অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মীমাংসা (চলচ্চিত্ৰ)

মীমাংসা (Mimanxa, The Verdict...) হৈছে সঞ্জীৱ হাজৰিকাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। নিৰ্মালী আৰ্টছৰ বেনাৰত নিৰ্মাণ সম্পন্ন হোৱা ছবিখন ১৯৯৪ চনত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছিল। ছবিখনৰ কাহিনী লিখিছিল সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে। ছবিখনে ১৯৯৮ চনত মুক্তি লাভ কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৩ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

মীমাংসা (Mimanxa, The Verdict...) হৈছে সঞ্জীৱ হাজৰিকাৰ দ্বাৰা পৰিচালিত এখন অসমৰ চলচ্চিত্ৰ। নিৰ্মালী আৰ্টছৰ বেনাৰত নিৰ্মাণ সম্পন্ন হোৱা ছবিখন ১৯৯৪ চনত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছিল। ছবিখনৰ কাহিনী লিখিছিল সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে। ছবিখনে ১৯৯৮ চনত মুক্তি লাভ কৰে। আনহাতে ১৯৯৭ চনৰ ২৩ ফেব্ৰুৱাৰীত ছবিখন দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হয়। ১

কাহিনী

ছবিৰ কাহিনী সুশীলা নামৰ এগৰাকী অশিক্ষিত বিধৱাৰ। গাঁৱৰ ধনী মানুহ হৰেকৃষ্ণ বৰুৱাই তেওঁক নিৰ্যাতন কৰাৰ প্ৰতিবাদকল্পে সুশীলাই নিম্ন আদালতত এটা গোচৰ তৰে। কিন্তু ভাৰতীয় আইনী ব্যৱস্থাৰ জটিলতাই সুশীলাক বিভ্ৰান্ত কৰে। ইপিনে প্ৰতিশোধ লোৱাৰ মানসেৰে নিৰ্যাতনকাৰী হৰেকৃষ্ণ বৰুৱাইও সুশীলাৰ বিৰুদ্ধে গোচৰ তৰে আৰু উপায়ন্তৰ হৈ সুশীলাই জামিন বিচাৰিবলৈ বাধ্য হয়। কিন্তু সুশীলাক জামিনত মোকলাই অনা ব্যক্তিজনে তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন কৰে আৰু কৰ্তৃত্ব চলোৱাৰ অপচেষ্টা কৰে। পিছে সুশীলাই নিজৰ সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰি নিজাববীয়া যুঁজ চলাই যায়; যিখন যুঁজত হৰেকৃষ্ণ বৰুৱাৰ লগত থকা বিক্ৰম নামৰ যুৱকজনৰ লগত আন একাংশ ভাল মানুহেও সহায় কৰিবলৈ ওলাই আহে। ১

অভিনয়-শিল্পী

ছবিখনত অভিনয় কৰা কেইগৰাকীমান শিল্পী হৈছে-

অন্যান্য কলা-কুশলী

  • বেনাৰ- নিৰ্মালী আৰ্টছ
  • কাহিনী- নিৰুপমা বৰগোহাঞি
  • পৰিচালনা- সঞ্জীৱ হাজৰিকা
  • প্ৰযোজনা- জয়ন্ত হাজৰিকা, মহাদেৱ বৰকটকী
  • চিত্ৰনাট্য, সংলাপ- ৰঞ্জিত শৰ্মা
  • সংগীত- শ্বেৰ চৌধুৰী
  • সম্পাদনা- এ শ্ৰীকৰ প্ৰসাদ
  • চিত্ৰগ্ৰহণ- মৃণাল কান্তি দাস
  • শব্দগ্ৰহণ- কৌশিক নাথ, তৰুণ বৰা
  • কলা নিৰ্দেশনা- ফটিক বৰুৱা

সন্মান

ছবিখন ১৯৯৪ চনৰ ভাৰতীয় পেনোৰামাৰ কাহিনীচিত্ৰ শাখালৈ নিৰ্বাচিত হৈছিল।২

তথ্যসূত্ৰ

  1. ↑ দাস, অৰুণলোচন. (নৱেম্বৰ, ২০১৩). এশ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শিশু-শশী প্ৰকাশন. পৃ. ৪১৭, ৪১৮
  2. ↑ docs.google.com/spreadsheets/d/1cLKgr_S6HVny5viq

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমৰ ছবিভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবি১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৯৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীমাংসা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৭৫৭৩৭ (২৬ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।