অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) হৈছে ভাৰতত অনুষ্ঠিত হোৱা এখন পেছাদাৰী টুৱেণ্টী২০ ক্ৰিকেট লীগ। মুম্বাইত মুখ্য কাৰ্যালয়স্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বি চি চি আই) আৰু ললিত মোদীয়ে এই লীগৰ সূচনা কৰিছিল। মোদী এই লীগৰ প্ৰথম মুৰব্বী আৰু আয়ুক্ত আছিল।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ২,৮২১ শব্দ · ১৬ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

]]

দিল্লী ডেৰডেভিল্‌ছ বনাম কিংছ XI পঞ্জাব.
দিল্লী ডেৰডেভিল্‌ছ বনাম কিংছ XI পঞ্জাব.ছবি: warrenski · CC BY-SA 2.0

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) হৈছে ভাৰতত অনুষ্ঠিত হোৱা এখন পেছাদাৰী টুৱেণ্টী২০ ক্ৰিকেট লীগ। মুম্বাইত মুখ্য কাৰ্যালয়স্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বি চি চি আই) আৰু ললিত মোদীয়ে এই লীগৰ সূচনা কৰিছিল।১২ মোদী এই লীগৰ প্ৰথম মুৰব্বী আৰু আয়ুক্ত আছিল। বি চি চি আইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লা বৰ্তমান এই প্ৰতিযোগিতাৰ মুৰব্বী আৰু আয়ুক্ত৩ ক্ৰিকেট বিশ্বৰ সকলো দেশৰে খেলুৱৈৰে সমৃদ্ধ এই প্ৰতিযোগিতাৰ বৰ্তমান দলৰ সংখ্যা ৯টা। বি চি চি আই আৰু ইণ্ডিয়ান ক্ৰিকেট লীগৰ মাজত হোৱা তৰ্ক-বিতৰ্কৰ পাছত এই লীগৰ সূচনা হৈছিল।৪

২০১০ চনত আই পি এল হৈ পৰে ইউটিউবযোগে লাইভ সম্প্ৰচাৰিত হোৱা প্ৰথম কোনো ক্ৰীড়া প্ৰতিযোগিতা।৫ পঞ্চম বৰ্ষত ইয়াৰ আনুমানিক ব্ৰাণ্ড মূল্য আছিল প্ৰায় US$ ২.৯৯ বিলিয়ন।৬ অৱশ্যে এই লীগক লৈ জুৱা, ক'লা ধনৰ ব্যৱহাৰ, স্পট ফিক্সিঙকে আদি কৰি বহুখিনি বিতৰ্ক ইতিমধ্যে হৈছে।৭৮

এই প্ৰিমিয়াৰ লীগ টুৱেণ্টী২০ ক্ৰিকেটৰ (২০ অ'ভাৰৰ ক্ৰিকেট) শ্ব'কেছ হিচাপে বিবেচিত হৈ আহিছে। শীৰ্ষস্থানীয় ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰসকলে একেলগে বিশ্বৰ এই সবাতোকৈ চহকী ক্ৰিকেট লীগ আই পি এল -ত অংশগ্ৰহণ কৰে।

২০১২ চনত এই প্ৰতিযোগিতাৰ শিৰোনাম স্পনছৰ কৰে পেপছিয়ে।৯ পেপছিয়ে ₹৩৯৬.৮ কোটিৰ ডাকেৰে এয়াৰটেলক হৰুৱাই এই সুবিধা লাভ কৰে।১০

ইতিহাস

প্ৰথম বৰ্ষ

মূল প্ৰবন্ধ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০০৮

২০০৮ চনৰ ১৮ এপ্ৰিলত প্ৰথম আই পি এল উদ্বোধন হয়। মুঠ ৪৩ দিন ধৰি চলা প্ৰতিযোগিতাখনিত সূচী অনুসৰি থকা ৫৯খন খেলৰে ৫৮খন অনুষ্ঠিত হয়, এখন খেল বৰষুণৰ বাবে বাতিল কৰা হয়। নবী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়। লীগ পৰ্যায়ত প্ৰত্যেক দলেই প্ৰত্যেক দলৰ বিৰুদ্ধে এখন ঘৰুৱা খেলপথাৰত আৰু এখন আন চহৰত খেলত ভাগ লয়। লীগ সমূহত ৰাউণ্ড ৰ’বিন পদ্ধতি ব্যৱহাৰ কৰা হৈছিল, লীগৰ শীৰ্ষ স্থানৰ চাৰিটা দলে ছেমিফাইনেল খেল খেলাৰ যোগ্যতা অৰ্জন কৰে। এখন শ্বাসৰুদ্ধকাৰী খেলত ৰাজস্থান ৰয়েল্‌ছে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি প্ৰথম আই পি এল চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে।১১

দ্বিতীয় বৰ্ষ

মূল প্ৰবন্ধ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০০৯

২০০৯ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ বা চমুকৈ আই পি এল ২ বা ২০০৯ আই পি এল আছিল আই পি এলৰ দ্বিতীয় বৰ্ষ। একে সময়তে ভাৰতত সাধাৰণ নিৰ্বাচন হোৱাৰ বাবে এই বৰ্ষৰ আই পি এল দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হয়। ২০০৯ চনৰ ১৮ এপ্ৰিলৰ পৰা ২৪ মে’লৈ হোৱা প্ৰতিযোগিতা খনত কেৱল ভাৰতৰেই প্ৰায় ২০০ নিযুত লোকে দূৰদৰ্শনযোগে উপভোগ কৰে। পূৰ্বৰ বৰ্ষৰ দৰে লীগ পৰ্যায়ৰ শীৰ্ষ চাৰিটা দলে ছেমিফাইনেল খেলত ভাগ লয়। ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰক পৰাস্ত কৰি ডেক্কান চাৰজাৰ্ছ দ্বিতীয় আই পি এলৰ চেম্পিয়ন হয়।

তৃতীয় বৰ্ষ

মূল প্ৰবন্ধ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০১০

২০১০ চনৰ জানুৱাৰী মাহত হোৱা নিলামেৰে আই পি এল ৰ তৃতীয় বৰ্ষৰ আৰম্ভণি হয়। নিলাম হোৱা ৬৬জন খেলুৱৈৰে মাত্ৰ ১১ জনক বিভিন্ন দলসমূহে ক্ৰয় কৰে। এই বৰ্ষত তেলেংগানা বিষয়ক ৰাজনৈতিক বিবাদৰ বাবে ডেক্কান চাৰজাৰ্ছ দলে গৃহ চহৰ হায়দৰাবাদত নিজৰ খেলসমূহ নেখেলে, তাৰ পৰিৱৰ্তে এই খেলসমূহ নাগপুৰ, নবী মুম্বাই আৰু কটকত অনুষ্ঠিত হয়। প্ৰথম ছেমিফাইনেলত মুম্বাই ইণ্ডিয়ান্‌ছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰক ৩৫ ৰাণত পৰাস্ত কৰে আনহাতেদি দ্বিতীয়খন ছেমিফাইনেলত ডেক্কান চাৰজাৰ্ছক চেন্নাই ছুপাৰ কিংছে পৰাস্ত কৰে। চূড়ান্ত খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ান্‌ছক ২২ ৰাণত পৰাস্ত কৰি তৃতীয় আই পি এল খিতাপ দখল কৰে।

