অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক লিডু অধিৱেশন (7th special yearly Adhiveshan of Assam Sahitya Sabha) ২০১২ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈকে ৫ দিনীয়া কাৰ্য্যসূচীৰে তিনিচুকীয়া জিলাৰ লিডুৰ নিংৰুলা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ যায়।১২ সাহিত্য সভাৰ আনুষ্ঠানিক সভাৰ বাহিৰেও অধিৱেশনস্থলীত গ্ৰন্থ উৎসৱ আৰু বাণিজ্য মেলাও অনুষ্ঠিত হয়। গ্ৰন্থমেলাখন মামণি ৰয়ছম গোস্বামীৰ নামেৰে ড॰ মামণি ৰয়ছম গোস্বামী গ্ৰন্থমেলা ৰখা হৈছিল। এই অধিৱেশনত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। তৰুণ গগৈ (অসমৰ মুখ্যমন্ত্ৰী), Dr Shurhozelie (নগৰ উন্নয়ন মন্ত্ৰী, নাগালেণ্ড), পৱন সিং ঘাটোৱাৰ (কেন্দ্ৰীয় মন্ত্ৰী), সীতা মডেম্বা (কবি, নেপাল), গমা (লিখক, অসম), নলিনী প্ৰভা ডেকা (লিখক, অসম) পিনাকী ঠাকুৰ (কবি, পশ্চিমবংগ), দামোদৰ মাজৌ (লিখক, গোৱা), হোমেন বৰগোহাঞি, য়েছে দৰজে ঠংচি, ড॰ ৰীতা চৌধুৰী প্ৰমুখ্যে বহুকেইজন ব্যক্তি এই অধিৱেশনৰ অতিথি আছিল।১
অধিৱেশনথলী
অসম সাহিত্য সভাৰ সপ্তম বাৰ্ষিক লিডু অধিৱেশন অসমৰ পূব প্ৰান্তৰ তিনিচুকীয়া জিলাত আয়োজন কৰা হৈছিল। ২০১২ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ এই অধিৱেশন অনুষ্ঠিত হৈছিল।২ এই অধিৱেশনথলী তিনিচুকীয়া চহৰৰ পৰা ৪৫ কিঃমিঃ দূৰত অৱস্থিত লিডুৰ অস্থায়ী “নিংগ্ৰুলা সমন্বয় ক্ষেত্ৰত” অনুষ্ঠিত হৈছিল।৩ দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত হোৱা লিডু এয়াৰফিল্ডৰ কাষতে এই অধিৱেশন অনুষ্ঠিত হৈছিল।৪ অধিৱেশন থলীৰ মূল মণ্ডপত৪০০০ লোক একেলগে বহিব পৰাৰ ব্যৱস্থা আছিল।
অভ্যৰ্থনা
লিডু অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আছিল অসমৰ Power, Industries and Commerce মন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে।৪৫
কাৰ্য্যসূচী
৩১ জানুৱাৰী ২০১২
২০১২ চনৰ ৩১ জানুৱাৰীত, বিগত বৰ্ষৰ অসম সাহিত্য সভাৰ কাৰ্য্যবাহী বিষয়াসকলৰ আলোচনাৰে লিডু অধিৱেশনৰ আৰম্ভণি হয়।
১ফেব্ৰুৱাৰী, ২০১২
অধিৱেশনৰ আৰম্ভণিতে, স্থানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে উপস্থিত সকলো সাহিত্যপ্ৰেমী ৰাইজকে আদৰণি জনায়। ভাষণত তেওঁ লিডুৰ ইতিহাস আৰু দ্বিতীয় বিশ্বযুদ্ধত ঠাইখনৰ ভূমিকাৰ বিষয়ে থুলমূল আভাস আগবঢ়ায়। ম্যানমাৰ হৈ চীনলৈ লিডুৰ লগত সংযোগ কৰা ঐতিহাসিক ষ্টিলৱেল পথৰ কথা নীলমণি সেন ডেকাই উল্লেখ কৰে।
লিডু অধিৱেশনৰ প্ৰথম দিনা ৰংবং তেৰাঙৰ সভাপতিত্বত অনুষ্ঠান আৰম্ভ হয়। এই অনুষ্ঠানত অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ শৈক্ষিক সংস্থাসমূহৰ প্ৰতিনিধিয়ে ভাগ লৈছিল। ইয়াৰ উপৰিও নানা জনগোষ্ঠী তথা সম্প্ৰদায় যেনে বড়ো, ছিংফৌ, মিচিং, ডিমাছা, কাৰ্বি, দেউৰী, মৰাণ, টাই-আহোম, মত্তক, ভোজপুৰী, নেপালী, চেমা, টাংছা, বিষ্ণুপ্ৰিয়া মণিপুৰী, বেংগলী, চাহ-জনগোষ্ঠীৰ প্ৰতিনিধিও এই অনুষ্ঠানৰ অংশীদাৰ আছিল।৫
