অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিৰাট কোহলি

বিৰাট ক'হলি (জন্ম ৫ নৱেম্বৰ ১৯৮৮) এজন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। টপ অৰ্ডাৰত খেলা সোঁহতীয়া বেট্‌ছমেনজন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। ২০০৮ চনত মালয়েছিয়াত অনুষ্ঠিত ১৯-অনুৰ্দ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰা ভাৰতীয় দলৰ তেওঁ অধিনায়ক আছিল।

হালনাগাদ: ৪ মে’ ২০২৬ ৪৩১ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বিৰাট ক'হলি (জন্ম ৫ নৱেম্বৰ ১৯৮৮) এজন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। টপ অৰ্ডাৰত খেলা সোঁহতীয়া বেট্‌ছমেনজন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক।১ ২০০৮ চনত মালয়েছিয়াত অনুষ্ঠিত ১৯-অনুৰ্দ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰা ভাৰতীয় দলৰ তেওঁ অধিনায়ক আছিল। ঘৰুৱা ক্ৰিকেটত তেওঁ দিল্লী দলৰ হৈ খেলে আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ দলৰ তেওঁ প্ৰাক্তন অধিনায়ক।২

২০০৮ চনত ক'হলিয়ে ভাৰতৰ হৈ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত আত্মপ্ৰকাশ কৰে আৰু ২০১১ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ তেওঁ সদস্য আছিল। এদিনীয়া দলত নিয়মীয়াকৈ খেলি আছিল যদিও ক'হলিয়ে ২০১১ চনতহে টেষ্টত আত্মপ্ৰকাশ কৰে কিংষ্ট'নত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে। ২০১১-১২ চনত এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ক'হলিয়ে প্ৰথম টেষ্ট শতক অৰ্জন কৰে।৩

এদিনীয়া ক্ৰিকেটত ক'হলিৰ নামত বহুখিনি অভিলেখ আছে। ইয়াৰ ভিতৰত ভাৰতীয় বেট্‌ছমেনৰ দ্ৰুততম শতৰাণ৪ আৰু যিকোনো দেশৰ হৈ আটাইতকৈ কম খেলত ১৭টা শতৰাণ উল্লেখযোগ্য।৫সৌৰভ গাংগুলী (১৯৯৭-২০০০), শচীন তেণ্ডুলকাৰ (১৯৯৬-৯৮) আৰু মহেন্দ্ৰ সিং ধোনিৰ (২০০৭-০৯) পাছতে তেওঁ এদিনীয়া ক্ৰিকেটত ক্ৰমাগত তিনি বা ততোধিক বৰ্ষত ১০০০ বা ততোধিক ৰাণ কৰা চতুৰ্থ বেট্‌ছমেন।৫ এদিনীয়া ক্ৰিকেটৰ দ্বিতীয় ইনিংছত বেটিং কৰি ১৪ টা শতৰাণ কৰি তেওঁ শচীন টেণ্ডুলকাৰৰ পাছতে দ্বিতীয় স্থানত আছে। দুবাৰকৈ ক্ৰমাগত ৫ খন খেলত ৫০ বা ততোথিক ৰাণ কৰা তেওঁ প্ৰথম খেলুৱৈ।৫ ২০১২ চনত ক'হলিয়ে আই চি চি বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈৰ সন্মান লাভ কৰে।৬ ২০১৩ চনৰ নৱেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে আই চি চি এদিনীয়া বেট্‌ছমেনৰ ৰেংকিঙত প্ৰথম স্থান লাভ কৰে।৭ ২০১৪ চনত বাংলাদেশত অনুষ্ঠিত টুৱেণ্টী ২০ বিশ্বকাপত তেওঁ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ (মেন অৱ দ্য টুৰ্ণামেণ্ট) সন্মান লাভ কৰে।৮