চতুৰ্থ বৰ্ষ

মূল প্ৰবন্ধ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০১১

২০১০ চনৰ ২১ মাৰ্চত চেন্নাইত ঘোষণা কৰা হয় যে পুনে আৰু ক'চিৰ পৰা দুটা নতুন ফ্ৰেঞ্চাইজি আই পি এল চতুৰ্থ বৰ্ষৰপৰা সংযোজন কৰা হ'ব। অৱশ্যে ক'চি ফ্ৰেঞ্চাইজিৰ স্বত্বৰ নিলামক লৈ কিছু বিতৰ্কৰ সূচনা হয় আৰু ঘটনাক্ৰমে শশী থাৰুৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰপৰা পদত্যাগ কৰিবলৈ বাধ্য হয়, লগতে বিভিন্ন চৰকাৰী দপ্তৰে আই পি এল আৰু আটাইবোৰ দলৰে স্বত্বাধিকাৰীসকলৰ বিত্তীয় লেন-দেনৰ অনুসন্ধান কৰে। পিছলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ললিত মোদীক আই পি এলৰ মুৰব্বী পদৰ পৰা অপসাৰিত কৰে। ২০১০ চনৰ ৫ মাৰ্চ তাৰিখে ক'চি দলে আই পি এলৰ চতুৰ্থ বৰ্ষত খেলাটো নিশ্চিত হয়।১২

ছাহাৰা পুণে ৱৰিয়ৰ্ছ ইণ্ডিয়া আৰু ক’চি টাস্কাৰ্ছ কেৰালাৰ অন্তৰ্ভুক্তিয়ে আই পি এলৰ দলৰ সংখ্যা ৮ টাৰ পৰা ১০ টালৈ বৃদ্ধি কৰিলে। আই পি এলৰ আগৰ ধৰণ অনুসৰি ই মুঠ খেলৰ সংখ্যা ৬০ খনৰপৰা ৯৪ খনলৈ বৃদ্ধি কৰিব। গতিকে আগৰ ধৰণ সলনি কৰি আগৰ ৰাউণ্ড ৰ'বিন পৰ্যায়ক গ্ৰুপ পৰ্যায়লৈ পৰিৱৰ্তন কৰা হ'ল য'ত প্ৰতিটো গ্ৰুপত পাঁচটাকৈ দল থাকিব আৰু খেলৰ সংখ্যা ৭৪ খনত সীমিত কৰা হ'ল।১৩ গ্ৰুপ পৰ্যায়ত প্ৰতিটো দলে ১৪ খনকৈ খেল খেলিব, য'ত প্ৰতিটো দলে নিজৰ গ্ৰুপৰ বাকী ৪টা দলৰ লগত দুখনকৈ (এখন ঘৰুৱা খেলপথাৰত আৰু এখন বাহিৰত) খেল খেলিব আৰু আনটো গ্ৰুপৰ চাৰিটা দলৰ লগত এখনকৈ (দুটা দলৰ লগত ঘৰুৱা খেলপথাৰত আৰু বাকী দুটা দলৰ লগত বাহিৰত) আৰু আনটো গ্ৰুপৰ বাকী থকা দলটোৰ লগত দুখনকৈ (এখন ঘৰুৱা খেলপথাৰত আৰু আনখন বাহিৰত) খেলত অংশগ্ৰহণ কৰিব লাগিব। গ্ৰুপৰ দলসমূহ বাচিবলৈ আৰু কোন দলৰ লগত এখনকৈ বা দুখনকৈ খেল খেলিব সেয়া বাচিবলৈ লটাৰীৰ সহায় লোৱা হৈছিল। নকআউট পৰ্যায়ক প্লে' অফ পৰ্যায়লৈ সলনি কৰি ড্ৰ হোৱা খেলৰ কাৰণে ছুপাৰ অ'ভাৰৰ ব্যৱস্থা কৰা হ'ল।

২০১০ চনৰ অক্টোবৰত ৰাজস্থান ৰয়েল্‌ছ আৰু কিংছ XI পঞ্জাব দলক মালিকীস্বত্বৰ নিয়ম ভংগৰ অপৰাধত আই পি এলৰ পৰা বাহিৰ কৰি দিয়া হয়। নতুনকৈ গঠন হোৱা ক'চি দলকো তেওঁলোকৰ মালিকীস্বত্বৰ বিবাদ সোনকালে নিষ্পত্তি কৰিবলৈ জাননী জাৰী কৰা হয়।১৪ দুমাহৰ পাছত আদালতৰ শুনানিৰ পাছত দুয়োটা দলকে ২০১১ চনৰ প্ৰতিযোগিতাত অংশ ল'বলৈ অনুমতি দিয়া হয়।১৫

চেন্নাই ছুপাৰ কিংছ দলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ দলক ৫৮ ৰাণত পৰাজিত কৰি ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ আই পি এলৰ বিজয়ীৰ খিতাপ অৰ্জন কৰে।১৬ প্ৰথমবাৰৰ কাৰণে কোনো এটা দলে দুবাৰ এই খিতাপ অৰ্জন কৰে। শীৰ্ষৰ চাৰিটা দলে ২০১১ চনৰ চেম্পিয়ন্‌ছ লীগ টুৱেণ্টি২০লৈ যোগ্যতা অৰ্জন কৰে আৰু চেন্নাই ছুপাৰ কিংছ এই প্ৰতিযোগিতাতো বিজয়ী হয়।

পঞ্চম বৰ্ষ

মূল প্ৰবন্ধ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০১২

ক'চি ফ্ৰেঞ্চাইজিৰ নিলম্বনৰ পাছত পঞ্চম বৰ্ষৰ আই পি এলত ৯টা দলে অংশগ্ৰহণ কৰে। ২০১২ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে খেলুৱৈসকলৰ নিলাম অনুষ্ঠিত হয়। এই বৰ্ষত প্ৰতিটো দলৰ মুঠ খেলুৱৈৰ সংখ্যা ৩০ জনৰপৰা ৩৩ জনলৈ বৃদ্ধি কৰা হয়। মুঠ ৭৬খন খেল হোৱা এই বৰ্ষৰ প্ৰথমখন খেল অনুষ্ঠিত হয় ৪ এপ্ৰিল তাৰিখে চেন্নাইত।১৭ দিল্লী ডেৰডেভিল্‌ছ, কলকাতা নাইট ৰাইডাৰ্ছ, মুম্বাই ইণ্ডিয়ান্‌ছ আৰু চেন্নাই ছুপাৰ কিংছ দলকেইটা ছেমিফাইনেল পৰ্যায় পায়। ২৭ মে' তাৰিখে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আগৰবাৰৰ বিজয়ী চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ দলৰ মাজত ফাইনেল অনুষ্ঠিত হয়। মনোজ তিৱাৰী আৰু শ্বাকিব অল হাছানৰ সুন্দৰ প্ৰদৰ্শনৰ বলত কলকাতা নাইট ৰাইডাৰ্ছে অন্তিম অ'ভাৰত দুটা বল বাকী থকা অৱস্থাত ৫ উইকেটত বিজয় সাব্যস্ত কৰে।

