অসমৰ সংমণ্ডল
৪ প্ৰবন্ধ
-
উজনি অসম
উজনি অসম অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উচ্চাংশত অৱস্থিত এক প্ৰশাসনিক সংমণ্ডল, যাক ঐতিহাসিক-সাংস্কৃতিক দৃষ্টিতো পৃথক বৈশিষ্ট্যসম্পন্ন অঞ্চল হিচাপে ধৰা হয়। তেল-গেছ, কয়লা আৰু চাহ আদি প্ৰাকৃতিক সম্পদ-ভিত্তিক অৰ্থনীতি, আৰু আহোম-চুতীয়া ৰাজ্য পৰ্বৰ ঐতিহ্য এই অঞ্চলৰ প্ৰধান গুৰুত্ব।
-
নামনি অসম
নামনি অসম ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিমাংশৰ বিস্তৃত সমতলভূমি অঞ্চল, যাক পশ্চিম অসম বুলিও কোৱা হয়। অতীজৰ কামৰূপ ৰাজ্যৰ কেন্দ্ৰ আৰু আধুনিক অসমৰ প্ৰশাসনিক-নগৰীয়া কেন্দ্ৰ গুৱাহাটী–দিছপুৰ এই অঞ্চলতেই অৱস্থিত।
-
বৰাক উপত্যকা
বৰাক উপত্যকা অসমৰ দক্ষিণাঞ্চলত অৱস্থিত এক গুৰুত্বপূর্ণ ভূ-প্ৰাকৃতিক আৰু জনবসতিপূৰ্ণ অঞ্চল, যাৰ কেন্দ্ৰবিন্দু শিলচৰ নগৰ। বৰাক নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই উপত্যকাখন কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি—এই তিনিখন জিলাৰ সমষ্টি।
-
অসমৰ সংমণ্ডল
প্ৰশাসনিক সুবিধাৰ বাবে অসমক পাঁচটা প্ৰশাসনিক বিভাগত ভাগ কৰা হৈছে। এই প্ৰশাসনিক বিভাগ বোৰকে সংমণ্ডল বোলা হয়। প্ৰতিটো সংমণ্ডল কেইখনমান জিলাৰ সমষ্টি। এই বিভাগ সমূহ সংমণ্ডলীয় কমিছনাৰৰ দ্বাৰা শাসিত।