অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (International Cricket Council; চমুকৈ আই.চি.চি) হৈছে ক্ৰিকেটৰ বিশ্বব্যাপী শাসক সংস্থা। ১৯০৯ চনত অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধিয়ে ইয়াক ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স হিচাপে প্ৰতিষ্ঠা কৰিছিল।

হালনাগাদ: ১০ জুন ২০২৪ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (International Cricket Council; চমুকৈ আই.চি.চি) হৈছে ক্ৰিকেটৰ বিশ্বব্যাপী শাসক সংস্থা। ১৯০৯ চনত অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধিয়ে ইয়াক ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স হিচাপে প্ৰতিষ্ঠা কৰিছিল। ১৯৬৫ চনত ইয়াৰ নাম সলনি কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সন্মিলন কৰা হয়, আৰু ১৯৮৭ চনত ইয়াৰ বৰ্তমানৰ নাম লোৱা হয়। আইচিচিৰ মুখ্য কাৰ্যালয় সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইত।

আইচিচিৰ বৰ্তমান ১০৮খন সদস্য ৰাষ্ট্ৰ আছে: যʼত ১২জন সম্পূৰ্ণ সদস্য যিয়ে টেষ্ট মেচ খেলে, আৰু বাকী ৯৬খন ৰাষ্ট্ৰ সহযোগী সদস্য। ক্ৰিকেটৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ আয়োজন আৰু শাসনৰ দায়িত্ব আই চি চিৰ ওচৰত আছে, য’ত ক্ৰিকেট বিশ্বকাপ আৰু টি-২০ বিশ্বকাপ ইত্যাদি প্ৰতিযোগিতা উল্লেখযোগ্য।

সদস্য

border=darkgray}} অ-তালিকাভুক্ত সদস্য
border=darkgray}} অ-তালিকাভুক্ত সদস্যছবি: Olasyar · CC BY-SA 4.0

সম্পূৰ্ণ সদস্য – আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ভিতৰত সম্পূৰ্ণ ভোটাধিকাৰ থকা আৰু আনুষ্ঠানিক টেষ্ট মেচ খেলা দলৰ বাৰটা শাসকীয় সংস্থা।

দলঅঞ্চলভৰ্তিৰ তাৰিখ
ইংলেণ্ডইউৰোপ১৯০৯
অষ্ট্ৰেলিয়াপূব এছিয়া১৯০৯
দক্ষিণ আফ্ৰিকাআফ্ৰিকা১৯০৯
ৱেষ্ট ইণ্ডিজআমেৰিকা যুক্তৰাষ্ট্ৰ১৯২৬
নিউজিলেণ্ডপূব এছিয়া১৯২৬
ভাৰতএছিয়া১৯৪৮
পাকিস্তানএছিয়া১৯৫২
শ্ৰীলংকাএছিয়া১৯৮১
জিম্বাবুৱেআফ্ৰিকা১৯৯২
বাংলাদেশএছিয়া২০০০
আয়াৰলেণ্ডইউৰোপ২০১৭
আফগানিস্তানএছিয়া২০১৭

সহযোগী সদস্য – ক্ৰিকেট দৃঢ়ভাৱে প্ৰতিষ্ঠিত আৰু সংগঠিত হৈ থকা ৯৬খন দেশৰ শাসকীয় সংস্থাসমূহক এতিয়াও সম্পূৰ্ণ সদস্যপদ প্ৰদান কৰা হোৱা নাই।

নিয়ম-নীতি

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে খেলৰ অৱস্থা, বলিং পৰ্যালোচনা, আৰু অন্যান্য আইচিচিৰ নিয়মৰ তদাৰক কৰে। আইচিচিৰ ক্ৰিকেটৰ আইনসমূহৰ কপিৰাইট নাই, কেৱল এমচিচিয়েহে আইনসমূহ সলনি কৰিব পাৰে, যদিও সাধাৰণতে খেলখনৰ বিশ্বব্যাপী শাসকীয় সংস্থাৰ সৈতে আলোচনা কৰি এই কাম কৰা হয়।

আইচিচিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে খেলাৰ চৰ্তসমূহৰ এটা গোট বজাই ৰাখে, যিয়ে আইনসমূহৰ সামান্য সংশোধন কৰে। ইয়াৰ উপৰিও তেওঁলোকৰ এটা "আচৰণ বিধি" আছে যিটো আন্তঃৰাষ্ট্ৰীয় মেচত দল আৰু খেলুৱৈসকলে মানি চলিব লাগে। য’ত, এই সংহিতা উলংঘা হয়। তাত আইচিচিয়ে নিষেধাজ্ঞা প্ৰয়োগ কৰিব পাৰে, যি সাধাৰণতে জৰিমনা ৰূপত প্ৰয়োগ কৰা হয়। ২০০৮ চনত আইচিচিয়ে খেলুৱৈৰ ওপৰত ১৯টা পেনাল্টি আৰোপ কৰিছিল।

আঞ্চলিক সংস্থাসমূহ

নিম্নোক্ত আঞ্চলিক সংস্থাসমূহৰ লক্ষ্য হৈছে ক্ৰিকেট খেলক সংগঠিত, প্ৰচাৰ আৰু বিকাশ কৰা:

  • এছিয়ান ক্ৰিকেট কাউন্সিল
  • ইউৰোপীয়ান ক্ৰিকেট কাউন্সিল
  • আফ্ৰিকান ক্ৰিকেট কাউন্সিল
  • আই.চি.চি আমেৰিকাছ
  • আই.চি.চি ইষ্ট এছিয়া-পেচিফিক

আফ্ৰিকান ক্ৰিকেট এছ’চিয়েশ্যন গঠনৰ পিছত আৰু দুটা আঞ্চলিক সংস্থা বিচ্ছিন্ন কৰা হয়:

  • পূব আৰু মধ্য আফ্ৰিকা ক্ৰিকেট পৰিষদ
  • পশ্চিম আফ্ৰিকা ক্ৰিকেট পৰিষদ

গ্ল’বেল ক্ৰিকেট একাডেমী

আই.চি.চি গ্ল’বেল ক্ৰিকেট একাডেমী, সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাই স্প’ৰ্টছ চিটিত অৱস্থিত। জি.চি.এৰ প্ৰত্যেকতে ১০খন টাৰ্ফ পিটচ, আউটড’ৰ টাৰ্ফ আৰু চিন্থেটিক প্ৰেকটিছৰ সুবিধা, হক আই প্ৰযুক্তিকে ধৰি ইনড’ৰ প্ৰেকটিছৰ সুবিধা আৰু ক্ৰিকেট নিৰ্দিষ্ট জিমনেছিয়াম ইত্যাদি সুবিধা উপলব্ধ। একাডেমীৰ প্ৰশিক্ষক সঞ্চালক হৈছে ৰড মাৰ্ছক। প্ৰথমতে ২০০৮ চনৰ বাবে পৰিকল্পনা কৰা এই একাডেমীৰ মুকলি অনুষ্ঠানটো ২০১০ চনত হৈছিল।

সম্পৰ্কিত শ্ৰেণী

ক্ৰিকেটভাৰতত ক্ৰিকেটক্ৰীড়া সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ” প্ৰবন্ধৰ সংশোধন ৪২২৬৫৩ (১০ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।