অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যুৱৰাজ সিং

যুৱৰাজ সিং (জন্ম ১২ ডিচেম্বৰ ১৯৮২) এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। বাওঁহতীয়া বেটছমেন আৰু শ্লো লেফ্ট আৰ্ম অৰ্থডক্স বলাৰ অল ৰাউণ্ডাৰ যুৱৰাজ সিং প্ৰাক্তন ভাৰতীয় ফাষ্ট বলাৰ আৰু পঞ্জাবী অভিনেতা যোগৰাজ সিঙৰ পুত্ৰ।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ৩০৬ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

যুৱৰাজ সিং (জন্ম ১২ ডিচেম্বৰ ১৯৮২) এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। বাওঁহতীয়া বেটছমেন আৰু শ্লো লেফ্ট আৰ্ম অৰ্থডক্স বলাৰ অল ৰাউণ্ডাৰ যুৱৰাজ সিং প্ৰাক্তন ভাৰতীয় ফাষ্ট বলাৰ আৰু পঞ্জাবী অভিনেতা যোগৰাজ সিঙৰ পুত্ৰ।১ কেইবাটাও অভিলেখৰ অধিকাৰী যুৱৰাজে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৮,৭০১ ৰাণ আৰু ১১১টা ৱিকেট, টোৱেণ্টি২০ আন্তঃৰাষ্ট্ৰীয়ত ১,১৭৭ ৰাণ আৰু ২৮টা ৱিকেট সংগ্ৰহ কৰিছে।

তেওঁ ২০০০ চনৰ পৰা ২০১৭ চনলৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দলৰ সদস্য আছিল। ২০০৩ চনত তেওঁ প্ৰথম টেষ্ট মেচ খেলাৰ সুযোগ লাভ কৰিছিল। ২০০৭-০৮ চনত তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় দলৰ উপঅধিনায়ক আছিল। তেওঁ ২০১১ চনৰ আইচিচি ক্ৰিকেট বিশ্বকাপত মেন অফ দা টুৰ্ণামেণ্ট আৰু ২০০৭ আইচিচি টোৱেণ্টি২০ বিশ্বকাপত টপ পাৰফাৰ্মাৰ আছিল। দুয়োখন খেলত ভাৰত জয়ী হৈছিল। ২০০৭ চনৰ টোৱেণ্টি২০ বিশ্বকাপত ইংলেণ্ড দলৰ বিৰুদ্ধে তেওঁ ৬টা বলত ৬টা ছিক্স মাৰি বিশ্ব অভিলেখ সৃষ্টি কৰিছিল। একেখন খেলত তেওঁ ১২টা বলত অৰ্ধশতক অৰ্জন কৰি আটাইতকৈ কম সংখ্যক বলত অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ সৃষ্টি কৰে। ২০১১ চনৰ বিশ্বকাপত তেওঁ একেখন খেলত পাঁচটা ৱিকেট আৰু অৰ্ধশতক অৰ্জন কৰা প্ৰথম গৰাকী খেলুৱৈত পৰিণত হয়।

২০১১ চনত তেওঁৰ বাওঁ হাঁওফাঁওত কৰ্কট ৰোগৰ অৱস্থিতি ধৰা পৰে। তাৰপিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টন আৰু ইণ্ডিয়ানাপলিচত কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰে।২ ২০১২ চনত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় আৰু এপ্ৰিল মাহত তেওঁ ভাৰতলৈ ঘূৰি আহে। একেবছৰৰ ছেপ্টেম্বৰ মাহত তেওঁ নিউজিলেণ্ডৰ বিপক্ষে টোৱেণ্টি২০ মেচৰ জৰিয়তে পুনৰাই ক্ৰিকেটৰ জগতত প্ৰৱেশ কৰে।

২০১২ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা আগবঢ়ায়। ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ২০১৪ চনৰ ইণ্ডিয়ান প্ৰিমীয়াৰ লীগত ৰয়েল চেলেঞ্জৰ বেংগালোৰে তেওঁক সৰ্বকালৰ সৰ্বাধিক ₹১৪ কোটি টকাৰে কিনে। ২০১৫ চনত তেওঁক দিল্লী ডেয়াৰডেভিলছে তেওঁ ₹১৬ কোটিৰে কিনে আৰু তেওঁ আইপিএলৰ ইতিহাসত আটাইতকৈ মূল্যবান ক্ৰিকেটাৰত পৰিণত হয়।

২০১৯ চনৰ ১০ জুন তাৰিখে যুৱৰাজ সিঙে মুম্বাইত এক সংবাদমেল যোগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে।৩৪৫৬ তেওঁ শেষৰ বাৰৰ বাবে ২০১৭ চনৰ জুনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Yuvraj Singh in Sportskeeda. Sportskeeda
  2. ↑ "Tumour Cancerous, Yuvi Undergoes Chemo" – Indian Express.
  3. ↑ (10 June 2019). Yuvraj Singh Announces Retirement From International Cricket. LatestLY
  4. ↑ Yuvraj Singh announces retirement from all forms of cricket. Cricbuzz
  5. ↑ Yuvraj Singh, hero of India's 2011 World Cup triumph, retires from international cricket. India Today
  6. ↑ (10 June 2019). Yuvraj Singh announced his retirement as India's ultimate match-winner brought an end to his 19-year international career. News Nation
  7. ↑ 'I have decided to move on' - Yuvraj Singh announces international, IPL retirement. ESPN Cricinfo

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰঅৰ্জুন বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যুৱৰাজ সিং” প্ৰবন্ধৰ সংশোধন ৫৭০১৩১ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।