অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০১৩

২০১৩ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, সংক্ষেপে আই পি এল ৬ বা আই পি এল ২০১৩ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ দ্বাৰা ২০০৭ চনত প্ৰতিষ্ঠাপিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠ বৰ্ষ। ২০১৩ চনৰ ৩ এপ্ৰিলত আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৬ মে'লৈকে চলিব আৰু এইবাৰ মুঠ ৯টা দলে অংশগ্ৰহণ কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৭৪৭ শব্দ · ৪ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

২০১৩ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, সংক্ষেপে আই পি এল ৬ বা আই পি এল ২০১৩ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ দ্বাৰা ২০০৭ চনত প্ৰতিষ্ঠাপিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠ বৰ্ষ। ২০১৩ চনৰ ৩ এপ্ৰিলত আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৬ মে'লৈকে চলিব আৰু এইবাৰ মুঠ ৯টা দলে অংশগ্ৰহণ কৰিছে।১ ২০১৩ চনৰ ২ এপ্ৰিল তাৰিখে কলিকতাৰ ছল্ট লে'ক ষ্টেডিয়ামত এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আয়োজিত হয়। প্ৰতিযোগিতাখনত পেপছিক'ই শিৰোনাম স্পনছৰ কৰা এইটো প্ৰথম বৰ্ষ। এই বৰ্ষৰ আই পি এলৰ ডিফেণ্ডিং চেম্পিয়ন হ'ল কলকাতা নাইট ৰাইডাৰ্ছ, তেওঁলোকে ২০১২ চনৰ আই পি এলৰ ফাইনেলত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি বিজয়ী হৈছিল।

নেপথ্য

স্পনছৰ

২০১৩ চনত ডি এল এফ লিমিটেডক আঁতৰাই পেপছিক’ই আই পি এলৰ শিৰোনাম স্পনছৰ কৰে। ডি এল এফৰ ₹২৫০ কোটিৰ প্ৰাৰম্ভিক ৫ বছৰীয়া চুক্তিটোৰ ২০১২ চনত ম্যাদ উকলি যায় আৰু ২০১৩ চনত ৫ বছৰৰ কাৰণে পেপছিক’ই ₹৩৯৬.৮ কোটিত এই চুক্তি কৰে।২৩ ডি এল এফতকৈ বেছি মূল্যত এই স্পনছৰ কৰা সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত পেপছিক’ৰ এজন প্ৰতিনিধিয়ে কয় যে তেওঁলোকে যিমান খৰচ কৰিছে, তাৰ ৫-৬ গুণ বেছি ধন তেওঁলোকে ঘূৰাই পাব। অৱশ্যে ব্ৰাণ্ড ফাইনেন্সৰ মতে ২০১০ চনৰ $৪.১ বিলিয়ন মূল্যৰ আই পি এলৰ ব্ৰাণ্ড মূল্য কমি গৈ ২০১২ চনত $২.৯ বিলিয়ন হৈছেগৈ আৰু আই পি এলৰ দুৰদৰ্শন ৰেটিঙো যোৱা দুবছৰত কমি আহিছে।৪

ডেক্কান চাৰজাৰ্ছৰ নিলম্বন

ক’চি টাস্কাৰ্ছ কেৰালা আই পি এলৰপৰা প্ৰথম নিলম্বিত হোৱাৰ পাছত দ্বিতীয়টো নিলম্বিত দল হিচাপে পৰিগণিত হয় ২০০৯ চনৰ বিজয়ী ডেক্কান চাৰজাৰ্ছ। ব’ম্বে উচ্চ ন্যায়ালয় আৰু ভাৰতীয় উচ্চতম ন্যায়ালয়ত বহু চেষ্টাৰ পিছতো ডেক্কানৰ স্বতাধিকাৰীয়ে দলটো বচাব নোৱাৰিলে। চাৰজাৰ্ছৰ নিলম্বনৰ লগে লগেই বি চি চি আয়ে হাইদৰাবাদ ফ্ৰেন্সাইজিৰ কাৰণে নতুন নিবিদা আহ্বান কৰিলে। ২০১২ চনৰ ২৫ অক্টোবৰত ঘোষণা কৰা হয় যে ছান টিভি নেটৱৰ্কে বাৰ্ষিক ₹৮৫.০৫ কোটি মূল্যত এই ফ্ৰেন্সাইজি লাভ কৰে।৫ নতুন দলটোৰ নাম দিয়া হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ৬

