বিজয় চৌধুৰী (Bijoy Chowdhury ওৰফে C. Bijoy) হিন্দী ছবিৰ এজন সম্পাদক আছিল। শক্তি সামন্তৰ 'এন ইভিনিং ইন পেৰিচ' ছবিৰ সহকাৰী সম্পাদকৰূপে চলচ্চিত্ৰীয় জীৱনৰ আৰম্ভণি কৰা ৰয়ে বহুকেইখন জনপ্ৰিয় হিন্দী ছবিৰ সম্পাদনা কৰিছিল। ১৯৭৭ চনত ৰাজশ্ৰী প্ৰডাকচনৰ 'বাধিকা বধূ' ছবিৰ সম্পাদনাৰ বাবে তেওঁ শ্ৰেষ্ঠ সম্পাদকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁ বহুকেইখন অসমীয়া ছবিৰ সম্পাদনা কৰাৰ উপৰিও 'কাঁচঘৰ' নামৰ ছবি এখন পীযুষ কান্তি ৰয়ৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰিছিল।১
জীৱন পৰিক্ৰমা
বিজয় চৌধুৰী গুৱাহাটী কৰা হেমেন চৌধুৰী তেওঁৰ ভাতৃ। গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ কলেজত বিএ পঢ়ি খাকোঁতে তেওঁ পুনা ফিল্ম ইনষ্টিটিউটত চলচ্চিত্ৰ সম্পাদনাৰ বিষয়ে অধ্যয়ন কৰিবলৈ অসম চৰকাৰৰ ওচৰত এটা বৃত্তিৰ বাবে আবেদন কৰে। কিন্তু চৰকাৰে নিৰাশ কৰাত তেওঁ অশেষ কষ্টৰে ১৯৬৭ত পুণেৰ পৰা সুখ্যাতিৰে সম্পাদনাৰ পাঠ্যক্ৰম সমাপ্ত কৰে। ইয়াৰ পিছত তেওঁ বলীউদলৈ গৈ শক্তি সামন্তৰ সম্পাদক ধৰমবীৰ আৰু গোবিন্দ দালৱাৰীৰ সহকাৰী হিচাপে কামত সোমায়। এন ইভিনিং ইন পেৰিচ ছবিৰ আৰম্ভণি কৰি শক্তি সামন্তৰ বহুকেইখন ছবিত তেওঁ সহকাৰী সম্পাদক হিচাপে কাম কৰে। তেওঁ আনকেইজনমান প্ৰযোজকৰ ছবিতো কাম কৰাৰ সুযোগ লাভ কৰে। চৌধুৰীৰ পাৰদৰ্শিতাত সন্তুষ্ট হৈ সামন্তই অনুৰাগ ছবিত তেওঁক মূল সম্পাদকৰ দায়িত্ব দিয়ে। ইয়াৰ পিছত তেওঁ আমনে সামনে, বৰসাত কী এক ৰাত আদি বহু জনপ্ৰিয় ছবিৰ সম্পাদনা কৰে।১ ১৯৭৭ চনত বালিকা বধূ ছবিৰ সম্পাদনাৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটা লাভ কৰে।
চলচ্চিত্ৰপঞ্জী
হিন্দী ছবি
| : সহকাৰী সম্পাদক *এন ইভিনিং ইন পেৰিচ (১৯৬৭) * আৰাধনা (১৯৬৯) * কটি পটঙ্গ (১৯৭১) * পগলা কহী কা (১৯৭০) *জানে-অনজানে (১৯৭১) *অমৰপ্ৰেম (১৯৯১) *টাঙ্গেৱালা (১৯৭২) | : পূৰ্ণপৰ্যায়ৰ সম্পাদক *অনুৰাগ (১৯৭২) *অজনবী (১৯৭৪) *অমানুষ (১৯৭৫) * মেহবুবা (১৯৭৬) *বালিকা বধূ (১৯৭৬) *আনন্দ আশ্ৰম (১৯৭৭) *অনুৰোধ (১৯৭৭) *খোৱাব (১৯৮০) | *বৰসাত কী এক ৰাত (১৯৮১) *চনচনী (১৯৮১) *আমনে সামনে (১৯৮২) *আয়াশ (১৯৮২) *মেঁ আৱাৰা হুঁ (১৯৮৩) * আৱাজ (১৯৮৪) *আৰ-পাৰ (১৯৮৫) *পলয় খান (১৯৮৬) * অহঙ্কাৰ (১৯৯৫)২১৩ |
অসমীয়া ছবি
চৌধুৰীয়ে পীযুষ কান্তি ৰয়ৰ সৈতে যুটীয়াকৈ নিৰোদ চৌধুৰীৰ কাহিনীৰ আধাৰত নিৰ্মিত কাঁচঘৰ (১৯৭৫) ছবি পৰিচালনা কৰিছিল। চৌধুৰীয়ে ছবিখনৰ সম্পাদনাও কৰিছিল। তেওঁ সম্পাদনা কৰা আন অসমীয়া ছবিবোৰ হ’ল-
- যুঁজ (১৯৯০)
- প্ৰেম জনমে জনমে (১৯৯১)
- অবুজ বেদনা (চলচ্চিত্ৰ) (১৯৯৩)
- অশান্ত প্ৰহৰ (১৯৯৪)
- একত্ৰিশ জুন (১৯৯৪)
- হৃদয়ৰ আঁৰে আঁৰে (১৯৯৪)
- পানী (১৯৯৫)
- যৌৱনে আমনি কৰে (১৯৯৮)৪
তথ্যসূত্ৰ
- ↑ ভূপেন হাজৰিকা. (1973, Original article). ফিল্ম সম্পাদক বিজয় চৌধুৰী. cinekatha.com
- ↑ BIJOY CHOWDHURY FILMOGRAPHY. cinestan.com
- ↑ Bijoy Chowdhary Filmography
- ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয় চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪১৪০৭৩ (২৫ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।