সাহিত্য অকাডেমিৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক, ড॰ ৰাম কুমাৰ মুখোপাধ্যায়ে গ্ৰন্থপ্ৰেমী সকলৰ বাবে জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ স্মৃতিত ড॰ মামণি ৰয়ছম গোস্বামী গ্ৰন্থমেলা উদ্বোধন কৰে।৫ ইয়াৰ পিছত কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ লগতে প্ৰদৰ্শনীৰ মুকলি কৰা হয়। শিশুসকলৰ লগত ভাৱ-বিনিময়ৰ অনুষ্ঠানত সাহিত্যিক কেংচাং কেনলাঙে অংশগ্ৰহণ কৰিছিল। ৰাজ্যিক কৃষি মন্ত্ৰী নীলমণিসেন ডেকাই প্ৰদৰ্শনীৰ উদ্বোধন কৰে।
সাহিত্য উৎসৱৰ সময়ত ছজন শিল্পী, নানী বৰপূজাৰী, আমিন উল হক, কিশোৰ দাস, দেৱেনন্দ উলোপ আৰু বন্দনা বৰদলৈক সম্বৰ্ধনা জনোৱা হয়। ড॰ কুটুবুদ্দিন আহমেদ, ড॰ বলেন্দ্ৰ কুমাৰ দাস, ড॰ পৰাগ কুমাৰ ভট্টাচাৰ্য্য, ভূপেন শইকীয়া, ড॰ প্ৰদীপ ভূঞা প্ৰমুখ্যে কেইবাজনো সাহিত্যিকে ৬০ খনৰো অধিক গ্ৰন্থ উন্মোচন কৰে। সভাৰ সভাপতি ৰংবং তেৰাঙেস্মৰণিকা উন্মোচন কৰে।৫
সাংস্কৃতিক সন্ধিয়া ১ ফেব্ৰুৱাৰীৰ সন্ধিয়া ভূপেন হাজৰিকাৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছিল।৪ এই অনুষ্ঠান উদ্বোধন কৰে অৰুণাচল প্ৰদেশৰ শিল্পী হেমন্ত বেঙিয়াই। এই অনুষ্ঠানত বিভিন্ন জনগোষ্ঠী তথা সম্প্ৰদায় যেনে টাই-আহোম, কাৰ্বি, ছিংফৌ, বড়ো, নেপালী, তিৱা, টাই-খামিয়াং লোকে নিজৰ নিজৰ লোকনৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ উপৰি গায়ক সমৰ হাজৰিকাই নিজৰ গানেৰে সন্ধিয়া উপস্থিত দৰ্শকক আপ্লুত কৰি ৰাখিছিল।৬
২ ফেব্ৰুৱাৰী, ২০১২
২ ফেব্ৰুৱাৰীৰ দিনা কবিতা আবৃত্তি, ভূপেন্দ্ৰ সংগীত আৰু orationৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। য়েছে দৰজে ঠংচি, অনুৰাধা শৰ্মা পূজাৰী আৰু নৱাগত লেখক আৰু শিল্পীসকলৰ মাজত এখন আলোচনাৰ আয়োজন কৰা হৈছিল। ড॰ এম চি ভট্টাচাৰ্যৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়।৪
সেইদিনা সাহিত্য অকাডেমি বঁটা বিজয়ী য়েছে দৰজে ঠংচিয়ে ৰামধেনু নামৰ এটা অনুষ্ঠানৰ সভাপতিৰ পদ অলংকৃত কৰে। নৱাগত লেখক সকলৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আনহাতে, সেইদিনাই পদ্মশ্ৰী বঁটা বিজয়ী মামঙ দায়ে আন এটা অনুষ্ঠান আকাশ মুকলি কৰে। এই অনুষ্ঠানটো কেৱল মহিলাৰ বাবে আয়োজন কৰা হৈছিল।৭
সাংস্কৃতিক সন্ধিয়া সন্ধিয়া বিমল ভট্টাচাৰ্য সোঁৱৰণি সাংস্কৃইক সন্ধিয়া অনুষ্ঠিত হয়। অনুষ্ঠান মুকলি কৰে প্ৰখ্যাত অভিনেতা আৰু নাট পৰিচালক দুলাল ৰয়ে। এই অনুষ্ঠানত সত্ৰীয়া নৃত্য, ওৰিয়া গীত আৰু নৃত্য, ৰাজস্থানী গীত আৰু নৃত্য, খামতিসকলৰ War Dance, অন্ধ্ৰপ্ৰদেশৰ Kuchipudi নৃত্য, ভোজপুৰী লোকনৃত্য, ম্ণিপুৰী পং-চলঙ নৃত্য আৰু নেপালী লোকনৃত্য পৰিৱেশন কৰা হয়। সেই নিশাৰ মূল আকৰ্ষণ আছিল পুলক বেনাৰ্জীৰ গীত পৰিৱেশন।৬
৩ ফেব্ৰুৱাৰী, ২০১২
সেই দিনা আবেলি, কেৱল নৱাগত মহিলা লেখিকাসকলৰ বাবে আকাশ নামৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানৰ সভাপতি আছিল ভূপেন শইকীয়া আৰু নিৰ্দেশক আছিল ড॰ শমিম আখতাৰ। অনুষ্ঠান মুকলি কৰিছিল অৰুণাচল প্ৰদেশৰ মামং দাইয়ে। অনুৰাধা শৰ্মা পূজাৰী এই অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল। অসমৰ বিভিন্ন প্ৰান্তৰ ৪১ গৰাকী লেখিকাই অংশগ্ৰহণ কৰিছিল।২