খেলুৱৈৰ সালসলনি

২০১২ চনৰ অক্টোবৰত দলসমূহক তেওঁলোকৰ খেলুৱৈ খৰচ কমাবৰ কাৰণে যিকোনো সংখ্যক খেলুৱৈক চুক্তিৰপৰা মুক্তি দিবলৈ অনুমতি দিয়া হৈছিল। চুক্তিৰপৰা মুক্ত খেলুৱৈসকলক পুনৰ নিলামত ভৰ্তি হোৱাৰ সুবিধা দিয়া হৈছিল। ২০১৩ চনৰ ৩ ফেব্ৰুৱাৰীত নিলাম অনুষ্ঠিত হৈছিল,৭ য’ত ৩৭ জন খেলুৱৈ বিক্ৰী হৈছিল।৮

বিদেশী খেলুৱৈৰ অংশগ্ৰহণ

যদিও ২০১২ চনৰ ডিচেম্বৰ আৰু ২০১৩ চনৰ জানুৱাৰী মাহত পাকিস্থান ক্ৰিকেট দলে ভাৰতত খেলি যোৱাৰ পাছত দুয়োখন দেশৰ মাজৰ ক্ৰিকেটীয় সম্বন্ধৰ পুনৰ্স্থাপন কিছু পৰিমাণে আগবাঢ়িছে, তথাপি ২০১৩ চনৰ আই পি এলৰ নিলামত কোনো পাকিস্থানী খেলুৱৈক অন্তৰ্ভুক্ত কৰা নহ’ল।৯১০ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে বাংলাদেশী খেলুৱৈসকলক আই পি এলত খেলিবৰ কাৰণে প্ৰয়োজন হোৱা ন’ অবজেক্চন চাৰ্টিফিকেট (NOC) প্ৰদান নকৰাৰ সিদ্ধান্ত লোৱাৰ ফলত এই প্ৰতিযোগিতাত বাংলাদেশী খেলুৱৈৰ অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিল। বাংলাদেশ ক্ৰিকেট দলৰ জিম্বাব’ৱে ভ্ৰমণ আৰু আই পি এলৰ তাৰিখ একেসময়তে পৰাৰ কাৰণে ব’ৰ্ডে এই সিদ্ধান্ত লয়। অৱশ্যে ইয়াৰ দ্বাৰা প্ৰভাৱিত খেলুৱৈদ্বয় শ্বাকিব অল হাছান আৰু তামিম ইকবাল দুয়োজন আঘাতৰ বাবে আই পি এলত অংশগ্ৰহণ কৰিব পৰা নাই।১১

প্ৰতিযোগিতা আৰম্ভ হোৱাৰ কেইদিনমান আগতে আই পি এল গৱৰ্ণিং কাউন্সিলে ঘোষণা কৰে যে শ্ৰীলংকাৰ ক্ৰিকেটাৰ আৰু বিষয়ববীয়াসকলক চেন্নাইত অনুষ্ঠিত হ’বলগা খেলসমূহত ভাগ ল’বলৈ দিয়া নহ’ব।১২ সিংহলী আৰু শ্ৰীলংকান তামিলসকলৰ মাজৰ ethnicity বিবাদৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক অশান্তিৰ ফলত এই সিদ্ধান্ত লোৱা হয়। তামিলনাডুৰ জনসাধাৰণৰ সিংহলী বিৰোধী ভাবধাৰাই শ্ৰীলংকাৰ খেলুৱৈৰ সুৰক্ষাত ভাবুকিৰ সৃষ্টি কৰিছিল। তামিল নাডুৰ মুখ্যমন্ত্ৰী জয়ললিতাই শ্ৰীলংকাৰ খেলুৱৈক নিষিদ্ধ কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ চিঠি লিখে আৰু ইয়াৰ পাছতে কাউন্সিলে এই সিদ্ধান্ত লয়।১৩

উদ্বোধনী অনুষ্ঠান

, উদ্বোধনী অনুষ্ঠানৰ স্থান]]

ভাৰতৰ সৰ্ববৃহৎ ষ্টেডিয়াম আৰু আসনৰ সংখ্যাৰ হিচাপত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টেডিয়াম, কলিকতাৰ ছল্ট লে'ক ষ্টেডিয়াম বা যুৱ ভাৰতী ক্ৰীড়াংগনত ২০১৩ চনৰ ২ এপ্ৰিল তাৰিখে এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। আটাইকেইটা দলে নিজৰ নিজৰ অধিনায়কৰ নেতৃত্বত এম চি চি স্পিৰিট অৱ ক্ৰিকেট শপত লয়। আমেৰিকান ৰেপ গায়ক পিটবুল আৰু বলিউদৰ অভিনেতা শ্বাহৰুখ খান, অভিনেত্ৰী কেট্ৰিনা কেইফ আৰু দীপিকা পাডুকনে নৃত্য-গীত পৰিৱেশন কৰা এই উদ্বোধনী অনুষ্ঠানত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়ও উপস্থিত থাকে।১৪১৫১৬