অভিলেখ

দ্ৰুততম শতৰাণ

  • এদিনীয়া ক্ৰিকেটত কোনো ভাৰতীয় খেলুৱৈৰ দ্ৰুততম শতৰাণ, ৫২ বলত, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে, জয়পুৰ, ১৬ অক্টোবৰ ২০১৩।৯

সাফল্য

  • এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সবাতোকৈ কম খেলত ১০০০ ৰাণ।১০
  • এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সবাতোকৈ কম খেলত ৩০০০ ৰাণ।১১
  • এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সবাতোকৈ কম খেলত ৪০০০ ৰাণ।১২
  • এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সবাতোকৈ কম খেলত ৫০০০ ৰাণ।১৩
  • এদিনীয়া ক্ৰিকেটত যিকোনো দলৰ হৈ সবাতোকৈ কম খেলত ৬০০০ ৰাণ।১৪
  • আটাইতকৈ কম এদিনীয়া খেলত ১০ টা শতৰাণৰ তালিকাত দ্বিতীয় স্থান, ভাৰতৰ হৈ প্ৰথম স্থান।১৫
  • আটাইতকৈ কম এদিনীয়া খেলত ১৫ টা শতৰাণৰ তালিকাত দ্বিতীয় স্থান, ভাৰতৰ হৈ প্ৰথম স্থান।১৬
  • আটাইতকৈ কম এদিনীয়া খেলত ২০ টা শতৰাণৰ তালিকাত দ্বিতীয় স্থান, ভাৰতৰ হৈ প্ৰথম স্থান।১৭

কেলেণ্ডাৰ বৰ্ষৰ সৰ্বাধিক ৰাণ

  • ২০১০ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ।১৮
  • ২০১১ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ।১৯
  • ২০১২ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ।২০
  • ২০১৩ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ।২১
  • ২০১৪ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ।২২
  • ২০১১ চনত এদিনীয়া ক্ৰিকেটত যিকোনো দলৰ হৈ সৰ্বাধিক ৰাণ।২৩
  • ২০১২ চনত টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ।২৪

সৰ্বাধিক শতৰাণ

  • ২০১০ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক শতৰাণ।২৫
  • ২০১১ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক শতৰাণ।২৬
  • ২০১২ চনত এদিনীয়া ক্ৰিকেটত যিকোনো দলৰ হৈ সৰ্বাধিক শতৰাণ।২৭
  • ২০১৪ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক শতৰাণ।২৮

অধিনায়কৰ অভিলেখ

  • অধিনায়ক হিচাপে টেষ্টৰ প্ৰথম তিনিটা ইনিংছত তিনিটা শতৰাণ কৰা প্ৰথম খেলুৱৈ। ইয়াৰ আগেয়ে গ্ৰেগ চেপেলে টেষ্টৰ অধিনায়ক হিচাপে প্ৰথম দুটা ইনিংছত শতৰাণ কৰিছিল।২৯

সন্মান

  • টুৱেণ্টি ২০ বিশ্বকাপ ২০১৪ৰ শ্ৰেষ্ঠ খেলুৱৈ (প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট)।৩০
  • আই চি চি বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ ২০১২৩১
  • অৰ্জুন বঁটা ২০১৩৩২৩৩
  • চিয়েট (Ceat) আন্তৰ্জাতিক বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ ২০১৩-১৪
  • প্ৰিয় খেলুৱৈ, পিপ্‌লছ চইচ এৱাৰ্ড্‌ছ ২০১২

