ডাও হুদুনি মেথাই (दाव हुदुनि मेथाइ, Song of the Horned Owl) হৈছে মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত ২০১৫ চনৰ বড়ো ভাষাৰ এখন চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনী ৰশ্মিৰেখা বৰাৰ অসমীয়া উপন্যাস ডাও হুদুৰ গান -ৰ ওপৰত আধাৰিত।১ চলচ্চিত্ৰখনৰ প্ৰযোজনা শংকৰ লাল গোৱাংকাৰ আৰু অভিনয় কৰিছে ৰেশমা মোছাহাৰী, অহল্যা দৈমাৰী, নীতা বসুমতাৰী আদিয়ে। ২০১৫ চনৰ ১ আৰু ২ চেপ্টেম্বৰত কানাডাৰ মণ্টৰিয়েল ৱৰ্ল্ড ফিল্ম ফেষ্টিভেলত ছৱিখনৰ প্ৰথম প্ৰদৰ্শন হয়।২
ডাও হুদুনি মেথাই-ৰ দ্বাৰা পৰিচালিকাই সাধাৰণ ৰাইজৰ মাজত অসমৰ উগ্ৰপন্থী আন্দোলনৰ প্ৰভাব এগৰাকী ধৰ্ষণৰ ভুক্তভোগী কিশোৰীৰ চকুৰে দাঙি ধৰিব প্ৰচেষ্টা কৰিছে।
কাহিনী
বড়ো জনগোষ্ঠীৰ এক লোকবিশ্বাসমতে, নিষ্পেষিত আৰু নিৰ্য্যাতিত মানুহে মৃত্যুৰ পাছত হুদু চৰাইৰ ৰূপলৈ নিজৰ ঘৰলৈ আহে আৰু গছত বহি বিনাই থাকে।৩
চলচ্চিত্ৰখনে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বড়ো জনসমাজত ঘটা সামজিক আৰু ৰাজনৈতিক পৰিবৰ্তনৰ কাহিনী দঙি ধৰে।১ বিগত ৩৫ বছৰত উত্তৰ-পূব ভাৰতত সাম্প্ৰদায়ীক সংঘৰ্ষ আৰু বিদ্ৰোহী কৰ্যকলাপত প্ৰায় ৪০,০০০ লোক নিহত হয়, যাৰ বেছিভাগেই নিৰপৰাধী জনগণ। ৰৈমালী (ৰেশমা মোছাহাৰী), এগৰাকী ধৰ্ষণৰ ভুক্তভোগী কিশোৰীৰ কাহিনী ছবিখনত বৰ্ণনা কৰা হৈছে। তাইৰ অঞ্চলত ঘটা বিদ্ৰোহী কৰ্যকলাপৰ ফলত তাই তাইৰ প্ৰেম আৰু পৰিয়াল হেৰুৱাব লগাত পৰে।২
অভিনয়ত
- ৰেশমা মোছাহাৰী (ৰৈমালী)
- জেছমীন মোছাহাৰী (সৰুকালৰ ৰৈমালী)
- অহল্যা দৈমাৰী (ৰৈমালীৰ আইতাক)
- নীত বসুমতাৰী (ৰৈমালীৰ মাক)
- অজয় কুমাৰ বড়ো (ৰৈমালী দেউতাক)
- টনি বসুমতাৰী (চানস্বৰাং)
- অঞ্জালী বডোছা (মাইনাও)
- থাম্ফি ডাং বসুমতাৰী (পানীৰাম)
প্ৰযোজনা
পৰিচালিকা মঞ্জু বৰাই এই ছবিখনৰ পৰিকল্পনা কেইবাবছৰৰ আগতেই কৰিছিল যদিও মূল চৰিত্ৰটোৰ বাবে অভিনেত্ৰীৰ বিচাৰি নোপোৱাত প্ৰযোজনাৰ কাম অৰম্ভ হোৱাত পলম হয়।৪ পাছত মঞ্জু বৰাই ৰেশমা মোছাহাৰীক ৰৈমালী চৰিত্ৰটোৰ বাবে নিৰ্বাচন কৰে আৰু ২০১৪ চনৰ শেষভাগত ছবিখনৰ চিত্ৰগ্ৰহণ কামৰূপ জিলাৰ বকো আৰু গোৱালপাৰা জিলাৰ ধুপধৰাৰ দাতিকাষৰিয়া অঞ্চল সমূহত অৰম্ভ হয়। ছবিখনৰ কিছু অংশৰ চিত্ৰগ্ৰহণ অসম-মেঘালয়ৰ সীমান্তটো কৰা হয়। চিত্ৰগ্ৰহণ মাত্ৰ ২২ দিনতে সম্পূৰ্ণ হয়। সুৰক্ষাজনীত কাৰণত চিত্ৰগ্ৰহণ খৰখেদাকৈ সমাপ্তি কৰিব লগা হয়।৫
চলচ্চিত্ৰখনৰ কাহিনী ৰশ্মিৰেখা বৰাৰ অসমীয়া উপন্যাস ডাও হুদুৰ গান -ৰ ওপৰত আধাৰিত। উপন্যাসখন মাহেকীয়া আলোচনী ভূমি-ত ২০০৯ চনত প্ৰকাশ পাইছিল।১
প্ৰদৰ্শন
