ৰোহিত গুৰুনাথ শৰ্মা (জন্ম ৩০ এপ্ৰিল ১৯৮৭) এজন ভাৰতীয় ক্ৰিকেটাৰ। সোঁহতীয়া বেট্ছমেন আৰু সোঁহতীয়া অনিয়মীয়া অফ-ব্ৰেক বলাৰজনে ঘৰুৱা ক্ৰিকেটত মুম্বাইৰ হৈ খেলে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত তেওঁ মুম্বাই ইণ্ডিয়ান্ছ দলৰ অধিনায়ক আৰু তেওঁ আই পি এলৰ সফলতম বেট্ছমেনসকলৰ এজন।
২০০৭ চনত ২০ বছৰ বয়সতে শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰে আৰু খুব সোনকালেই তেওঁ ভাতীয় জাতীয় দলৰ এজন স্থায়ী সদস্য হৈ পৰে। এদিনীয়া ক্ৰিকেটত প্ৰথমে তেওঁ মিডল অৰ্ডাৰ স্থানত খেলিছিল যদিও ২০১৩ চনৰপৰা তেওঁ ভাৰতীয় দলৰ অ'পেনাৰ হিচাপে খেলিবলৈ লয় আৰু সফলতা অৰ্জন কৰে। ২০১৩ চনৰ নৱেম্বৰত নিজৰ কেৰিয়াৰৰ প্ৰথম দুখন টেষ্টত তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে একেলেথাৰিয়ে দুটা শতৰাণ অৰ্জন কৰে। তেওঁ কলিকতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত অনুষ্ঠিত অভিষেক টেষ্টত ১৭৭ ৰাণ আৰু তাৰ পাছৰখন টেষ্টত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত তেওঁ ১১১* ৰাণৰ ইনিংছ খেলে।১২
২০১৪ চনৰ ১৩ নৱেম্বৰত কলিকতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে এখন এদিনীয়া খেলত ২৬৪ ৰাণৰ বিশাল ইনিংছ খেলে। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ ইতিহাসত ইয়ে বৰ্তমানলৈকে সৰ্বাধিক ব্যক্তিগত স্ক'ৰ।৩
অভিলেখ আৰু কৃতিত্ব
- ২০১৪ চনৰ ১৩ নৱেম্বৰ তাৰিখে কলিকতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে ২৬৪ ৰাণ কৰি ৰোহিত শৰ্মা এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ এটা ইনিংছত সৰ্বোচ্চ ব্যক্তিগত স্ক'ৰ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে এদিনীয়া আন্তৰ্জাতিকত দুটা দ্বিশতৰাণ কৰা তেওঁ বিশ্বৰ একমাত্ৰ খেলুৱৈ।৩
- তেওঁ কেৱল বাউণ্ডেৰীৰে (চাৰি আৰু ছয়) ১৮৬ ৰাণ কৰি শ্বেন ৱাটচনৰ পূৰ্বৰ অভিলেখ ভংগ কৰে।৪
- এদিনীয়া ক্ৰিকেটৰ কোনো ইনিংছত সৰ্বাধিক সৰ্বাধিক চাৰি কোবোৱাৰ অভিলেখৰ অধিকাৰী ৰোহিত শৰ্মা (৩৩ টা)।৫
- ১৬টা ছয়েৰে এদিনীয়া ক্ৰিকেটৰ কোনো ইনিংছত সৰ্বাধিক ছয় কোবোৱাৰ অভিলেখৰ গৰাকী ৰোহিত।৬
- ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত শৰ্মাই ডেক্কান চাৰ্জাৰ্চৰ হৈ বলিং কৰি এটা হেট্ৰিকো দখল কৰিছিল।৭
বাহ্যিক সংযোগ
- ৰোহিত শৰ্মাৰ ৱিজডেন প্ৰফাইল
তথ্যসূত্ৰ
- ↑ (7 November 2013). Eden special for me, says Rohit Sharma. দ্য টাইম্ছ অৱ ইণ্ডিয়া. PTI
- ↑ Rohit debut ton, Ashwin fifty lift India. ESPN Cricinfo
- ↑ Records / One-Day Internationals / Batting records / Most runs in an innings. ESPNcricinfo
- ↑ Most runs from fours and sixes in an innings. ESPNCricinfo
- ↑ Records / One-Day Internationals / Batting records / Most fours in an innings. ESPNcricinfo
- ↑ Most sixes in an innings. ESPNCricinfo
- ↑ Siddhartha Talya. (6 May 2009). Sharma heroics ensure Deccan win. ESPNCricinfo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোহিত শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৭০১৩৫ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।