তথ্যসূত্ৰ

  1. ↑ MS Dhoni retires from Test Cricket, Virat Kohli named Test Captain. NewsX
  2. ↑ (20 February 2013). Kohli named RCB skipper for IPL 6. Royal Challengers
  3. ↑ Virat Kohli | Cricket Players and Officials. ESPN Cricinfo
  4. ↑ Virat Kohli's whirlwind knock shatters ODI record books | India vs Australia Series, 2013–14 – News | NDTVSports.com . Sports.ndtv.com. Retrieved on 2013-12-23
  5. ↑ www.espncricinfo.com/india-v-australia-2013-14/c. Reverted on 2nd november 2013
  6. ↑ Virat Kohli wins ICC one-day player of the year award. IndiaToday
  7. ↑ (3 November 2013). Kohli and Ajmal top ODI rankings. ESPNcricinfo
  8. ↑ (6 April 2014). Man of the Series Virat Kohli pleased with World T20 outing. IBN Live
  9. ↑ Ind vs Aus Stats: Virat Kohli scores fastest ton by an Indian in ODIs | India vs Australia Series, 2013–14 – News | NDTVSports.com . Sports.ndtv.com. Retrieved on 2013-12-23
  10. ↑ Records | One-Day Internationals | Batting records | Fastest to 1000 runs | ESPN Cricinfo. Stats.espncricinfo.com
  11. ↑ Records | One-Day Internationals | Batting records | Fastest to 3000 runs | ESPN Cricinfo. Stats.espncricinfo.com
  12. ↑ Records | One-Day Internationals | Batting records | Fastest to 4000 runs | ESPN Cricinfo. Stats.espncricinfo.com
  13. ↑ stats.espncricinfo.com/wi/content/records/283182
  14. ↑ www.thehindu.com/sport/cricket/virat-kohli-quick India vs Sri Lanka Series, 2014– News | the hindu.com]. Retrieved on 2014-11-10
  15. ↑ Menon, Mohandas. (14 March 2012). Virat fastest to 10th 100. The Telegraph
  16. ↑ (25 July 2013). Kohli tops Anwar's record, becomes fastest to score 15 tons. The Hindustan Times
  17. ↑ আৰ্কাইভ কপি
  18. ↑ Cricket Records | Records | 2010 | One-Day Internationals | Most runs | ESPN Cricinfo. Stats.espncricinfo.com
  19. ↑ Cricket Records | Records | 2011 | One-Day Internationals | Most runs | ESPN Cricinfo. Stats.espncricinfo.com
  20. ↑ Cricket Records | Records | 2012 | One-Day Internationals | Most runs | ESPN Cricinfo. Stats.espncricinfo.com
  21. ↑ Cricket Records | Records | 2012 | One-Day Internationals | Most runs | ESPN Cricinfo. Stats.espncricinfo.com
  22. ↑ stats.espncricinfo.com/ci/engine/records/batting
  23. ↑ Records | One-Day Internationals | Batting records | Most runs in a calendar year | ESPN Cricinfo
  24. ↑ (1970-01-01). Cricket Records | Records | 2012 | Test matches | Most runs | ESPN Cricinfo. Stats.espncricinfo.com
  25. ↑ Cricket Records | Records | 2010 | One-Day Internationals | Most hundreds | ESPN Cricinfo. Stats.espncricinfo.com
  26. ↑ Cricket Records | Records | 2011 | One-Day Internationals | Most hundreds | ESPN Cricinfo. Stats.espncricinfo.com
  27. ↑ Cricket Records | Records | 2012 | One-Day Internationals | Most hundreds | ESPN Cricinfo. Stats.espncricinfo.com
  28. ↑ stats.espncricinfo.com/ci/engine/records/batting
  29. ↑ (8 January 2015). Virat Kohli breaks Test captaincy world record. Cricketnext. IBN Live
  30. ↑ India's Virat Kohli is Player of ICC World Twenty20 2014. Zee News
  31. ↑ (15 September 2012). Virat Kohli named ICC ODI Player of the Year. Times of India
  32. ↑ (13 August 2013). Arjuna Award for Virat Kohli. NDTV
  33. ↑ (13 August 2013). Virat Kohli to get Arjuna Award. Mid-day

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰঅৰ্জুন বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিৰাট কোহলি” প্ৰবন্ধৰ সংশোধন ৬০৪৩৫৯ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।