পাটকাইৰ ইপাৰে মোৰ দেশ (Patkair Ipare Mor dex) হৈছে অসমৰ ঔপন্যাসিক চন্দনা গোস্বামীৰ দ্বাৰা লিখিত এখন বুৰঞ্জীমূলক উপন্যাস। উপন্যাসখনৰ মূল আধাৰ হৈছে অসমৰ বুৰঞ্জী। উপন্যাসখনে ২০১২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।১
গ্ৰন্থকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: চন্দনা গোস্বামী
অসমীয়া ভাষাৰ এগৰাকী ঔপন্যাসিক। ১৯৬৯ চনৰ ১৮ নৱেম্বৰত গুৱাহাটীত চন্দনা গোস্বামীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ভৰত চন্দ্ৰ মিশ্ৰ ভাগৱতী, মাতৃৰ নাম আছিল বাসন্তী দেৱী। তেওঁৰ প্ৰথম সাহিত্য সৃষ্টি পাটকাইৰ ইপাৰে মোৰ দেশ নামৰ বুৰঞ্জীমূলক উপন্যাসখনৰ বাবে ২০১২ চনত ভাৰত চৰকাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়। জীৱনৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থতে সাহিত্য অকাডেমি বঁটা লাভ কৰা চন্দনা গোস্বামী অসমৰ প্ৰথমগৰাকী সাহিত্যিক।
উপন্যাসৰ সংক্ষিপ্ত বিৱৰণ
উপন্যাসখনত আহোম বুৰঞ্জীৰ কেইটিমান বিশেষ মুহূৰ্তৰ বৰ্ণনা হৈছে। ইয়াৰ লগতে বুৰঞ্জীৰ পাতৰ বহুকেইটা নাৰী চৰিত্ৰৰ উপন্যাসখনত গুৰুত্বসহকাৰে উপস্থাপন কৰা হৈছে। তাৰে ভিতৰত ৰাজনী কুঁৱৰী, নাংচেং গাভৰু, বৃন্দা, ৰ'ইলা, সৰু কুঁৱৰী অন্যতম। উপন্যাসখনৰ বৰ্ণনাশৈলীত কেতিয়াবা প্ৰথম পুৰুষ আৰু কেতিয়াবা বৰ্ণনাধৰ্মিতাৰ সহায় লৈ সাধুসদৃশ ৰচনাৰীতি প্ৰয়োগ কৰা হৈছে।১
বঁটা আৰু সন্মান
উপন্যাসখনে ২০১২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।১ বঁটা প্ৰদান কৰা হৈছিল ২০১৩ চনৰ ২০ জানুৱাৰীত।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাটকাইৰ ইপাৰে মোৰ দেশ” প্ৰবন্ধৰ সংশোধন ২৭০১৪৮ (৫ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।