ক্ৰিকেট
২২ প্ৰবন্ধ
-
ক্ৰিকেট
ক্ৰিকেট এবিধ 'বেট আৰু বলৰ খেল'। দুটা দলৰ ১১ জনকৈ সদস্যৰে এই খেল ক্ৰিকেট খেলপথাৰত খেলা হয়। খেলপথাৰৰ সোঁমাজত ২২ গজ দৈৰ্ঘ্যৰ এক আয়তাকাৰ ক্ষেত্ৰ থাকে, যাক পিট্চ বোলা হয়।
-
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) হৈছে ভাৰতত অনুষ্ঠিত হোৱা এখন পেছাদাৰী টুৱেণ্টী২০ ক্ৰিকেট লীগ। মুম্বাইত মুখ্য কাৰ্যালয়স্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বি চি চি আই) আৰু ললিত মোদীয়ে এই লীগৰ সূচনা কৰিছিল। মোদী এই লীগৰ প্ৰথম মুৰব্বী আৰু আয়ুক্ত আছিল।
-
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (BCCI) (Board of Control for Cricket in India) ভাৰতৰ ক্ৰিকেট খেলৰ প্ৰধান ৰাষ্ট্ৰীয় শাসক সংস্থা।ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইৰ চাৰ্চগেটৰ ক্ৰিকেট চেণ্টাৰত অৱস্থিত। বিচিচিআই হৈছে বিশ্বৰ ভিতৰতে ক্ৰিকেটৰ আটাইতকৈ ধনী শাসকীয় সংস্থা। ইয়াৰ ৰাজহ ৫,৩০০ কোটিতকৈও অধিক।
-
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (International Cricket Council; চমুকৈ আই.চি.চি) হৈছে ক্ৰিকেটৰ বিশ্বব্যাপী শাসক সংস্থা। ১৯০৯ চনত অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধিয়ে ইয়াক ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স হিচাপে প্ৰতিষ্ঠা কৰিছিল।
-
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০১৩
২০১৩ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, সংক্ষেপে আই পি এল ৬ বা আই পি এল ২০১৩ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ দ্বাৰা ২০০৭ চনত প্ৰতিষ্ঠাপিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠ বৰ্ষ। ২০১৩ চনৰ ৩ এপ্ৰিলত আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৬ মে'লৈকে চলিব আৰু এইবাৰ মুঠ ৯টা দলে অংশগ্ৰহণ কৰিছে।
-
বিশ্বকাপ ক্ৰিকেট ২০১৯
বিশ্বকাপ ক্ৰিকেট ২০১৯ ২০১৯ চনৰ ৩০ মেৰ পৰা ১৪ জুলাইলৈকে ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত কৰা হ'ব, ই হৈছে দ্বাদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ১৯৭৫, ১৯৭৯, ১৯৮৩ আৰু ১৯৯৯ চনৰ সৈতে এইবাৰ ইংলেণ্ড আৰু ৱেলছে পঞ্চমবাৰলৈ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।
-
মহিলা টি-২০ বিশ্বকাপ
আইচিচি মহিলা টি-২০ বিশ্বকাপ (ICC Women's T20 World Cup) হৈছে ক্ৰিকেট খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটৰ এক দ্বিবাৰ্ষিক বিশ্বকাপ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আইচিচি)ৰ দ্বাৰা আয়োজন কৰা হয়। ইয়াৰ প্ৰথম সংস্কৰণ ২০০৯ চনত ইংলেণ্ডত অনুষ্ঠিত হৈছিল।
-
আফগানিস্তান ক্ৰিকেট বʼৰ্ড
