অনিল ৰাধাকৃষ্ণ কুম্বলে (ಅನಿಲ್ ಕುಂಬ್ಳೆ); জন্ম ১৭ অক্টোবৰ ১৯৭০) এজন ভাৰতীয় ক্ৰিকেটাৰ যিয়ে এদিনীয়া তথা টেষ্ট উভয় ক্ৰিকেটতেই ভাৰতৰ সৰ্বোচ্চ উইকেট দখলকৰা খেলুৱৈ।
মহীশূৰ ৰাজ্যৰ (বৰ্তমান কৰ্ণাটক) বাংগালুৰুত জন্মগ্ৰহণ কৰা কুম্বলে এজন পূৰ্ণাংগ ক্ৰিকেটাৰ হোৱাৰ আগতে বি এছ চন্দ্ৰশেখৰৰ দৰে খেলুৱৈক চাই ডাঙৰ হোৱাৰ বাবে ক্ৰিকেটৰ প্ৰতি আৰম্ভণিতে আগ্ৰহ গঢ়ি তুলিছিল। ১৯ বছৰ বয়সত কৰ্ণাটকক প্ৰতিনিধিত্ব কৰি প্ৰথম শ্ৰেণীত অভিষেক ঘটায় ৷ অতি সোনকালেই তেওঁক ১৯৯০ চনত অষ্ট্ৰেলিয়া-এছিয়া কাপৰ বাবে লোৱা হয় আৰু সেই বছৰৰ শেষৰ ফালে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটে। তাৰ পিছৰে পৰা তেওঁ ভাৰতীয় টেষ্ট দলটোক ১৩২ খনতকৈও অধিক টেষ্ট মেচত প্ৰতিনিধিত্ব কৰি ভাৰতৰ বহু জয়ৰ বাবে দায়ী আছিল। কুম্বলে ১৯৯০ চনৰ আৰম্ভণিতে নিয়মীয়া এদিনীয়া দলৰ অংশ হৈ পৰিছিল আৰু এই সময়ছোৱাত কিছুমান শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল; য'ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১২ ৰানত ছটা উইকেট (১২ ৰানত ছটা উইকেট) আছিল। ১৯৯৬ চনটো তেওঁৰ বাবে অতি সফল বুলি প্ৰমাণিত হৈছিল কাৰণ তেওঁ বিশ্বকাপৰ বাবে নিৰ্বাচিত হৈছিল আৰু প্ৰতিযোগিতাখনৰ আটাইতকৈ সফল বলাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল; তেওঁ ৭খন মেচ খেলি গড়ে ১৮.৭৩ ৰানত ১৫টা উইকেট দখল কৰে।
২০০৫ চনত কুম্বলে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত হয়। ১৮ বছৰ খেলাৰ পিছত ২০০৮ চনৰ নৱেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ২০১২ চনৰ অক্টোবৰ মাহত কুম্বলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই চি চি)ৰ অধ্যক্ষ নিযুক্তি লাভ কৰে।১
২০১২ চনৰ পৰা ২০১৫ চনৰ ভিতৰত কুম্বলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছৰ মুখ্য গুৰু হিচাপে পদবী লাভ কৰিছিল। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষকও আছিল। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ আই চি চি হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা চতুৰ্থজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। বৰ্তমান কুম্বলে পঞ্জাব কিংছৰ মুখ্য প্ৰশিক্ষক আৰু ক্ৰিকেট অপাৰেচনৰ সঞ্চালক৷
প্ৰাথমিক আৰু ব্যক্তিগত জীৱন

কুম্বলেৰ জন্ম হৈছিল মহীশূৰ ৰাজ্য (বৰ্তমান কৰ্ণাটক) বাংগালুৰুৰ কৃষ্ণ স্বামী আৰু সৰোজাৰ ঘৰত।২ কুম্বলেৰ এজন ভাতৃ আছে, তেওঁৰ নাম দীনেশ কুম্বলে। অনিল কুম্বলেৰ পত্নীৰ নাম চেতনা কুম্বলে৩ আৰু তেওঁৰ তিনিটা সন্তান আছে – পুত্ৰ মায়াছ কুম্বলে, কন্যা আৰুনি আৰু স্বস্তি কুম্বলে।৪৫ তেওঁৰ মাতৃভাষা কন্নড়।৬
