অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ম’বাইল ফোন

ম’বাইল ফোন বা চেলুলাৰ ফোন বা ভ্ৰাম্যভাষ যন্ত্ৰ হ’ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে মবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা সিঠাইলৈ ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ। ম’বাইল ফোনৰ অসমীয়া প্ৰতিশব্দ হ’ল ভ্ৰাম্যভাষ যন্ত্ৰ।

হালনাগাদ: ৩ জুলাই ২০২৫ ৩৪৩ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ম’বাইল ফোন বা চেলুলাৰ ফোন বা ভ্ৰাম্যভাষ যন্ত্ৰ হ’ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে মবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা সিঠাইলৈ ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ। ম’বাইল ফোনৰ অসমীয়া প্ৰতিশব্দ হ’ল ভ্ৰাম্যভাষ যন্ত্ৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মটৰ’লা কোম্পানীত কৰ্মৰত মাৰ্টিন কুপাৰ আৰু জ’ন ফ্ৰাঞ্চিচ মিচেল নামৰ বিজ্ঞানী দুজনে ১৯৭৩ চনত প্ৰথম তাঁৰবিহীন চেলুলাৰ ফোনবিধ নিৰ্মাণ কৰি উলিয়ায়।১২৩ তাৰ পিছত কেইবাটাও ঢাপ পাৰহৈ ম’বাইল ফোনে স্মাৰ্ট ফোনৰ স্তৰ লাভ কৰিছে। একেটা যন্ত্ৰৰে Text Massage, E-Mail, Phone Call, Camera, Compass, Internetৰ সংযোজনেৰে ডাটা Browsing ইত্যাদি অলেখ কাম কৰিব পাৰি বাবেই ইয়াক স্মাৰ্টফোন বুলি কোৱা হয়।

সুফল

  1. ইণ্টাৰনেট উপলব্ধ স্মাৰ্টফোনৰ ব্যৱহাৰে গোটেই বিশ্বখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে।
  2. ফেইচবুক, ইউটিউব আদিৰ দৰে জনপ্ৰিয় গণমাধ্যমৰ তীব্ৰ প্ৰচলনৰ ফলত দেশ বিদেশৰ বা-বাতৰি আৰু নানা ধৰণৰ তথ্য অতি সহজতে উপভোগ্য হৈ পৰিছে।
  3. অনলাইন শ্বপিঙৰ জড়িয়তে বিছৰা সামগ্ৰীবিধ ঘৰতে থাকি পাবলৈ সক্ষম হৈছে।
  4. অনলাইন পেইমেণ্টৰ যোগেদি দূৰ-দূৰণিৰ বন্ধুজনলৈ, আত্মীয়জনলৈ, কোনো বিশেষ ব্যক্তিলৈ নাইবা অনলাইনত উপলব্ধ কোনো সেৱা গ্ৰহণ কৰিবলৈ অতি সহজ হৈ পৰিছে। মুঠতে টকা-পইচা এঠাইৰ পৰা আন ঠাইলৈ প্ৰেৰণ কৰাটো অতি সহজলভ্য হৈ পৰিছে।
  5. শৈক্ষিক জগতখনলৈও বিশাল পৰিবৰ্তনৰ জোৱাৰ আনিছে ম'বাইল ফোনে।
  6. ম'বাইল ফোনত উপলব্ধ ইণ্টাৰনেট সেৱাৰ জড়িয়তে তীব্ৰ গতিত মানুহৰ ৰুচি আৰু অনুৰাগ সলনি হ'বলৈ ধৰিছে। বহুতে অন্ধবিশ্বাসমুক্ত এখন বিজ্ঞানমুখী সমাজ গঢ়াৰ স্বাৰ্থত ভাল কাম কৰি আছে। যাৰ ফলত বহু মানুহে পুৰণি ধ্যান ধাৰণাবোৰৰ সলনি নতুন চিন্তাক আঁকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে।

কুফল

  1. ম'বাইল ফোনৰ ব্যৱহাৰে উঠি অহা প্ৰজন্মক ভুল পথে পৰিচালিত কৰা দেখিবলৈ পোৱা যায়।
  2. অতিৰিক্ত ম'বাইল ব্যৱহাৰে বহুতক স্বাস্থ্যজনিত ক্ষতিৰ লগতে শ্ৰম বিমুখতালৈ ঠেলি দিছে।
  3. মানুহবোৰ ক্ৰমাৎ জটিল হৈ পৰিছে। ইজনৰ সিজনৰ প্ৰতি থকা দায়ৱদ্ধতা ক্ৰমাত হ্ৰাস পাবলৈ ধৰিছে।
  4. কিছুমানে জনপ্ৰিয় হ'বলৈ বা ডিজিটেল প্লেটফৰ্মত তিষ্ঠি থাকিবলৈ সস্তিয়া উপায়েৰে অৱলম্বন কৰা কৌশলৰ ফলত সমাজ বিপথে পৰিচালিত হৈছে।
  5. প্ৰচাৰ মাধ্যমৰ প্ৰতিযোগিতামূলক আচৰণে সৰ্বসাধাৰণ মানুহৰ মাজত বিৰূপ কুপ্ৰভাৱ পেলাইছে।
  6. এচামে যদিও অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে কাম কৰি আছে এচামে আকৌ ভুৱা বাতৰি আৰু সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈহে ম'বাইল ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়।

ম'বাইল কোম্পানী

  • অ'পো
  • আছুছ
  • আইটেল
  • আইফোন
  • এইছ টি ছি
  • এল জি
  • ইনফিনিক্স
  • এলজিৰ ম'বাইল
  • কাৰ্ব'ন
  • ছেমছাং
  • জিঅ'
  • জিঅ'নি
  • চ'নী
  • টেকন'
  • নকিয়া
  • পোকো
  • ভিভো
  • মটোৰোলা
  • মাইক্ৰ'ম্যাক্স
  • ৰেডমি
  • ৰিয়েলমি
  • লেন’ভ'
  • ৱান প্লাছ
  • হুৱাই

তথ্যসূত্ৰ

  1. ↑ John F. Mitchell Biography
  2. ↑ Who invented the cell phone?
  3. ↑ Heeks, Richard. (2008). Meet Marty Cooper – the inventor of the mobile phone. BBC. পৃ. 26–33

সম্পৰ্কিত শ্ৰেণী

দূৰসংযোগসঁজুলিপ্ৰযুক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ম’বাইল ফোন” প্ৰবন্ধৰ সংশোধন ৫২১৯৭৫ (৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।