ভাৰতী এয়াৰটেল লিমিটেড চমুকৈ এয়াৰটেল (ইংৰাজী: Airtel) হৈছে ভাৰতবৰ্ষৰ এটা বহুজাতিক ম'বাইল নেটৱৰ্ক পৰিচালন প্ৰতিষ্ঠান। ভাৰতৰ নতুন দিল্লীত মুখ্য কাৰ্যালয় অৱস্থিত এই প্ৰতিষ্ঠানটোৱে ৱায়াৰলেছ ভয়্চ, বাৰ্তা সৰবৰাহ আৰু তথ্য সৰবৰাহৰ সেৱা আগবঢ়ায়। ই সমগ্ৰ দক্ষিণ এছিয়া আৰু আফ্ৰিকাৰ ১৮খন দেশৰ লগতে চেনেল দ্বীপপুঞ্জত কাম কৰে। ই ভাৰতৰ দ্বিতীয় বৃহত্তম মোবাইল নেটৱৰ্ক অপাৰেটৰ আৰু বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নেটৱৰ্ক অপাৰেটৰ।১
ইতিহাস
১৯৮৪ চনত সুনীল মিত্তলে ভাৰতত প্ৰথম বাৰৰ কাৰণে পুছ বুটাম ফোন এছেম্বল কৰিবলৈ আৰম্ভ কৰে,২ যিবোৰ তেওঁ আগতে ছিংগাপুৰৰ এটা কোম্পানী চিংটেলৰ পৰা আমদানি কৰিছিল। তেতিয়া দেশত ব্যৱহৃত পুৰণি কালৰ, ডাঙৰ ডাঙৰ ৰটাৰী ফোন প্ৰচলনত আছিল। ভাৰতী টেলিকম লিমিটেড (বিটিএল)ক সংযুক্ত কৰি জাৰ্মানীৰ ছিমেন্স এজিৰ সৈতে কাৰিকৰী সম্পৰ্ক স্থাপন কৰি নব্বৈৰ দশকৰ আৰম্ভণিতে ভাৰতীয়ে ফেক্স মেচিন, কৰ্ডলেছ ফোন আৰু অন্যান্য টেলিকম গিয়াৰ তৈয়াৰ কৰিছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এয়াৰটেল” প্ৰবন্ধৰ সংশোধন ৫২৮৩১১ (২৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।