ডাও হুদুনি মেথাই-ৰ প্ৰিমিয়াৰ সম্পন্ন হয় ২০১৫ চনৰ ১ আৰু ২ চেপ্টেম্বৰত কানাডাৰ মণ্টৰিয়েল ৱৰ্ল্ড ফিল্ম ফেষ্টিভেলৰ "ফকাচ অন ৱৰ্ল্ড চিনেমা" শিতানত। চলচ্চিত্ৰখন আন চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শন কৰা হয়, সেইসমূহৰ ভিতৰত জাগৰণ চলচ্চিত্ৰ মহোৎসৱ,৬ ১৭তম মুম্বাই চলচ্চিত্ৰ মহোৎসৱৰ "ইণ্ডিয়া গল্ড" শিতান,৭ অল লাইটচ্ ইণ্ডিয়া ইণ্টাৰনেছনেল চলচ্চিত্ৰ মহোৎসৱ, আৰু ২০তম কেৰালা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ৮ উল্লেখযোগ্য। ডাও হুদুনি মেথাই ৪৬তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ "ইণ্ডিয়ান পেনোৰামা" শিতানতো নিৰ্বাচিত হয়।৯১০
এক সাক্ষাৎকাৰত পৰিচালিকা মঞ্জু বৰাই ছবিখন চিত্ৰগৃহত মুক্তি লাভ নৰকে বুলি কয়। তেখেতে কয় যে চিত্ৰগৃহত মূলতঃ মুখ্যধাৰাৰ চলচ্চিত্ৰসমূহ প্ৰদৰ্শিত হয় আৰু দৰ্শকেও সেয়াই বিছাৰে। সেয়ে তেনে স্থিতি আন ভাষাৰ চলচ্চিত্ৰই সফলতা পোৱা কঠিন।৭
বঁটা-সন্মান
৬৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ডাও হুদুনি মেথাই-লৈ আঞ্চলিক ভাষাৰ শিতানৰ বড়ো ভাষা শ্ৰেষ্ঠ ছবিৰ ৰজতকমল বঁটা আগবঢ়োৱা হয়।১১ ২০১৬ চনত তেজপুৰত অনুষ্ঠিত সপ্তম প্ৰাগ চলচ্চিত্ৰ বঁটাত অনা-অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা প্ৰদান কৰা হয়।
তথ্যসূত্ৰ
- ↑ (8 December 2014). Manju Bora films new movie. The Sentinel
- ↑ Montreal World Film Festival - Dau Huduni Methai/Song of the Horned Owl
- ↑ (29 June 2015). Manju Borah’s film selected for Montreal film fest. The Assam Tribune
- ↑ (27 June 2015). Montreal honour for Bodo film. The Times of India. TNN
- ↑ (4 July 2015). Surviving in showbiz by making northeastern films: Manju Borah. Business Standard. IANS
- ↑ (22 September 2015). Jagaran Film Festival - Dau Huduni Methai/Song of the Horned Owl
- ↑ (2 November 2015). Don’t think my film will make it to theatres: Manju Borah. Indian Express. IANS
- ↑ (14 October 2015). Nine Indian movies to be screened at IFFK. The Hindu
- ↑ Indian Panorama selection of Feature & Non-Feature Films for 46th IFFI
- ↑ Konwar, Rajiv. (12 November 2015). NE shines with 3 entries - Goa film fest from Nov. 20. The Telegraph
- ↑ (28 March 2016). 63rd National Film Awards. Directorate of Film Festivals
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাও হুদুনি মেথাই” প্ৰবন্ধৰ সংশোধন ২৯১৯৯৫ (২১ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।