এই বৰ্ষৰ আই পি এল আগৰকেইবাৰতকৈ বেছি প্ৰতিযোগিতামূলক আছিল কিয়নো এইবছৰতে ১৪খন খেলৰ ফলাফল অন্তিম অ'ভাৰত আৰু দুখন খেলৰ ফলাফল অন্তিম বলতহে নিৰ্ণিত হৈছিল।১৮১৯ লীগৰ শেষৰফালে ইণ্ডিয়া টিভিয়ে চলোৱা অনুসন্ধানত ৫জন খেলুৱৈ স্পট ফিক্সিং কৰি ধৰা পৰে।২০ এই বৰ্ষৰ আই পি এল বাকী বছৰবিলাকৰ তুলনাত বেছি বিতৰ্কিত বুলি গণ্য কৰা হয়।

ষষ্ঠ বৰ্ষ

মূল প্ৰবন্ধ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০১৩

২০১৩ চনৰ ৩ ফেব্ৰুৱাৰী তাৰিখে খেলুৱৈসকলৰ নিলাম অনুষ্ঠিত হয়। ছ'নী ছিক্স চেনেলে এই নিলাম দূৰদৰ্শনযোগে প্ৰদৰ্শন কৰে। নিলাম অনুষ্ঠিত হোৱা মুঠ ১০৮জন খেলুৱৈৰ ভিতৰত ৩৭জন খেলুৱৈক ১১.৮৭ নিযুত আমেৰিকান ডলাৰত ক্ৰয় কৰা হয়। অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেল আছিল নিযুতাধিক ডলাৰত ক্ৰয় হোৱা একমাত্ৰ খেলুৱৈ। প্ৰায় পাঁচ মাহৰ আগতেই ডেক্কান চাৰজাৰ্ছ দলক আই পি এলৰপৰা নিলম্বন কৰা হৈছিল। ইয়াৰ পৰিৱৰ্তে ২০১৩ চনৰপৰা ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে খেলিব আৰু এই দলত ডেক্কানৰ ২০১২ চনৰ দলটোৰ প্ৰায় আটাইখিনি খেলুৱৈ আছে। ২০১৩ চনৰ ৩ এপ্ৰিলৰপৰা ২৬ মে'লৈকে অনুষ্ঠিত হ'বলগা এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী ডেৰডেভিল্‌ছ দলৰ মাজত। ২০১২ চনত যিহেতু কলকাতা বিজয়ী আছিল, গতিকে এইবাৰৰ উদ্বোধনী খেল আৰু ফাইনেল খেল কলিকতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। মুঠ ৯টা দলৰ মাজত এই বৰ্ষৰ আই পি এল অনুষ্ঠিত হ'ব। হৰভজন সিঙৰ ঠাইত ৰিকী পণ্টিং মুম্বাই ইণ্ডিয়ান্‌ছৰ অধিনায়ক হ'ব, ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ দলৰ অধিনায়ক হ'ব বিৰাট কোহলি। বহুকেইজন উদীয়মান ভাৰতীয় খেলুৱৈ এইবাৰৰ প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হৈছে, যিসকলৰ প্ৰতিভা দৰ্শকসকলে প্ৰথমবাৰৰ বাবে দেখিবলৈ পাব। তামিলনাডুত শেহতীয়াকৈ চলি থকা প্ৰতিবাদ আৰু ৰাজনৈতিক হেঁচাৰ ফলত বি চি চি আয়ে এইবছৰ শ্ৰীলংকাৰ খেলুৱৈসকলক চেন্নাইত খেলিবলৈ অনুমতি নিদিয়াৰ সিদ্ধান্ত লয়।২১

আই পি এল ট্ৰ'ফী

২০০৮-২০১০

ডি এল এফে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ক্ৰিকেটৰ হীৰাখচিত ট্ৰ'ফীটোৰ নক্সা এণ্টৱাৰ্পৰ ৰ'জী ব্লু গ্ৰুপৰ অধীনৰ অ'ৰা ব্ৰাণ্ডে তৈয়াৰ কৰে। ভাৰতৰ মেপ এখনৰ কাষত হাতত বেট লৈ থকা এজন খেলুৱৈৰ সোণ পাত চৰোৱা প্ৰতিকৃতি ট্ৰ'ফীটোত আছে। মেপখনত আই পি এলৰ দলকেইটাৰ নাম ৰুবীজেৰে খোদিত কৰা আছে। ১৪জন খনিকৰৰ এটা দলে এই ট্ৰ'ফীটো তৈয়াৰ কৰে। প্ৰতিবছৰে প্ৰতিযোগিতাৰ বিজয়ী দলক পুৰস্কাৰৰ ধনৰ লগত এই ট্ৰ'ফীটোৰ হুবহু এটা ট্ৰ'ফী আগবঢ়োৱা হৈছিল।

২০১১-২০১৩

চতুৰ্থ বৰ্ষৰ আই পি এল-ৰ পৰা এটা নতুন ট্ৰ'ফী আগবঢ়োৱা হয়। আগৰ ট্ৰ'ফীটো এটা ডাঙৰ কাপলৈ সলনি কৰা হ'ল।

লীগ গঠন

ফ্ৰেঞ্চাইজিসমূহ

২০০৮ চনৰ ২৪ জানুৱাৰী তাৰিখে আঠটা ফ্ৰেঞ্চাইজিৰ কাৰণে বিজয়ী ডাক দিওঁতাসকলৰ (bidder) নাম ঘোষণা কৰা হয়।২২ নিলামৰ প্ৰাৰম্ভিক মূল্য ধাৰ্য কৰা হৈছিল US $৪০০ নিযুত আৰু সম্পূৰ্ণ নিলাম সম্পন্ন হয় US $৭২৩.৫৯ নিযুতত।২৩

২০১০ চনৰ ২১ মাৰ্চ তাৰিখে আই পি এলৰ চতুৰ্থ বৰ্ষত পুনে আৰু ক'চিক দুটা নতুন ফ্ৰেঞ্চাইজি হিচাপে লোৱা হয়। ইয়াৰ প্ৰাৰম্ভিক মূল্য আছিল US $২২৫ নিযুত। ছাহাৰা এডভেঞ্চাৰ স্প'ৰ্ট্‌ছ গ্ৰুপে পুণেক US $৩৭০ ইযুত আৰু ৰেণ্ডেজভাছ স্প'ৰ্ট্‌ছ ৱৰ্ল্ড লিমিটেডে ক'চিক US $৩৩৩.৩ নিযুতত ক্ৰয় কৰে। এই প্ৰক্ৰিয়া ৭ মাৰ্চত সম্পন্ন হোৱাৰ কথা আছিল যদিও বহু ডাক দিওঁতা (bidder) আৰু BCCI-য়ে কিছুমান বিশেষ বিত্তীয় চৰ্তক লৈ অসন্তুষ্টি দেখুওৱাত এই প্ৰক্ৰিয়া দুসপ্তাহ পিছুৱাই দিয়া হয়।২৪ দ্বিতীয় ফ্ৰেঞ্চাইজি নিলাম মুঠ US $৭০৩ নিযুতত সম্পন্ন হয়।

২০১২ চনৰ অক্টোবৰত হায়দৰাবাদ ফ্ৰেঞ্চাইজিৰ অধিকাৰ ছান টিভি নেটৱৰ্কক প্ৰদান কৰা হয়।২৫

