অসমৰ লোকবাদ্যসমূহৰ মাজত কাহ ধাতুৰে তৈয়াৰী ঘন বাদ্যবোৰৰ ভিতৰত ভোৰতাল অন্যতম। এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য’ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে। ভোৰতালৰ ওজন সাধাৰণতে ২.৫ কিলোগ্ৰামৰ পৰা ৬.৫ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু বহলে প্ৰায় ৪৫ ছেমিৰ পৰা ৬০ ছেমিলৈ থাকে১। বিভিন্ন প্ৰকাৰৰ তাল যেনে খঞ্জৰী বা খঞ্জৰীকা, খুটি তাল, পাতি তাল, মন্দিৰা তাল, ৰামতাল আদিৰ মাজত ভোৰতালৰ আকাৰেই সকলোতকৈ ডাঙৰ আকৃতিৰ হয়। এই তালক সেয়ে বৰতাল বা ব্ৰহ্মতাল বুলিও জনা যায়১। ভূট তাল ভোৰতালৰ আন এক নাম। ভূটান, তিব্বত আদিত বৌদ্ধসংগীতত ভোৰতালৰ লেখীয়া বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখি অনুমান কৰা হয় যে এই বাদ্য ভূটানৰ পৰা আমদানি কৰা হৈছিল১।
ত গায়ন-বায়নৰ দ্বাৰা ভোৰতাল বজোৱা দৃশ্য]]
ব্যৱহাৰ
বৈষ্ণৱৰ নাম-কীৰ্তন, ওজাপালি, থিয় নাম, পাল নাম, চেওঁ চাপৰি নাম প্ৰভৃতি পৰিৱেশনত ভোৰ তাল আৱশ্যকীয় অংগ। থিয় অথবা পাল নামত একোজনা বাদকে কেইবাজোৰো ভোৰ তাল একেলগে বজায়২।
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভোৰতাল” প্ৰবন্ধৰ সংশোধন ৫১৭৬১৩ (১৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।