আফগানিস্তান ক্ৰিকেট ব’ৰ্ড (Afghanistan Cricket Board; د افغانستان کرکټ بورډ, کرکت بورد افغانستان) (পূৰ্বৰ আফগানিস্তান ক্ৰিকেট ফেডাৰেচন) হৈছে আফগানিস্তানৰ ক্ৰিকেটৰ চৰকাৰী শাসক সংস্থা।
-
আফগানিস্তানত ক্ৰিকেট খেল
ক্ৰিকেট হৈছে আফগানিস্তানৰ সবাতোকৈ জনপ্ৰিয় খেল৷ ক্ৰিকেট খেলক আফগানিস্তানৰ জাতীয় ক্ৰিকেট দলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰে। টেষ্ট খেলা সীমামূৰীয়া ৰাষ্ট্ৰ পাকিস্তানে আফগানিস্তানত ক্ৰিকেটক উত্থান ঘটোৱাত সহায় কৰিছে।
-
ক্ৰিকবাজ
ক্ৰিকবাজ হৈছে টাইমছ ইণ্টাৰনেটৰ মালিকানাধীন ৱেবছাইট। ইয়াত ক্ৰিকেট খেলৰ বাতৰি, প্ৰবন্ধ, আৰু পোনপটীয়া সম্প্ৰচাৰ থাকে — য’ত ভিডিঅ’, পাঠ্য, ভাষ্য, খেলুৱৈৰ পৰিসংখ্যা আৰু দলৰ শ্ৰেণীবিভাগ অন্তৰ্ভুক্ত। ইয়াৰ এটা ম'বাইল এপ্লিকেচনো আছে।
-
ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ তালিকা
২০১৯ চনলৈকে ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছে মাত্ৰ ৭টা ক্ৰিকেট দল। ৱেষ্ট ইণ্ডিজ, ভাৰত, অষ্ট্ৰেলিয়া, পাকিস্তান আৰু শ্ৰীলংকা ক্ৰিকেট দলে ১৯৭৫ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আয়োজন কৰা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ অন্তিমখন খেলত জয়লাভ কৰি ট্ৰফী জয় কৰাৰ ক্ষমতা প্ৰদৰ্শন…
-
গ্ৰীণ পাৰ্ক ষ্টেডিয়াম
গ্ৰীণ পাৰ্ক ষ্টেডিয়াম (Green Park Stadium) হৈছে ভাৰতৰ কানপুৰত অৱস্থিত ৩২,০০০ ক্ষমতাৰ ফ্লাডলাইট ক্ৰিকেট ষ্টেডিয়াম, আৰু উত্তৰ প্ৰদেশ ক্ৰিকেট দলৰ ষ্টেডিয়াম। ষ্টেডিয়ামখন ক্ৰীড়া বিভাগ উত্তৰ প্ৰদেশৰ নিয়ন্ত্ৰণত আছে।
-
বিশ্বকাপ ক্ৰিকেট ২০১৫
বিশ্বকাপ ক্ৰিকেট ২০১৫ হৈছে একাদশ এদিনীয়া আন্তৰ্জাতিক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীৰপৰা ২৯ মাৰ্চলৈকে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত যুটীয়াভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত মুঠ ১৪খন ষ্টেডিয়ামত ৪৯খন খেল অনুষ্ঠিত হৈছিল।
-
বিশ্বকাপ ক্ৰিকেট ২০২৩
বিশ্বকাপ ক্ৰিকেট ২০২৩ হৈছে ২০২৩ চনত ভাৰতত আয়োজিত হোৱা এক ক্ৰীড়া প্ৰতিযোগিতা। ২০১৩ চনৰ জুন মাহত অনুষ্ঠিত এক সভাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদে এই প্ৰতিযোগিতাখন ভাৰতত পতাৰ সিদ্ধান্ত লয়। ই হৈছে ত্ৰয়োদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট, ভাৰতে চতুৰ্থ বাৰৰ বাবে আয়োজন কৰে।
-
সৰ্বভাৰতীয় মহিলা ক্ৰিকেট সন্থা
ভাৰতৰ মহিলা ক্ৰিকেট সন্থা (Women's Cricket Association of India) ভাৰতৰ মহিলা ক্ৰিকেটৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সংস্থা আছিল। ১৯৭৩ চনত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সন্থাক প্ৰতিষ্ঠা কৰা হয়। ২০০৬ চনৰ নৱেম্বৰ মাহত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)ৰ লগত WCAI একত্ৰিত কৰা হয়।