দলৰ নামচহৰস্বত্বাধিকাৰীমূল্যপ্ৰতিষ্ঠাঅধিনায়কমুখ্য প্ৰশিক্ষক
বৰ্তমানৰ দলসমূহ
চেন্নাই ছুপাৰ কিংছচেন্নাইইণ্ডিয়া চিমেণ্টছUS$৯১ নিযুত২০০৮মহেন্দ্ৰ সিং ধোনিষ্টিফেন ফ্লেমিং
দিল্লী কেপিটেলছনতুন দিল্লীজি এম আৰ গ্ৰুপ আৰু জে এছ ডব্লিউ গ্ৰুপUS$৮৪ নিযুত২০০৮শ্ৰেয়াছ আয়াৰৰিকি পণ্টিং
কিংছ XI পঞ্জাবম'হালি (চণ্ডীগড়)প্ৰীতি জিণ্টা, নেছ ৱাডিয়া (বম্বে ডায়েয়িং), ম'হিত বৰ্মন (ডাবৰ) কৰণ পাল (এপিজে সুৰেন্দ্ৰ গ্ৰুপ)US$৭৬ নিযুত২০০৮কে এল ৰাহুলঅনিল কুম্বলে
কলকাতা নাইট ৰাইডাৰ্ছকলিকতাৰে'ড চিলীজ এণ্টাৰটেইনমেণ্ট (৫৫%) আৰু মেহতা গ্ৰুপ (৪৫%)US$৭৫.০৯ নিযুত২০০৮দীনেশ কাৰ্তিকব্ৰেণ্ডন মেককুলাম
মুম্বাই ইণ্ডিয়ান্‌ছমুম্বাইৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ (মুকেশ আম্বানি)US$১১১.৯ নিযুত২০০৮ৰোহিত শৰ্মামাহেলা জয়ৱৰ্দ্ধনে
ৰাজস্থান ৰয়েল্‌ছজয়পুৰমনোজ বাদালেUS$৬৭ নিযুত২০০৮ষ্টিভ স্মিথএন্দ্ৰিউ মেকডনাল্ড
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰবেংগালুৰুইউনাইটেড স্পিৰিটছUS$১১১.৬ নিযুত২০০৮বিৰাট কোহলিছাইমন কাটিছ
ছানৰাইজাৰ্ছ হায়দৰাবাদহাইদৰাবাদছান টিভি নেটৱৰ্কUS$১৫৯ নিযুত২০১৩ডেভিড ৱাৰ্ণাৰট্ৰেভৰ বেলীছ
নিলম্বিত দলসমূহ
পুণে ৱাৰিয়ৰ্ছ ইণ্ডিয়াপুনেসুব্ৰত ৰয় (ছাহাৰা ইণ্ডিয়া পৰিৱাৰ)US$৩৭০ নিযুত২০১১-২০১৩যুৱৰাজ সিংডাৰ্মট ৰীভ
ক'চি টাস্কাৰ্ছ কেৰালাক'চিক'চি ক্ৰিকেট প্ৰাইভেট লিমিটেডUS$৩৩৩ নিযুত২০১১-২০১১মাহেলা জয়াৱৰ্দ্ধনেজিয়'ফ ল'ছন
ডেক্কান চাৰজাৰ্ছহাইদৰাবাদডেক্কান ক্ৰ'নিকল হ'ল্ডিংছ লিমিটেডUS$১০৭ নিযুত২০০৮-২০১২কুমাৰ ছাংগাক্কাৰাডাৰেন লেহমান

নিয়ম

এটা ফ্ৰেঞ্চাইজিয়ে এজন খেলুৱৈ অন্তৰ্ভুক্ত কৰাৰ পাঁচটা উপায় আছে - বছৰেকীয়া নিলাম, ঘৰুৱা খেলুৱৈক অন্তৰ্ভুক্ত কৰি, ন-খেলুৱৈক অন্তৰ্ভুক্ত কৰি, বিনিময়যোগে আৰু খেলুৱৈৰ সালসলনি (replacement) যোগে।২৬২৭ এজন খেলুৱৈক তেওঁৰ সন্মতিসাপেক্ষেহে বিনিময় কৰিব পৰা যায়। পুৰণা চুক্তি মূল্য আৰু নতুন চুক্তি মূল্যৰ পাৰ্থক্যখিনি ফ্ৰেঞ্চাইজিয়ে প্ৰদান কৰিব লগা হয়। যদি নতুন চুক্তি মূল্য পুৰণা চুক্তি মূল্যতকৈ বেছি হয়, তেন্তে মূল্যৰ পাৰ্থক্যখিনি খেলুৱৈজন আৰু আগৰ ফ্ৰেঞ্চাইজিৰ মাজত ভাগ হয়।২৮২৯

দল গঠনৰ কিছুমান নিয়ম হ'ল:

  • প্ৰতিটো দলত কমেও ১৬জন খেলুৱৈ, এজন প্ৰশিক্ষক আৰু এজন চিকিৎসক (physio) থাকিব লাগিব।
  • এটা দলত ১১ জনতকৈ বেছি বিদেশী খেলুৱৈ থাকিব নোৱাৰিব আৰু খেলত ভাগ লোৱা ১১জন খেলুৱৈৰ ভিতৰত ৪ জনতকৈ বেছি বিদেশী খেলুৱৈ থাকিব নোৱাৰিব।
  • প্ৰতিটো দলতে কমেও ১৪জন ভাৰতীয় খেলুৱৈ থাকিব লাগিব।
  • প্ৰতিটো দলতে কমেও ৬জন বি চি চি আইৰ অধীনৰ ২২ বছৰ অনূৰ্ধ্ব খেলুৱৈ থাকিব লাগিব।

আই পি এলে দূৰদৰ্শন বিৰতি ব্যৱহাৰ কৰে, গতিকে দলসমূহৰ তেওঁলোকৰ ইনিংছ সামৰাৰ কাৰণে কোনোধৰণৰ সময়সীমা নাথাকে। কিন্তু যদি দলসমূহে এই সুবিধাক স্বেচ্ছাই অপব্যৱহাৰ কৰা বুলি আম্পায়াৰে ধৰা পেলায়, তেন্তে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব পাৰে। ইয়াৰ উপৰিও প্ৰতি দলকে প্ৰতি ইনিংছত ২.৩০ মিনিটৰ দুটা ষ্ট্ৰেটেজিক টাইম-আউট দিয়া হয়। এই দুটা বিৰতি ইনিংছৰ ষষ্ঠ আৰু নৱম অ'ভাৰৰ মাজত আৰু ত্ৰয়োদশ আৰু ষোড়শ অ'ভাৰৰ মাজত দিয়া হয়।

প্ৰথম খেলুৱৈ নিলামত প্ৰতিটো ফ্ৰেঞ্চাইজিৰে মুঠ খৰচৰ সৰ্বাধিক সীমা ধাৰ্য কৰি দিয়া হৈছিল US $৫ নিযুত। ২২ বছৰ অনূৰ্ধ্ব খেলুৱৈসকলৰ নিম্নতম বাৰ্ষিক দৰমহা ধাৰ্য কৰি দিয়া হৈছিল US $২০,০০০ আৰু বাকী খেলুৱৈসকলৰ কাৰণে এই নিম্নতম সীমা আছিল US $৫০,০০০। আই পি এলৰ নিলামৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক মূল্যত ক্ৰয় হোৱা খেলুৱৈ হ'ল গৌতম গম্ভীৰ। গম্ভীৰক চতুৰ্থ বৰ্ষৰ নিলামত কলকাতা নাইট ৰাইডাৰ্ছে US $২.৪ নিযুতত ক্ৰয় কৰিছিল।