কুম্বলেই হলি চেণ্ট ইংৰাজী স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰিছিল আৰু তেওঁ নেচনেল হাইস্কুল বাছাভানাগুডিৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হয়। বাংগালুৰুৰ ৰাজপথত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰি ১৩ বছৰ বয়সতে "যুৱ ক্ৰিকেটাৰ" নামৰ ক্লাবত যোগদান কৰে। হাইস্কুলৰ পিছত ৰাষ্ট্ৰীয় প্ৰি-ইউনিভাৰ্চিটি কলেজ বাসৱনাগুডিৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হয়। পিছলৈ কুম্বলে ১৯৯১–৯২ চনত ৰাষ্ট্ৰীয় বিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় (আৰ ভি চি ই)ৰ পৰা বি ই মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁক "জাম্বো" বুলি ডাকনাম দিয়া হৈছে। কুম্বলে এজন নিৰামিষভোজী ব্যক্তি।৭
ৰেকৰ্ড
বিশ্বৰ তৃতীয় সৰ্বোচ্চ টেষ্ট উইকেট দখলকৰা খেলুৱৈ। এক ইনিংছত ১০টা উইকেট দখলকৰাৰ ৰেকৰ্ডো আছে তেওঁৰ নামত।
টেষ্ট
টেষ্ট মেচত ভাৰতীয় ক্ৰিকেটাৰৰ ভিতৰত সৰ্বাধিকবাৰ ১০ বা তাতোকৈ বেছি উইকেট ন দখল কৰাৰ ৰেকৰ্ড আছে তেওঁৰ নামত। ৮ বাৰ এই লাভ কৰে।
| + ১০ বা তাতকৈ বেছি উইকেট | |||
| চন | বিপক্ষ | খেলপথাৰ | খেলৰ ফলাফল |
|---|---|---|---|
| ১৯৯৪ | কে ডি সিং বাবু ষ্টেডিয়াম, লক্ষ্ণৌ | ভাৰতে এক ইনিংছ আৰু ১১৯ ৰাণৰ ব্যৱধানত জয়লাভ কৰে। | |
| ১৯৯৯ | অৰুণ জেটলি ষ্টেডিয়াম | ভাৰতে ২১২ ৰাণত জয়লাভ কৰে। | |
| ১৯৯৯ | গ্ৰিন পাৰ্ক ষ্টেডিয়াম | ভাৰতে ৮ উইকেটত জয়লাভ কৰে। | |
| ২০০১ | চৰ্দাৰ পেটেল ষ্টেডিয়াম | মেচ ড্ৰ' | |
| ২০০৪ | ছিডনি ক্ৰিকেট গ্ৰাউণ্ড | মেচ ড্ৰ' | |
| ২০০৪ | এম. এ. চিদাম্বৰম ষ্টেডিয়াম | মেচ ড্ৰ' | |
| ২০০৫ | ইডেন গাৰ্ডেন | ভাৰতে ১৯৫ ৰাণত জয়লাভ কৰে। | |
| ২০০৫ | অৰুণ জেটলি ষ্টেডিয়াম | ভাৰতে ১৮৮ ৰাণত জয়লাভ কৰে। |
অৱসৰ
২০০৮ চনত ফিৰোজ শাহ কোটলা মাঠ খেলপথাৰত কুম্বলেই ক্ৰিকেটৰ পৰা অৱসৰ লয়।
তথ্যসূত্ৰ
- ↑ (10 October 2012). Kumble to be chairman of ICC Cricket Committee. Wisden India
- ↑ MD Ritti. (15 February 1999). 10 wickets – and phone overload. Rediff.com
- ↑ Hemanth Kashyap. (14 July 2008). Bitter-battle. MidDay
- ↑ Anil Kumble. Indian Mirror
- ↑ (30 March 2007). Anil Kumble, with his son Mayas, as he announces his retirement from ODIs. ESPNcricinfo
- ↑ (6 September 2007). Anil Kumble. ESPNcricinfo
- ↑ Khan, Farheen. (11 June 2022). Bengaluru: Veg food to debut, Anil Kumble reminisces UK memories. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিল কুম্বলে” প্ৰবন্ধৰ সংশোধন ৫৭০১০৫ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।