-
২০০৭ চনৰ আইচিচি ৱৰ্ল্ড টি-২০
২০০৭ চনৰ আইচিচি বিশ্ব টি-২০ প্ৰথম আইচিচি বিশ্ব টি-২০ প্ৰতিযোগিতা। ২০০৭ চনৰ ১১ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা। তেৰ দিনীয়া এই প্ৰতিযোগিতাত মুঠ বাৰটা দলে অংশগ্ৰহণ কৰে।
-
২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপ
২০২৬ আইচিচি মহিলা টি-২০ বিশ্বকাপ হ’ল আইচিচি মহিলা টি-২০ বিশ্বকাপৰ দশম সংস্কৰণ। এই প্ৰতিযোগিতাখন ২০২৬ চনৰ ১২ জুনৰ পৰা ৫ জুলাইলৈ ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ দ্বাৰা ইংলেণ্ডত আয়োজন কৰা হৈছে। ইয়াৰ পূৰ্বে ইংলেণ্ডে ২০০৯ চনত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল।
-
নেপালত ক্ৰিকেট
নেপালত ক্ৰিকেট (Cricket in Nepal) অন্যতম জনপ্ৰিয় আৰু বহুলভাৱে অনুসৰণ কৰা খেল যিয়ে বছৰ বছৰ ধৰি জনপ্ৰিয়তা অৰ্জন কৰি আহিছে। নেপালৰ ক্ৰিকেট দলৰ সামান্য সফলতাৰ লগতে চুবুৰীয়া দেশ ভাৰতৰ ছ’চিয়েল মিডিয়া আৰু টেলিভিছন প্ৰভাৱৰ ফলত দেশখনত তাৎপৰ্যপূৰ্ণভাৱে ক্ৰিকেট খেল বৃদ্ধি পোৱাৰ পাছত ২০১০ চনৰ মাজভাগত…
-
বিজয় হাজাৰে ট্ৰফী (২০২৪–২৫)
বিজয় হাজাৰে ট্ৰফী(২০২৪–২৫) (2024–25 Vijay Hazare Trophy) ভাৰতৰ লিষ্ট এ ক্ৰিকেটৰ এখন বাৰ্ষিক প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীৰ ৩২ সংখ্যক সংস্কৰণ। ২০২৪ চনৰ ২১ ডিচেম্বৰৰ পৰা ২০২৫ চনৰ ১৮ জানুৱাৰীলৈকে এইখন খেল অনুষ্ঠিত হৈছিল। পূৰ্বৱৰ্তী বিজয়ী দল আছিল হাৰিয়ানা।
-
ভাৰতৰ ক্ৰিকেট দল (মহিলা)
ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দল(মহিলা), যাক উইমেন ইন ব্লু বুলিও কোৱা হয়, ই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰদ্বাৰা পৰিচালিত আৰু টেষ্ট, এদিনীয়া আৰু টি-২০ মৰ্যাদা থকা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সম্পূৰ্ণ সদস্য।
-
২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ
২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (পৃষ্ঠপোষকতাৰ বাবে টাটা আই পি এল ২০২৪, লগতে আই পি এল ২০২৪ নামেৰেও পৰিচিত) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ সংখ্যক ছিজন হ'ব। ইয়াৰ পৰিচালনা কৰিছে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। টুৰ্ণামেণ্টখন মুঠ ১০টা দলৰ মাজত ২০২৪ চনৰ ২২ মাৰ্চৰ পৰা ২৬ মে’লৈ অনুষ্ঠিত হ’ব।
-
২০২৫–২৬ চনত অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দল
ভাৰতীয় ক্ৰিকেট দলটোৱে ২০২৫ চনৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ বিৰুদ্ধে খেলিব। এই ভ্ৰমণত তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হ'ব।