দলসমূহৰ প্ৰদৰ্শন

বৰ্তমানৰ দলসমূহ

দল২০০৮২০০৯২০১০২০১১২০১২২০১৩
চেন্নাই ছুপাৰ কিংছRSF'''W'''WR
দিল্লী কেপিটেলচ্SFSFGSGSSF
কিংছ XI পঞ্জাবSFGSGSGSGS
কলকাতা নাইট ৰাইডাৰ্ছGSGSGSSF'''W
মুম্বাই ইণ্ডিয়ান্‌ছGSGSRSFSF
ৰাজস্থান ৰয়েল্‌ছ'''WGSGSGSGS
ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰGSRSFRGS
পুণে ৱৰিয়ৰ্ছ ইণ্ডিয়াGSGS
ছানৰাইজাৰ্ছ হায়দৰাবাদ

নিলম্বিত দলসমূহ

দল২০০৮২০০৯২০১০২০১১২০১২
ডেক্কান চাৰজাৰ্ছGS'''WSFGSGS
ক'চি টাস্কাৰ্ছ কেৰালাGS

টোকা:

  • W = বিজয়ী; R = ৰাণাৰ্ছ আপ; SF = ছেমি ফাইনেলিষ্ট; GS = গ্ৰুপ পৰ্যায়

পৰিসংখ্যা আৰু অভিলেখ

মূল প্ৰবন্ধ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰিসংখ্যা আৰু অভিলেখৰ তালিকা

বিজয়ী (২০০৮-০৯)

বৰ্ষবিজয়ীৰাণাৰ্ছ-আপছেমি ফাইনেলিষ্টমুঠ দল
২০০৮,৮
২০০৯,৮

বিজয়ী (২০১০-বৰ্তমান)

বৰ্ষবিজয়ীৰাণাৰ্ছ-আপতৃতীয় স্থানচতুৰ্থ স্থানমুঠ দলনতুন দলনিলম্বিত দল
২০১০৮
২০১১১০ক'চি টাস্কাৰ্ছ কেৰালা আৰু পুণে ৱৰিয়ৰ্ছ ইণ্ডিয়া
২০১২৯ক'চি টাস্কাৰ্ছ কেৰালা
২০১৩৯ছানৰাইজাৰ্ছ হায়দৰাবাদডেক্কান চাৰজাৰ্ছ

পুৰস্কাৰৰ ধন

আই পি এলে সৰ্বমুঠ ₹২৫ কোটি পুৰস্কাৰৰ ধন হিচাপে আগবঢ়ায়।৩০

  • বিজয়ী: ₹১০ কোটি
  • ৰাণাৰ্ছ-আপ: ₹৭.৫ কোটি
  • তৃতীয় স্থান: ₹৩.৭৫ কোটি
  • চতুৰ্থ স্থান: ₹৩.৭৫ কোটি

দূৰদৰ্শন সম্প্ৰচাৰ চৰ্ত আৰু প্ৰযোজক

আই পি এল পৰা পাঁচৰ পৰা দহ বছৰৰ ভিতৰত বি চি চি আইৰ উপাৰ্জন প্ৰায় ১.৬ বিলিয়ন আমেৰিকান ডলাৰ হ’ব বুলি আশা কৰা হয়। মুঠ ৰাজহৰ ৪০% আই পি এলৰ নিজলৈ, ৫৪% ফ্ৰেন্সাইজি সকললৈ যায় আৰু প্ৰায় ৫% পুৰস্কাৰ দিয়াত ব্যয় হয়। (প্ৰায় £15 নিযুত)ৰ চুক্তি সাপেক্ষে আই পি এলে কিং ফিশ্বাৰ এয়াৰলাইনক ইয়াৰ অফিছিয়েল আম্পায়াৰ পাৰ্টনাৰ নিৰ্বাচন কৰে। এই চুক্তি সাপেক্ষে আই পি এলৰ আম্পায়াৰ সকলৰ পোছাকত কিংফিশ্বাৰ এয়াৰ লাইনছৰ ব্ৰেণ্ড অংকিত কৰা হয়, তদুপৰি তৃতীয় আম্পায়াৰৰ নিৰ্ণয়ৰ সময়ত গেলাৰীৰ বিশাল পৰ্দাতো তেওঁলোকৰ ব্ৰেণ্ড দেখুওৱা হয়। .৩১

টেলিভিচন সম্প্ৰচাৰ চৰ্ত

২০০৮ চনৰ ১৭ জানুৱাৰীত ভাৰতৰ ছ’নী এণ্টাৰটেইনমেণ্ট টেলিভিচন আৰু ছিংগাপুৰৰ ৱ’ৰ্ল্ড স্পৰ্টছ গ্ৰুপে আই পি এলৰ টেলিভিচন সম্প্ৰচাৰ অধিকাৰ লাভ কৰা বুলি ঘোষণা কৰা হয়।৩২ দহ বছৰৰ বাবে এই চুক্তিৰ মূল্য US $১.০২৬ বিলিয়ন বুলি ঠাৱৰ কৰা হয়। এই চুক্তিৰ অংশ হিচাপে এই দুই প্ৰতিষ্ঠানে বি চি চি আইক টেলিভিচন সম্প্ৰচাৰ অধিকাৰৰ বাবদ US $৯১৮ নিযুত আৰু টুৰ্ণামেণ্টখনৰ প্ৰম’চনৰ বাবদ US $১০৮ নিযুত আদায় দিব লাগিব বুলি নিশ্চিত কৰা হয়।৩৩ এই চুক্তিক প্ৰত্যাহবান জনাই বি চি চি আইয়ে ব’ম্বে উচ্চ ন্যয়ালয়ত এক গোচৰ তৰে আৰু নিজৰ সপক্ষে শুনানি লাভ কৰে। আদালতত পৰাস্ত হোৱাৰ পাছত ছ’নী এণ্টাৰটেইনমেণ্টে বি চি চি আইৰ লগত এক নতুন চুক্তি স্বাক্ষৰ কৰে, এই চুক্তিৰ মতে ছ’নীয়ে ১০ বছৰত বি চি চি আইক আদায় দিব। এই বৃহৎ ধনৰাশিৰ চুক্তিৰ এটা প্ৰধান কাৰণ হ’ল দ্বিতীয় বৰ্ষৰ আই পি এল দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত কৰিব লগা হোৱাটো। দক্ষিণ আফ্ৰিকাত আই পি এল অনুষ্ঠিত কৰিব লগা হোৱাৰ বাবে ইয়াৰ খৰচ পূৰ্বৰ আই পি এলৰ তুলনাত বহু পৰিমাণে বৃদ্ধি পায়। একে সময়তে ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাত সুৰক্ষাজনিত কাৰণত এই বৰ্ষৰ আই পি এল দক্ষিণ আফ্ৰিকালৈ স্থানান্তৰ কৰা হৈছিল।

সম্প্ৰচাৰ চৰ্তৰ বাবদ পোৱা মুঠ ধনৰ ২০% আই পি এলে নিজে লাভ কৰে, ৮% পুৰস্কাৰত খৰচ কৰা হয় আৰু বাকী ৭২% লাভ কৰে ফ্ৰেন্সাইজিসকলে। ২০১২ চনলৈকে এই ধন এই অনুপাতত ভাগ কৰাৰ কথা আছিল আৰু তাৰ পাছত আই পি এল ৰাজহুৱা খণ্ডলৈ যোৱাৰ কথা আছিল, কিন্তু ২০১০ চনৰ মাৰ্চত এই সিদ্ধান্ত সলনি কৰা হয়।৩৪

