰুম নলম;অন্যান্য বঁটা * ২০০৮: ডুবাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা- ফিৰাক''১০ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ 57th National Film Awards. International Film Festival of India
- ↑ (11 April 2013). Southern stars in Limca Book of Records. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ A SREEKAR PRASAD. Limca Book of Records
- ↑ Film editor Sreekar Prasad enters the Limca Book of Records. The New Indian Express
- ↑ Interview with K. B. Tilak at Cinegoer.com
- ↑ Sudhish Kamath. (18 March 2011). Life & Style / Metroplus: The Saturday Interview - A cut above. দ্য হিন্দু
- ↑ Subha J Rao. (23 October 2010). Arts / Cinema: Master of montage. দ্য হিন্দু
- ↑ Filmfare Awards Winners 2002: Complete list of winners of Filmfare Awards 2002. timesofindia.indiatimes.com
- ↑ Filmfare Awards Winners 2010: Complete list of winners of Filmfare Awards 2010. timesofindia.indiatimes.com
- ↑ Sreekar Prasad, Deepa Mehta bag Dubai awards. Rediff
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এ শ্ৰীকৰ প্ৰসাদ” প্ৰবন্ধৰ সংশোধন ৬৩৯৫০৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।