নায়ক হৈছে ২০০১ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক ড্ৰামা। চলচ্চিত্ৰ খন পৰিচালনা কৰিছিল মুনিন বৰুৱাই আৰু প্ৰযোজনা কৰিছিল মেৰী লস্কৰে পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। মুখ্য ভূমিকাত অভিনয় কৰিছিল যতীন বৰা, ৰবি শৰ্মা আৰু জেৰিফা ৱাহিদ। এই চলচ্চিত্ৰখনৰ বাবে মুনিন বৰুৱাই সেই বৰ্ষৰ “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটা লাভ কৰিছিল।১২
অভিনয়ত
- যতীন বৰা
- ৰবি শৰ্মা
- জেৰিফা ৱাহিদ
- পৰিণীতা বৰঠাকুৰ
- জয়ন্ত দাস
- ৰাজীৱ গোস্বামী (অসমীয়া অভিনেতা)
- পূৰবী শৰ্মা
- বিষ্ণু খাৰঘৰীয়া
- প্ৰাঞ্জল শইকীয়া
- অৰুণ হাজৰিকা
- ৰীনা বৰা
- হিৰণ্য ডেকা
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীতৰ কথা আছিল হেমন্ত দত্ত, জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীৰ। কণ্ঠশিল্পী সকল আছিল জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ, শাশ্বতী ফুকন, অৰ্ণৱ চক্ৰৱৰ্তী, শান আৰু পামেলা জৈন।
তথ্যসূত্ৰ
- ↑ (০৩ মে ২০২০). সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা-. rupaliparda.com
- ↑ (২৩ চেপ্টেম্বৰ ২০১৬). Released Assamese Feature Films. enajori.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নায়ক (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬১৯১৪৭ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।