ছ’নী আৰু ৱ’ৰ্ল্ড স্পৰ্টছে টেলিভিচন সম্প্ৰচাৰ অধিকাৰৰ কিছু অংশ পাছত গোলকীয়ভাৱে আন আন কিছুমান প্ৰতিষ্ঠানক বিক্ৰী কৰে, আনুস্থানিকভাৱে আই পি এলৰ সম্প্ৰচাৰ (ভাৰতীয়) টেলিভিচনত ছেট মেক্স যোগে কৰা হয়, আৰু ইণ্টাৰনেটত সম্প্ৰচাৰ কৰে টাইম্‌ছ ইণ্টাৰনেটে।

২০১০ চনৰ ৪ মাৰ্চত আই টি ভিয়ে যুক্তৰাজ্যত আই পি এলৰ সম্প্ৰচাৰ অধিকাৰ লাভ কৰাৰ কথা ঘোষণা কৰে, ৬০ খনৰে ৫৯খন খেল আই টি ভি৪ যোগে মুক্ত ভাবে (Free-to-air) সম্প্ৰচাৰ কৰা হয়।৩৫

২০১১ৰ ১ এপ্ৰিলত ৰ’জাৰ্চ মিডিয়াই ইয়াৰ ক্ৰীড়া চেনেল স্প'ৰ্ট্‌ছনেট ওৱান কানাডাত আই পি এলৰ লীগ পৰ্যায়ৰ ৩৬খন খেল, ৩খন প্লে' অফ খেল আৰু চূড়ান্ত খেল সম্প্ৰচাৰ কৰাৰ বাবে এখন চাৰি বছৰীয়া চুক্তি কৰা বুলি ঘোষণা কৰে।৩৬ তদুপৰি ২০১২ চনৰ পৰা ৰ’জাৰ্চ মিডিয়াই ইয়াৰ আন এক চেনেল অমনি টেলিভিচনযোগে এক সাপ্তাহিক আই পি এল হাইলাইট্‌ছৰ অনুষ্ঠান আৰু চাৰিখনকৈ খেল সম্প্ৰচাৰ কৰাৰ অধিকাৰো লাভ কৰে।৩৭

বিজয়ী ডাক দিওঁতাআঞ্চলিক সম্প্ৰচাৰ অধিকাৰচুক্তিৰ চৰ্ত
ছ'নী এণ্টাৰটেইনমেণ্ট টেলিভিছন/ৱৰ্ল্ড স্প'ৰ্ট গ্ৰুপ,,,১০ বছৰ, ২০০৮-২০১৭, মূল্য (পুনৰ্নিৰ্ধাৰিত)৩২
দ্য টাইম্‌চ গ্ৰুপবিশ্বজুৰিব্ৰডবেণ্ড, ম’বাইল ফোন আৰু ৰেডিঅ'যোগে বিতৰণ কৰিবলৈ গোলকীয় অধিকাৰ, ৪ বছৰ, ২০১১-২০১৪৩৮
চেনেল ৯৩৯
GEO ছুপাৰ (২০০৮-২০১০, ২০১২, ২০১৩)চুক্তি ২০১৩ লৈকে বৃদ্ধি৪০
কাৰ্লটন স্প'ৰ্ট্‌ছ নেটৱৰ্ক (২০১২-) শ্ৰীলংকা ৰূপবাহিনী কৰ্প'ৰেচন: চেনেল আই (২০০৮-২০১১)অজ্ঞাত
চেভেন নেটৱৰ্ক (২০১৩) ওৱান (২০০৯-২০১০) নেটৱৰ্ক টে'ন (২০০৮): মুক্ত (free-to-air) HD আৰু SD টেলিভিছন। নেটৱৰ্ক টে'নৰ স্বতাধিকাৰত৫ বছৰ, ২০০৮-২০১২, মূল্য A$১০-১৫ নিযুত৪১
স্কাই নেটৱৰ্ক টেলিভিছন (২০০৮-২০১০, ২০১২-)অজ্ঞাত
PCCW: নাও টিভিত সম্প্ৰচাৰৰ অধিকাৰ.২ বছৰ, ২০১০-২০১১
ষ্টাৰহাব: ক্ৰিকেট এক্সট্ৰাত সম্প্ৰচাৰৰ অধিকাৰঅজ্ঞাত
এষ্ট্ৰ',অজ্ঞাত
ছুপাৰস্প'ৰ্ট,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,১০ বছৰ, ২০০৮-২০১৭
আৰব ডিজিটেল ডিষ্ট্ৰিবিউচন,,,,,,,,,,,,,,,,,,, ক্ৰিক ওৱানত সম্প্ৰচাৰৰ অধিকাৰ১০ বছৰ, ২০০৮-২০১৭৪২
আই টি ভি (২০১০) ছেটাণ্টা স্প'ৰ্ট্‌ছ (২০০৮-২০০৯): আই টি ভি৪-ত সম্প্ৰচাৰ৪ বছৰ, ২০১১-২০১৪
স্প'ৰ্ট্‌ছমেক্স,,,,,,,,,,,,,,,,,,,,,,অজ্ঞাত
স্প'ৰ্ট্‌ছনে'ট ওৱান/স্প'ৰ্ট্‌ছনে'ট ৱৰ্ল্ড/অ'মনি টেলিভিচন (২০১১-বৰ্তমান) এছিয়ান টেলিভিচন নেটৱৰ্ক (২০০৮-২০১০) এ ট এন-এছিয়ান ৰেডিঅ' (২০০৮-বৰ্তমান): বিশেষ সম্প্ৰচাৰ অধিকাৰ৪ বছৰ, ২০১১-২০১৪
ৱিল' টিভি (২০০৮-২০১০, ২০১২, ২০১৩)উত্তৰ আমেৰিকাত দূৰদৰ্শন, ৰেডিঅ' আৰু ইণ্টাৰনেটত সম্প্ৰচাৰৰ অধিকাৰ, ৫ বছৰ, ২০০৮-২০১২৪৩
নিঅ' ক্ৰিকেট (২০১১-) ডিছ নেটৱৰ্ক (২০০৮-২০১১) ডাইৰেক্ট টিভি (২০০৮-২০১০)অজ্ঞাত

স্পনছৰ

২০০৮ চনৰপৰা ২০১২ চনলৈ ৫ বছৰৰ বাবে প্ৰতিযোগিতাখনৰ শিৰোনামটো স্পনছৰ কৰিবলৈ ডি এল এফ গ্ৰুপে ৫০ নিযুত আমেৰিকান ডলাৰ প্ৰদান কৰে।৪৪

ইয়াৰ উপৰিও মটৰচাইকেল নিৰ্মাতা হিৰ' হ'ণ্ডাই ২২.৫ নিযুত ডলাৰ, পেপছিক'য়ে ১২.৫ নিযুত ডলাৰ, বীয়েৰনিৰ্মাতা আৰু বিমান পৰিবাহী সংস্থা কিংফিশ্বাৰে ২৬.৫ নিযুত ডলাৰত প্ৰতিযোগিতাখন ৫ বছৰলৈ স্পনছৰ কৰে।৪৫

২০১২ চনৰ আই পি এলৰ পাছত ডি এল এফৰ শিৰোনাম স্পনছৰৰ ৫ বছৰৰ ম্যাদ উকলি যায় আৰু ২০১৩ চনৰপৰা পেপছিক' কোম্পানীয়ে শিৰোনাম স্পনছৰ কৰে।

