অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

কুকুৰা যুঁজ

কুকুৰা যুঁজ (Cockfight) অসমৰ এক পৰম্পৰাগত খেল। অসমৰ বহু অঞ্চলত কুকুৰা যুঁজৰ ব্যাপক জনপ্ৰিয়তা দেখা যায়। বিশেষকৈ মাঘ বিহুৰ সময়ত এই খেল অসমৰ বহু ঠাইত সামূহিকভাৱে অনুষ্ঠিত কৰা হৈছিল। এই খেলত প্ৰত্যেকেই নিজৰ কুকুৰাক প্ৰশিক্ষণ দি অন্য কুকুৰাৰ সৈতে যুঁজিবলৈ দিয়ে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কুকুৰা যুঁজ (Cockfight) অসমৰ এক পৰম্পৰাগত খেল। অসমৰ বহু অঞ্চলত কুকুৰা যুঁজৰ ব্যাপক জনপ্ৰিয়তা দেখা যায়। বিশেষকৈ মাঘ বিহুৰ সময়ত এই খেল অসমৰ বহু ঠাইত সামূহিকভাৱে অনুষ্ঠিত কৰা হৈছিল। এই খেলত প্ৰত্যেকেই নিজৰ কুকুৰাক প্ৰশিক্ষণ দি অন্য কুকুৰাৰ সৈতে যুঁজিবলৈ দিয়ে। কোনো কোনো ঠাইত কুকুৰাৰ ভৰিত বিন্ধা যুক্ত কাইট লগাই দিয়ে যাতে আক্ৰমণ কৰিলে প্ৰতিদ্বন্দ্বী কুকুৰাটো আঘাতপ্ৰাপ্ত হয়।১২

২০১৪ চনত এটা ৰায়ৰ জৰিয়তে ভাৰতৰ উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰা সকলো ধৰণৰ জীৱ-জন্তুৰ যুঁজ নিষিদ্ধ কৰে। ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ কুকুৰা যুঁজ বন্ধ কৰাৰো নিৰ্দেশ দিয়ে।৩

বিৱৰণ

পালনাডু যুদ্ধৰ সময়ত কুকুৰা যুঁজ দেখুওৱা ভাস্কৰ্য
পালনাডু যুদ্ধৰ সময়ত কুকুৰা যুঁজ দেখুওৱা ভাস্কৰ্যছবি: IM3847 · CC BY-SA 4.0

এই খেলত প্ৰত্যেকেই নিজৰ কুকুৰাক প্ৰশিক্ষণ দি অন্য কুকুৰাৰ সৈতে যুঁজিবলৈ দিয়ে। কোনো কোনো ঠাইত কুকুৰাৰ ভৰিত বিন্ধা যুক্ত কাইট লগাই দিয়ে যাতে আক্ৰমণ কৰিলে প্ৰতিদ্বন্দ্বী কুকুৰাটো আঘাতপ্ৰাপ্ত হয়। এনে যুঁজত হৰা কুকুৰাটো প্ৰায়ে মৃত্যুমুখত পৰে।৪

ইতিহাস

কুকুৰা যুঁজৰ ইতিহাস প্ৰাচীন। সিন্ধু সভ্যতাৰ সময়তো আমোদ-প্ৰমোদৰ বাবে এই যুঁজ অনুষ্ঠিত কৰাৰ প্ৰমাণ পোৱা গৈছে। প্ৰাচীন ভাৰতত ১১৭৮ চনত অন্ধ্ৰপ্ৰদেশত সংঘটিত হোৱা পালনাডু যুদ্ধ (Battle of Palnadu)-ৰ পৰিণাম কুকুৰা যুঁজেৰে নিৰ্ণয় কৰাৰ তথ্য পোৱা যায়।৫৬৭

নিষিদ্ধকৰণ

২০১৪ চনত এটা ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰা সকলো ধৰণৰ জীৱ-জন্তুৰ যুঁজ নিষিদ্ধ কৰে। ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ কুকুৰা যুঁজ বন্ধ কৰাৰো নিৰ্দেশ দিয়ে।৮

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Slater, Joanna. (5 February 2019). Inside India’s illegal ‘Super Bowl’ of cockfighting, where the roosters wear razors. The Washington Post
  2. ↑ Srinivas, Rajulapudi. (2020-01-12). Despite ban, stage being set for cockfighting in Andhra Pradesh. The Hindu
  3. ↑ (২৩ ফেব্ৰুৱাৰী ২০১৮). ম’হ যুঁজ আৰু বুলবুলি যুঁজৰ দৰে কুকুৰা যুঁজো নিষিদ্ধ কৰিলে উচ্চ ন্যায়ালয়ে. এন ই নাও নিউজ
  4. ↑ Bommakanti, Ujwal. Cockfights continue across Andhra Pradesh despite court ban · Vijayawada News – Times of India. The Times of India
  5. ↑ Sherman, David M. (2002). Tending Animals in the Global Village. Blackwell Publishing. 46
  6. ↑ Iravatham Mahadevan. "'Address' Signs of the Indus Script" (PDF) . Presented at the World Classical Tamil Conference 2010. 23–27 June 2010. The Hindu
  7. ↑ Poultry Breeding and Genetics By R. D. Crawford – Elsevier Health Sciences, 1990, page 10
  8. ↑ Esha Mitra. Man dies after rooster attack on way to cockfight. CNN

সম্পৰ্কিত শ্ৰেণী

অসমৰ খেল-ধেমালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুকুৰা যুঁজ” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৪০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।