তেলুগু ব্যক্তি
৯ প্ৰবন্ধ
-
নানী (অভিনেতা)
ঘণ্টা নবীন বাবু (Ghanta Naveen Babu; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৮৪), পেছাদাৰীভাৱে তেওঁৰ পৰ্দা নাম নানীৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু টেলিভিছন উপস্থাপক। তেওঁ প্ৰধানকৈ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে।
-
এ শ্ৰীকৰ প্ৰসাদ
আক্কিনেনী শ্ৰীকৰ প্ৰসাদ ( Akkineni Sreekar Prasad; জন্ম:১২ মাৰ্চ ১৯৬৩) এজন ভাৰতীয় চলচ্চিত্ৰ সম্পাদক। তেওঁ মূলতঃ তামিল, তেলেগু, মালায়ালম আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত কাম কৰিছে।
-
পি. ভানুমতী
পি ভানুমতী ৰামকৃষ্ণ ( P. Bhanumathi Ramakrishna;৭ ছেপ্টেম্বৰ ১৯২৫ – ২৪ ডিচেম্বৰ ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, কণ্ঠশিল্পী, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সংগীত পৰিচালক আৰু ঔপন্যাসিক। তেওঁক তেলেগু চলচ্চিত্ৰৰ প্ৰথম মহিলা ছুপাৰ ষ্টাৰ হিচাপে গণ্য কৰা হয়।
-
এল ভি প্ৰসাদ
আক্কিনেনি লক্ষ্মী ৱৰা প্ৰসাদ ৰাও ( Paidi Jairaj; ১৭ জানুৱাৰী ১৯০৭ – ২২ জুন ১৯৯৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা আৰু ব্যৱসায়ী। পেছাগতভাৱে তেওঁ এল ভি প্ৰসাদ নামেৰে পৰিচিত। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ এজন অন্যতম পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়।
-
কে শিৱ ৰেড্ডী
কে শিৱ ৰেড্ডী (K Siva Reddy) এগৰাকী ভাৰতীয় তেলেগু ভাষাৰ কবি। অন্ধ্ৰ প্ৰদেশৰ গুন্তুৰত তেওঁৰ জন্ম হৈছিল। ১৯৯৬ চনত তেওঁ তেওঁৰ কাব্য-সংকলন ‘মহানা-অ’-মহানা’ৰ বাবে তেলেগু ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
পি জয়ৰাজ
পাইদী জয়ৰাজ ( Paidi Jairaj; জন্ম ২৮ ছেপ্টেম্বৰ ১৯০৯ – ১১ আগষ্ট ২০০০) এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰৰ বাবে বিশেষভাবে পৰিচিত। তেওঁ মাৰাঠী, গুজৰাটী, তেলেগু ভাষাৰ চলচ্চিত্ৰ আৰু তেলেগু থিয়েটাৰৰ সৈতেও জড়িত আছিল।
-
কোণ্ডাপল্লি কোটেশ্বৰম্মা
কোণ্ডাপল্লি কোটেশ্বৰম্মা (Kondapalli Koteswarmma; ৫ আগষ্ট, ১৯১৮ – ১৯ ছেপ্টেম্বৰ, ২০১৮) এগৰাকী ভাৰতীয় কমিউনিষ্ট নেত্ৰী, নাৰীবাদী, বিপ্লৱী আৰু লেখিকা আছিল। ১৯১৮ চনত পামাৰুত তেওঁৰ জন্ম হৈছিল।
-
জয়াপ্ৰভা
জয়াপ্ৰভা (জন্ম: ১৯৫৭) এগৰাকী ভাৰতীয় সমালোচক আৰু কবি, যিয়ে তেলুগু ভাষাত সাহিত্য চৰ্চা কৰে। তেওঁক তেলুগু সাহিত্য সমালোচনা আৰু কবিতাত নাৰীবাদী আন্দোলনৰ এগৰাকী অগ্ৰণী ব্যক্তি হিচাপে গণ্য কৰা হয়।
-
বাণী সৰজু ৰাও
বাণী সৰজু ৰাও এজন ভাৰতীয় কেৰিয়াৰ কূটনীতিবিদ তথা তেলেংগানা ৰাজ্যৰ ৰাজধানী হায়দৰাবাদৰ ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী বিষয়া। তেওঁ ১৯৯৪ চনৰ আই এফ এছ বেচৰ সদস্য হিচাপে বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।