আয় আৰু লাভ

২০১০ চনত যুক্তৰাজ্যস্থিত ব্ৰাণ্ড কনছালটেন্সী ব্ৰাণ্ড ফাইনেঞ্চে আই পি এলক ৪.১৩ বিলিয়ন ডলাৰ (১৮,৯৯৮ কোটি টকা) মূল্যৰ বুলি প্ৰকাশ কৰে।৪৬ একেটা কনছালটেন্সীয়েই ইয়াক ২০০৯ চনত ২.০১ বিলিয়ন ডলাৰ মূল্যৰ বুলি ঘোষণা কৰিছিল।৪৭

দলসমূহৰ লাভালাভৰ পৰিমাণক লৈ কিছু ভিন্ন মত আছে। এজন বিশ্লেষকে কৈছিল যে ২০০৯ চনত ৮টা দলৰ ভিতৰত ৪টা দলে লাভ আদায় কৰিছিল।৪৮ কিন্তু দ্য টাইমছৰ মতে ২০০৯ চনত কিংছ XI পঞ্জাবৰ বাদে বাকী আটাইকেইটা দলৰে লাভ হৈছিল।৪৯

২০১০ চনত আই পি এলে ৮০টা আনুষ্ঠানিক মাৰ্চেণ্ডাইজিং ব্যৱসায়ৰ আশা কৰে। ছুইজাৰলেণ্ডৰ ঘড়ী নিৰ্মাতা বেণ্ডেলিয়াৰক ই আই পি এলৰ আনুষ্ঠানিক (official) ঘড়ী তৈয়াৰ কৰিবলৈ দিয়া হয়।৫০

ফ্ৰেঞ্চাইজিবিলাকৰ ভিতৰত ৭৯.১৩ নিযুত আমেৰিকান ডলাৰ ব্ৰাণ্ড মূল্যৰে সৈতে মুম্বাই ইণ্ডিয়ান্‌ছ শীৰ্ষস্থানত আছে। ৭৫.৫৮ নিযুত আমেৰিকান ডলাৰেৰে সৈতে চেন্নাই ছুপাৰ কিংছ দ্বিতীয় স্থানত আৰু কলকাতা নাইট ৰাইডাৰ্ছ ৫৭.৫৭৬ নিযুত আমেৰিকান ডলাৰেৰে সৈতে তৃতীয় স্থানত আছে। অন্তিম স্থানত আছে ৩৩.৭৮ নিযুত আমেৰিকান ডলাৰেৰে সৈতে ৰাজস্থান ৰয়েল্‌ছ। সম্পূৰ্ণ তালিকাখন তলত দিয়া হ'ল।

স্থানফ্ৰেঞ্চাইজিব্ৰাণ্ড মূল্য
১$৭৯.১৩ নিযুত
২$৭৫.৫৮ নিযুত
৩$৫৭.৫৭৬ নিযুত
৪$৫৫.১৩ নিযুত
৫$৪০.৮৫ নিযুত
৬$৩৮.৭৬ নিযুত
৭$৩৫.৭৫ নিযুত
৮$৩৩.৭৮ নিযুত

কৰ ৰেহাইক লৈ বিতৰ্ক

২০১০ চনত শিৱ সেনা নেতা সুভাষ দেশায়ে মহাৰাষ্ট্ৰ চৰকাৰ আৰু আয়কৰ বিভাগক আই পি এলৰ পৰা আমোদকৰ আদায় ল'বলৈ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (PIL) দাখিল কৰে আৰু লগতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড অধ্যক্ষ তথা মন্ত্ৰী শাৰদ পাৱাৰৰ বিৰুদ্ধে কিবা আপত্তি থাকিলে তেওঁকো এই ক্ষেত্ৰত এক পক্ষ হিচাপে বিবেচনা কৰিবলৈ আহ্বান জনায়।৫১

২০১১ চনৰ আগষ্টত তেতিয়াৰ বিত্তমন্ত্ৰী প্ৰণব মুখাৰ্জীয়ে কয় যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুটামান ফ্ৰেঞ্চাইজিৰ বিৰুদ্ধে বিত্তীয় খেলি-মেলি আৰু অপৰাধজনিত কাম সন্দৰ্ভত আয়কৰ বিভাগে অনুসন্ধান কৰি আছে।৫২

২০১১ চনৰ জুনত চেন্নাই উচ্চ ন্যায়ালয়ে কয় যে ই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ কৰ ৰেহাই দিয়া কাৰ্য সমৰ্থন নকৰে আৰু এই সম্পৰ্কে তামিলনাডু চৰকাৰৰ মতামত বিচাৰে। শক্তি বাসান নামৰ ব্যক্তিজনে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনত উল্লেখ কৰে যে আই পি এল জনসাধাৰণৰ বিনোদনৰ কাৰণে অনুষ্ঠিত হয়, এই প্ৰতিযোগিতাৰ টিকট বেছি দামত বিক্ৰী হয় আৰু উচ্চ মধ্যবিত্ত লোকসকলে অত্যধিক মূল্যৰ টিকটসমূহ ক্ৰয় কৰে। তেওঁ কয় যে আয়কৰ বিভাগে সকলোধৰণৰ বিনোদনৰ কাৰণে আমোদকৰ আদায় কৰে, কিন্তু আই পি এলৰ ক্ষেত্ৰত আমোদকৰ আদায় কৰাত বিভাগটো ব্যৰ্থ হ'ল।৫৩

ম'বাইল এপ্লিকেচন

ডি চি আই ম'বাইল ষ্টুডিঅ'জ (ডট কম ইনফ'ৱে লিমিটেডৰ এটা অংশ) আৰু ছিংগাপুৰৰ ছিগ্‌মা ভেঞ্চাৰ্জ সংযুক্তভাৱে ৮ বছৰৰ কাৰণে ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ ম'বাইল এপ্লিকেচন অংশীদাৰ হিচাপে চুক্তিবদ্ধ। ২০১১ চনৰ জুনত তেওঁলোকে আইফোন, নকিয়া স্মাৰ্টফোন আৰু ব্লেকবেৰী ফোনৰ কাৰণে IPL T20 মোবাইল এপ্লিকেচন মুক্তি দিয়ে। সোনকালেই ই আন ম'বাইল প্লেটফৰ্ম যেনে এণ্ড্ৰইড, ৱিণ্ড'জ মোবাইল, পাম আদিতো উপলব্ধ হ'ব।৫৪

আনুস্থানিক ৱেবছাইট

আই পি এলে ইণ্টাৰনেটত ইয়াৰ প'ৰ্টেলৰ কাম-কাজ চাবলৈ কানাডিয়ান কোম্পানী লাইভ কাৰেণ্ট মিডিয়া ইনকৰ্পৰেচনৰ লগত নিম্নতম ৫০ নিযুত আমেৰিকান ডলাৰ গেৰাণ্টীসহ ১০ বছৰৰ কাৰণে এক চুক্তি কৰে।৫৫ আই পি এলৰ আনুস্থানিক ৱেবছাইট হ'ল www.iplt20.com। ছ'চিয়েল মিডিয়াৰ বিভিন্ন জনপ্ৰিয় মাধ্যমক সংলগ্ন কৰি লৈ এই ৱেবছাইটে বৰ্তমান প্ৰায় সকলো অনলাইন ভাৱ বিনিময়ৰ মাধ্যমতে নিজৰ উপস্থিতি বৰ্তাই ৰাখিছে।