সাংস্কৃতিক সন্ধিয়া সেইদিনা আনন্দ মোহন ভাগৱতী-ৰামেশ্বৰ পাঠক সোঁৱৰণিত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। এই অনুষ্ঠান মুকলি কৰে শিল্পী তথা ৰাজ্যসভাৰ সাংসদ কুমাৰ দীপক দাসে। এই অনুষ্ঠানত মঙলদৈৰ দেওধানী নৃত্য, বৰপেটাৰ ভোৰতাল, মণিপুৰৰ ৰাস নৃত্য, মঙলদৈৰ ঢেপা ঢোল, গোলাঘাটৰ মেছ-কছাৰী, বৰপেটাৰ নাও-খেল, টাই-খামটিৰ কুকুৰা যুঁজ আৰু ডি ৱাই মেডলিৰ গান পৰিৱেশন কৰা হৈছিল।৬
৪ ফেব্ৰুৱাৰী, ২০১২
৪ ফেব্ৰুৱাৰীৰ দিনা মুকলি সভা উদ্বোধন কৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ ড মুকুন্দকাম শৰ্মাই।৮ পুৱাৰ সভাত বিশিষ্ট অতিথি ৰূপে আছিল নাগালেণ্ডৰ মন্ত্ৰী Swurhozeli। পিছবেলা অনুষ্ঠিত হোৱা সভাত অসমৰ মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে বিশিষ্ট অতিথিৰ পদ অলংকৃত কৰিছিল। সেইদিনাৰ সভাত অসম সাহিত্য সভাৰ কেইবাজনো সভাপতি, দেশৰ বিভিন্ন ঠাইৰ লিখক, ড’নাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, শিক্ষামন্ত্ৰী হিমন্ত বিশ্বশৰ্মা, বড়ো সাহিত্য সভাৰ সভাপতি ড কমলেশ্বৰ ব্ৰহ্মই অংশগ্ৰহণ কৰিছিল।৪৮
সমাপ্ত
২০১২ চনৰ ৪ ফেব্ৰুৱাৰীৰ নিশা আনুষ্ঠানিক ভাৱে অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক লিডু অধিৱেশন সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছিল।৬ সামৰণি অনুষ্ঠান মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে। সেই অনুষ্ঠানত সোণোৱাল-কছাৰী, টাঙছা, মৰাণ, চেমা, বেঙ্গলীসকলে নিজৰ লোকনৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ উপৰি ডিগবৈৰ হুঁচৰি দল এটাই বিহু নৃত্য, ধুবুৰীৰ এটা দলে Gowalini নৃত্য প্ৰদৰ্শন কৰে। স্থানীয় শিল্পীৰ লগতে অসমৰ কেইবাজনো প্ৰখ্যাত শিল্পীয়ে গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰি ৰাখিছিল।৬
৫ ফেব্ৰুৱাৰী, ২০১২
যদিও ৪ ফেব্ৰুৱাৰীৰ দিনাই এই অধিৱেশনৰ আনুষ্ঠানিক ভাৱে সামৰণি পৰিছিল, তথাপি ৫ ফেব্ৰুৱাৰীৰ দিনা অসম সাহিত্য সভাৰ সভাপতি ৰংবং তেৰাং আৰু অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ সাহিত্যিক সকলৰ মাজত এলানি অন্তৰংগ আলাপ অনুষ্ঠিত হয়। ইয়াৰ উপৰি গ্ৰন্থমেলাও ৫ ফেব্ৰুৱাৰীৰ আবেলি পৰলৈকে অনুষ্ঠিত হৈছিল।৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Assam Sahitya Sabha 2012, Ledo ( 7th yearly Adhiveshan ). NIRAB SARMA. tinsukiaonline.com
- ↑ (February 03, 2012). Special Session of Ledo Asam Sahitya Sabha Underway. northeasttoday.in
- ↑ (Feb 3, 2012,). Thousands throng Ledo literary carnival. timesofindia.indiatimes.com
- ↑ (January 29, 2012). Special session of Sahitya Sabha at Ledo. assamtribune.com
- ↑ (February 02, 2012). Sabha spl session gets under way at Ledo. assamtribune.com
- ↑ HN Sarma. (February 06, 2012). Special session of Sahitya Sabha concludes. assamtribune.com
- ↑ (January 14, 2012). Assam Sahitya Sabha Invites APLS to Ledo Session. northeasttoday.in. northeasttoday
- ↑ (Feb 5, 2012,). Litterateurs attend Sahitya Sabha session. timesofindia.indiatimes.com. Bennett, Coleman & Co. Ltd
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক লিডু অধিৱেশন (২০১২)” প্ৰবন্ধৰ সংশোধন ৩৮৪৬৯১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।