স্থানসমূহ

১২খন ঠাইৰ খেলপথাৰত ২০১৩ চনৰ আই পি এলৰ খেলসমূহ অনুষ্ঠিত হৈছে। ইয়াৰে ৰায়পুৰ আৰু ৰাঁচিয়ে প্ৰথমবাৰৰ কাৰণে আই পি এলৰ খেল আয়োজন কৰিছে।১৭ প্লে' অফ পৰ্যায়ত ১ম কোৱালিফায়াৰ আৰু এলিমিনেটৰ চেন্নাইত আৰু দ্বিতীয় কোৱালিফায়াৰ আৰু ফাইনেল কলিকতাত অনুষ্ঠিত হ'ব, কিয়নো কলকাতা আৰু চেন্নাইৰ দল দুটা আগৰ বছৰৰ ক্ৰমে বিজয়ী আৰু ৰাণাৰ্ছ-আপ আছিল।১৮

জয়পুৰধৰমশালাম'হালিদিল্লী
ছাৱাই মানসিং ষ্টেডিয়ামএইচ পি চি এ ষ্টেডিয়ামপঞ্জাব ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামফিৰোজ শ্বাহ কোটলা
সামৰ্থ্য: ৩০,০০০সামৰ্থ্য: ২৩,০০০সামৰ্থ্য: ৩০,০০০সামৰ্থ্য: ৪৮,০০০
HPCA, Dharamshala Cricket Stadium.jpgLightsMohali.pngFiroze shah.jpg
মুম্বাইকলিকতা
ৱানখেড়ে ষ্টেডিয়ামইডেন গাৰ্ডেন ষ্টেডিয়াম
সামৰ্থ্য: ৪৫,০০০সামৰ্থ্য: ৬৭,০০০১৯
Wankhede Stadium Feb2011.jpgEden gardens ipl 2011.jpg
পুনেৰাঁচি
মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামজে এছ চি এ ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম
সামৰ্থ্য: ৫৫,০০০সামৰ্থ্য: ৩৫,০০০
Sahara Stadium Pune 4.jpg
বাংগাল'ৰচেন্নাইহাইদৰাবাদৰায়পুৰ
এম চিন্নাস্বামী ষ্টেডিয়ামএম এ চিদাম্বৰম ষ্টেডিয়ামৰাজীৱ গান্ধী ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামৰায়পুৰ ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম
সামৰ্থ্য: ৫৫,০০০সামৰ্থ্য: ৫০,০০০সামৰ্থ্য: ৫৫,০০০সামৰ্থ্য: ৬৫,০০০
MChinnaswamy-Stadium.jpg

দলসমূহৰ অৱস্থান

দল২০মুঠWLNRপইণ্টNRR
৪৩১০৬+০.৫৭৫
৪৩১০৬+০.১৩৯
৩২১০৪+০.৮৫০
৩২১০৪+০.১৮৬
২১১০২+০.৯৮৬
২১১০২+০.২৯৬
৩১২০২-০.৫২৪
৩১২০২-১.১০৬
৪০৪০০-১.১০৬

লীগৰ প্ৰগতি

গ্ৰুপ পৰ্যায়ৰ খেলপ্লে' অফ
দল১২৩৪৫৬৭৮৯১০১১১২১৩১৪১৫১৬Q1Q2F
:টোকা: গ্ৰুপ পৰ্যায়ৰ খেলৰ শেষত মুঠ পইণ্ট তালিকাত দিয়া হৈছে।colspan="3"colspan="3"colspan="3"
:নোট: খেলৰ সাৰাংশ চাবলৈ পইণ্ট (গ্ৰুপ পৰ্যায়) বা W/L-ত (প্লে' অফ) ক্লিক কৰক।গ্ৰুপ পৰ্যায়ৰ পৰা বিদায়

ফলাফল

খেলসমূহৰ সাৰাংশ

''সকলো সময় ভাৰতীয় মান সময় অনুসৰি (UTC+05:30)

গ্ৰুপ পৰ্যায়







































































প্লে' অফ পৰ্যায়




পৰিসংখ্যা

সৰ্বাধিক ৰাণ

নাগৰিকত্বখেলুৱৈ২১দলইনিংছৰাণগড়ষ্ট্ৰাইক ৰে'টসৰ্বোচ্চ স্ক'ৰশতকঅৰ্ধশতক৪৬
৪১৯৮৬৬.০০১৫০.০০৯৩*০১২৪৮
৪১৯১৯৫.৫০১৫২.৮০৯২*০২১৭১৪
৩১৮৩৬১.০০১৬৬.৩৬৮৬০২২১৭
৪১৫৯৩৯.৭৫১৩৭.০৬৭৭০২১৮৫
৩১৩৬৪৫.৩৩১১৪.২৮৬৫০২১৬২
৩১২২৪০.৬৬১২৫.৭৭৫৯০১১৩৩
২১০৬১০৬.০০১৩৭.৬৬৮৬*০১১৪২
৪১০০২৫.০০১১৩.৬৩৬৬০১১০২
৩৯৪৩১.৩৩১১০.৫৮৩৬০০৯১
৩৯৩৪৬.৫০১৩০.৯৮৭৪*০১৬৫