বিশ্বজুৰি আগ্ৰহ

আই পি এলৰ তৃতীয় বৰ্ষত যুক্তৰাজ্যত দূৰদৰ্শনত সম্প্ৰচাৰৰ অধিকাৰ ছাব্‌ছক্ৰিপ্‌ছনৰ প্ৰয়োজন হোৱা ছেণ্টানা স্প'ৰ্টছৰ পৰা মুক্ত চেনেল আই টি ভি৪-ৰ হাতলৈ যায় আৰু ই যুক্তৰাজ্যত আই পি এলৰ প্ৰতি আগ্ৰহ নাটকীয়ভাৱে বৃদ্ধি কৰে। ব্ৰিটিছ দৰ্শকে আই পি এলক গ্ৰহণ কৰাৰ ধৰণ দেখি তেতিয়াৰ আই পি এলৰ মুৰব্বী আৰু আয়ুক্ত ললিত মোদীয়েও অশেষ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়- "The third season of the IPL saw interest rise dramatically in the United Kingdom, due to telecasts being moved from the subscription-based Setanta Sports to the free-to-air ITV4. Lalit Modi, then Chairman and Commissioner, also expressed immense satisfaction on the way IPL has been accepted by the British audience. "ITV beats Sky Sports over the weekend in number of viewers. This is great going. The ITV numbers are double that of rugby league. This is huge by all imaginations. UK figures for viewership on ITV already 10 times that of last year. This is just fantastic news,। "৫৬

লগতে চাওক

  • ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলুৱৈসকল
  • চেম্পিয়ন্‌ছ লীগ টুৱেণ্টী২০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Income Tax team visits IPL headquarter in Mumbai,chennai . in.com
  2. ↑ I-T Raids at IPL Headquarter at ((Board of Control for Cricket in India · BCCI)) in Mumbai, reports NDTV
  3. ↑ (19 September 2011). BCCI AGM 2011: Rajiv Shukla appointed IPL chief. Sahara Samay
  4. ↑ (25 June 2007). BCCI asks players, officials to steer clear of ICL. The Hindu
  5. ↑ (20 January 2010). IPL matches to be broadcast live on Youtube. Cricinfo
  6. ↑ (8 April 2011). Brand IPL comes under a cloud. Business-standard
  7. ↑ Why is the Indian Premier League floundering?. BBC News
  8. ↑ A Tax Inquiry Jolts the World of Indian Cricket. New York Times
  9. ↑ (21 November 2012). Pepsi to be new IPL team sponsor. Wisden India
  10. ↑ Pepsi bags IPL title sponsorship rights for five years
  11. ↑ 2008 ipl. cric.info
  12. ↑ Finally, Kochi IPL franchise gets go-ahead from BCCI Times of India, published: 6 December 2010. Retrieved: 18 December 2010
  13. ↑ IPL to have 74 matches for next three seasons, Times of India
  14. ↑ Indian Premier League expels two teams in ownership row BBC Sport, published: 10 October 2010. Retrieved: 11 October 2010
  15. ↑ In 2011 IPL, there will be a total of 10 teams with 5 teams in each pool. Its going to be a different game altogether this year The winner of top two position will have a match against the winner of match of third and fourth position for the championship position
  16. ↑ Dinakar, S. (28 May 2011). Dhoni and his men are toast of Chennai. The Hindu
  17. ↑ (20 April 2012). IPL 2012. jagran.com
  18. ↑ CricketCountry Staff. (6 May 2012). IPL 2012: Most close finishes this year. Cricketcountry.com
  19. ↑ (18 May 2012). Last-gasp IPL thrillers stressful for players, spectators: Morkel. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. IANS
  20. ↑ Basu, Indranil. (16 May 2012). BCCI suspends 5 cricketers for IPL spot fixing. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  21. ↑ (March 27, 2013). Sri Lankans barred from Chennai matches in Indian Premier League. The Telegraph
  22. ↑ Cricket. The Times Of India
  23. ↑ (24 January 2008). Cricinfo – Big business and Bollywood grab stakes in IPL. ESPNcricinfo
  24. ↑ Pune and Kochi unveiled as new IPL franchises
  25. ↑ (25 October 2012). Sun TV Network win Hyderabad IPL franchise. Wisden India
  26. ↑ Slow trading with all eyes on auction, Brief discussion of IPL rules on acquiring players
  27. ↑ IPL lays down guidelines for replacements, Discusses IPL rules on buying replacement players players
  28. ↑ IPL rules when trading players. Cricinfo.com
  29. ↑ (30 March 2012). New Rules of IPL 5. http://www.invectura.com
  30. ↑ (2011). Live Match: IPL 2011 – MI vs RCB, Match 54 – ROW. Indiatimes
  31. ↑ (20 March 2008). Kingfisher Airlines named IPL's umpire partner. The Economic Times
  32. ↑ (14 January 2008). Sony and World Sports Group bag IPL television rights. Cricinfo
  33. ↑ (15 January 2008). Billion dollar rights deal for IPL. The Australian
  34. ↑ IndranilBasu. (27 January 2008). Does the IPL model make sense?. The Times of India
  35. ↑ (4 March 2010). ITV to screen IPL in 2010. ITV
  36. ↑ (1 April 2011). IPL Cricket live on Sportsnet. Rogers Sportsnet
  37. ↑ Sportsnet World is Home to Cricket’s Biggest Stars with IPL 2012, Season Begins this Wednesday. sportsnet.ca
  38. ↑ Times Group-led consortium wins IPL internet, mobile rights. The Times Of India
  39. ↑ http://www.cricball.com/ipl-6-player-auction-will-be-live-telecast-tv-channel-list/
  40. ↑ (31 January 2013). TV channels broadcasting IPL 2013 Live. Tera Sports
  41. ↑ (2 February 2008). Cricinfo – Australia to get live coverage of IPL
  42. ↑ ADD secures IPL telecast rights for Middle East and North Africa
  43. ↑ (9 April 2008). IPL: Willow TV gets TV rights for the Americas. Cricket Next
  44. ↑ (03–11–09). Kushal Pal Singh. Forbes
  45. ↑ (23–03–10). Five-year sponsorship agreements. Globe and Mail
  46. ↑ (6 March 2010). Stiff clauses leave only 4 in race for IPL teams. The Economic Times
  47. ↑ Brand IPL touches the sky . Iplt20.com
  48. ↑ IPL teams become hot commodity LiveMint article
  49. ↑ Lalit Modi ambition could create problems for IPL franchises
  50. ↑ IPL targets 80 licensing and merchandising deals this year
  51. ↑ Make Pawar party in IPL tax exemption case: Bombay HC
  52. ↑ Govt agencies probing irregularities in IPL, franchisees
  53. ↑ Cannot appreciate tax exemption to IPL: Madras HC
  54. ↑ DCI Mobile studios and; Sigma Ventures acquire global mobile Applications rights for IPL T20
  55. ↑ (18 April 2008). Live Current Media Inc. and DLF Indian Premier League To Launch IPLT20.com as Official IPL Online Destination. livecurrent.com
  56. ↑ Record ratings for IPL in the UK. http://www.iplt20.com

সম্পৰ্কিত শ্ৰেণী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগক্ৰিকেট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৮০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।