অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

এণ্ড্ৰইড

এণ্ড্ৰইড বা এণ্ড্ৰৈড (Android) হৈছে লীনাক্স ভিত্তিক সৰ্বাধিক ব্যৱহৃত টাচ স্ক্ৰীন ম’বাইল আৰু টেবলেট কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম। Android Inc.ক ২০০৫ চনত গুগলে ক্ৰয় কৰে। তাৰ পাছৰে পৰা গুগলে অ’পেন হেণ্ডচেট এলায়েঞ্চৰ সৈতে লগ লাগি এই অপাৰেটিং চিষ্টেমটোৰ বিকাশ কৰি আহিছে।

হালনাগাদ: ৯ জুলাই ২০২৬ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

এণ্ড্ৰইড বা এণ্ড্ৰৈড (Android) হৈছে লীনাক্স ভিত্তিক সৰ্বাধিক ব্যৱহৃত টাচ স্ক্ৰীন ম’বাইল আৰু টেবলেট কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম। Android Inc.ক ২০০৫ চনত গুগলে ক্ৰয় কৰে।১ তাৰ পাছৰে পৰা গুগলে অ’পেন হেণ্ডচেট এলায়েঞ্চৰ সৈতে লগ লাগি এই অপাৰেটিং চিষ্টেমটোৰ বিকাশ কৰি আহিছে। আপাচে অনুজ্ঞাপত্ৰৰ অধীনত গুগলে ইয়াক মুক্ত উৎস হিচাপে মুকলি কৰি দিছে। এণ্ড্ৰইড জাভা লেংগুৱেজ ভিত্তিক আৰু ইয়াৰ এপ্লিকেচনসমূহ এ ডি টি (এণ্ড্ৰইড ডেভেলপমেণ্ট টুল) নামৰ প্লাগ ইনটোৰ সহায়ত সাজিব পৰা যায়। ইয়াৰ উপৰিও এণ্ড্ৰইড লেপটপ, নেটবুক, স্মাৰ্টবুক, কেমেৰা আৰু স্মাৰ্ট টি ভি (গুগল টিভি) সমূহতো ব্যৱহাৰ কৰিব পৰা যায়।১

এণ্ড্ৰইডৰ এক বিশাল বিকাশ (ডেভেলপাৰ)ৰ সমাজ আছে, এইসকলে বিকাশ কৰা এণ্ড্ৰইড এপ্লিকেচন সমূহ গুগল প্লে’ আৰু আমাজ’ন এপ ষ্ট’ৰত পোৱা যায়। এণ্ড্ৰইডৰ বহুল ব্যৱহাৰে জাভা লেংগুৱেজক পৃথিৱীৰ সকলোতকৈ বেছি ব্যৱহৃত প্ৰ’গ্ৰামিং লেংগুৱেজত পৰিগণিত কৰে। ২০১১ চনত বিশ্বজুৰি ৫০০ নিযুততকৈ অধিক এণ্ড্ৰইড ব্যৱহাৰকাৰী আছিল। যি আছিল টেবলেট আৰু ম’বাইল (স্মাৰ্ট ফোন) ব্যৱহাৰকাৰীৰ মুঠ সংখ্যাৰ ৭৫%।১ ছেপ্টেম্বৰ ২০১২ত এণ্ড্ৰইডত ব্যৱহাৰযোগ্য মুঠ এপ্লিকেচনৰ সংখ্যা আছিল প্ৰায় ৬,৭৫,০০০ আৰু তেতিয়া লৈকে এণ্ড্ৰইড ব্যৱহাৰকাৰী সকলে গুগল প্লেৰ পৰা মুঠ ২৫ বিলিয়ন এপ্লিকেচন ডাউনল’ড কৰিছিল।১

এণ্ড্ৰইডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তা

এণ্ড্ৰইডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তাৰ পৰিসংখ্যা নবেম্বৰ ১, ২০১২
এণ্ড্ৰইডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তাৰ পৰিসংখ্যা নবেম্বৰ ১, ২০১২ছবি: Android Open Source project · CC BY 2.5

এণ্ড্ৰইডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তাৰ পৰিসংখ্যা নবেম্বৰ ১, ২০১২২ অধিকাংশ এণ্ড্ৰইড যুক্ত সঁজুলিতেই সমূহত বৰ্তমান এণ্ড্ৰইড ৬ ডিচেম্বৰ ২০১০ত মুক্তি পোৱা এক পুৰণি সংষ্কৰণ ২.৩ জিনজাৰব্ৰেড ব্যৱহাৰ হৈ আছে,

সংষ্কৰণক’ড নামমুক্তিৰ তাৰিখএ পি আই লেভেলবিতৰণ (ডিচেম্বৰ ৩, ২০১২)
৪.৪কিট-কাট৩N/A১৯০.০%
৪.৩জেলি বিনজুলাই ২৪, ২০১৩১৮০.০%
৪.২জেলি বিননবেম্বৰ ১৩, ২০১২১৭০.৮%
৪.১.xজেলি বিনজুলাই ৯, ২০১২১৬৫.৯%
৪.০.xআইচ ক্ৰীম ছেণ্ডৱিচডিচেম্বৰ ১৬, ২০১১১৫২৭.৫%
৩.২হ’নিকম্বজুলাই ১৫, ২০১১১৩১.২%
৩.১হ’নিকম্বমে’ ১০, ২০১১১২০.৪%
২.৩.৩–২.৩.৭জিনজাৰব্ৰেডফেব্ৰুৱাৰী ৯, ২০১১১০৫০.৬%
২.৩–২.৩.২জিনজাৰব্ৰেডডেচেম্বৰ ৬, ২০১০৯০.২%
২.২ফ্ৰ’য়’মে’ ২০, ২০১০৮১০.৩%
২.০–২.১ইকলেয়াৰঅক্টোবৰ ২৬, ২০০৯৭২.৭%
১.৬ড’নাতছেপ্টেম্বৰ ১৫, ২০০৯৪০.৩%
১.৫কাপকেকএপ্ৰিল ৩০, ২০০৯৩০.১%

তথ্যসূত্ৰ

  1. ↑ thinkdigit.com. (২০১২). Encyclopedia Technica A to E. ডিজিট. পৃ. ১৭
  2. ↑ (December 3, 2012). Android Platform Versions. Android Developers
  3. ↑ Lai, Richard. (2013-07-26). Google teases Android 4.4 as 'KitKat,' passes one billion Android activations (video). Engadget.com

সম্পৰ্কিত শ্ৰেণী

অপাৰেটিং চিষ্টেম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এণ্ড্ৰইড” প্ৰবন্ধৰ সংশোধন ৬১৬৩৬৯ (৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।