গ্ৰুপ পৰ্যায়ৰ সৰ্বাধিক ৰাণ কৰা খেলুৱৈজনে ফিল্ডিং কৰি থাকোঁতে কমলা ৰঙৰ টুপী (অৰেঞ্জ কেপ) পৰিধান কৰে।

সৰ্বাধিক ৱিকেট

নাগৰিকত্বখেলুৱৈ২২দলইনিংছৱিকেটগড়মিতব্যয়িতাশ্ৰেষ্ঠ প্ৰদৰ্শনষ্ট্ৰাইক ৰে'ট৪ ৱিকেট৫ ৱিকেট
৪৭১৯.০০৮.৩১৩/২৭১৩.৭০০
২৬৯.০০৬.৭৫৩/২৭৮.০০০
৩৬৯.৬৬৪.৮৩৪/১৩১২.০১০
২৬১১.৮৩৫.৯১৩/১৫১২.০০০
৪৬১২.৫০৪.৭৩৩/১১১৫.৮০০
৪৬১৯.০০৭.২৭৩/২৭১৫.৬০০
৪৬১৯.৩৩৭.৭৩২/২৯১৫.০০০
২৫১৪.২০৮.৮৭৩/২৭৯.৬০০
৪৫১৭.৪০৫.৮০২/১৭১৮.০০০
৪৫১৮.২০৫.৬৮৩/১৯১৯.২০০

গ্ৰুপ পৰ্যায়ত সৰ্বাধিক ৱিকেটলওঁতাজনে ফিল্ডিং কৰোঁতে এটা পাৰ্প'ল ৰঙৰ টুপী (পাৰ্প'ল কেপ) পৰিধান কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (22 February 2012). IPL GC ask Sahara to get consent of all franchises. Times of India
  2. ↑ (21 November 2012). Pepsi bags title sponsorship of Indian Premier League
  3. ↑ (21 November 2012). PepsiCo bags title sponsorship for IPL
  4. ↑ (23 December 2012). PepsiCo India to work hard to justify high IPL sponsorship price. Business Today
  5. ↑ (25 October 2012). Sun TV Network win Hyderabad IPL franchise. Wisden India
  6. ↑ (18 December 2012). Sun Risers to represent Hyderabad in IPL. Wisden India
  7. ↑ Karhadkar, Amol. (21 December 2012). IPL player auction on February 3. CricInfo. ESPN
  8. ↑ Ravindran, Siddarth. (3 February 2013). Million for Maxwell on day of surprises. Cricinfo. ESPN
  9. ↑ Ugra, Sharda. (2012-04-09). Pakistan's IPL participation dependent on bilateral ties - Shukla. CricInfo. ESPN
  10. ↑ Gollapudi, Nagraj. (2013-01-30). Clarke, Ponting get maximum reserve price. CricInfo. ESPN
  11. ↑ Isam, Mohammad. (2013-03-05). BCB yet to clear Shakib, Tamim for IPL. Cricinfo. ESPN
  12. ↑ (March 26, 2013). No Sri Lankan participation in Chennai IPL matches
  13. ↑ (26 March 2013). Jaya bouncer hits IPL fixtures in Chennai: No Lankans please, we are Tamils. The Telegraph
  14. ↑ (2 April 2013). IPL 2013 Opening Ceremony: Shahrukh, Katrina, Deepika to Share Stage for First Time!. International Business Times
  15. ↑ Asiaede, Bernard. (2 April 2013). IPL 2013 opening ceremony to signal the beginning of sixth edition. Sports Bulletin
  16. ↑ (2 April 2013). IPL opening ceremony: Shah Rukh Khan, Katrina, take Kolkata by storm. The Indian Express
  17. ↑ (9 March 2013). Raipur, Ranchi to host IPL matches. Cricinfo. ESPN
  18. ↑ (21 December 2012). Knight Riders host Daredevils in IPL 2013 opener. Cricinfo. ESPN
  19. ↑ Eden Gardens. CricInfo
  20. ↑ Points Table | Indian Premier League 2013 | ESPN Cricinfo. ESPN Cricinfo
  21. ↑ Cricket Records | Indian Premier League, 2013 | Records | Most runs
  22. ↑ Cricket Records · Indian Premier League, 2013 · Records · Most wickets. Cricinfo. ESPN

সম্পৰ্কিত শ্ৰেণী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগক্ৰিকেট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০১৩” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৪০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।