অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰঞ্জু হাজৰিকা

ৰঞ্জু হাজৰিকা (Ranju Hazarika, জন্ম ২৪ জুলাই, ১৯৫২) অসমৰ এজন লেখক। তেখেতৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা। শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা হাজৰিকাই শৈশৱকাল কলিয়াবৰত পাৰ কৰে।

হালনাগাদ: ১৩ ছেপ্তেম্বৰ ২০২৫ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰঞ্জু হাজৰিকা (Ranju Hazarika, জন্ম ২৪ জুলাই, ১৯৫২) অসমৰ এজন লেখক। তেখেতৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা। শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা হাজৰিকাই শৈশৱকাল কলিয়াবৰত পাৰ কৰে। মূলতঃ ভৌতিক আৰু থ্ৰিলাৰ কাহিনীৰ বাবে জনাজাত হাজৰিকাই কল্পবিজ্ঞান, সামাজিক, শিশু সাহিত্য, অভিযানমূলক, ৰহস্যধৰ্মী, জ্যোতিষ আদি বিষয়তো বহু গ্ৰন্থ লিখি উলিয়াইছে। ১৯৭৩ চনত প্ৰথম উপন্যাস প্ৰকাশ কৰাৰে পৰা বৰ্তমানলৈ তেখেতৰ প্ৰায় ৭৫০খন গ্ৰন্থ প্ৰকাশ পাইছে। তেখেতে বৰ্তমান অসমৰ জাতীয় সংগঠন অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ ২০২৪ চনত তেওঁ বিপন্ন বিস্ময় খেল নামৰ শিশু উপন্যাসৰ বাবে শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰে।১২৩

কৰ্মজীৱন

ৰঞ্জু হাজৰিকাই মোনাবাৰী চাহ বাগিছাত গাণনিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ তিনি বছৰৰ বাবে SSB-ত চাকৰি কৰে। তেওঁ সেই সময়তেই বহুকেইখন কিতাপ লিখি উলিয়ায় যদিও প্ৰকাশ কৰা নাছিল। SSB-ৰ চাকৰি এৰি তেওঁ এখন পান-তামোলৰো দোকান দিয়ে। তাৰ পিছত তেওঁ বালিপাৰা চাহ বাগান আৰু আন দুখন চাহ বাগিছাত চাকৰি কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগতেই লিখি উলিওৱা 'বহুৰূপী' উপন্যাস এই সময়তে ১৯৭৩ চনত প্ৰকাশ পায়। আজৰি সময়ত তেখেতে আন কেইখনমান উপন্যাসৰ কাম সমাপ্ত কৰে।৪ ১৯৮২ চনত তেখেতে 'ত্ৰিশূল' আলোচনীৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৮৪ চনত গুৱাহাটীলৈ আহি 'সংকেত' নামৰ আলোচনীৰ সম্পাদক হিচাপে কাম কৰে। লগতে নিজে 'কণ কণ' নামৰ এখন শিশু আলোচনী প্ৰকাশ কৰিবলৈ লয় যদিও সেইখন বেছিদিন নচলিল। পাছলৈ তেখেতে 'হিয়া', 'তাল', আৰু 'কাৰেং' আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ব্যক্তিগত জীৱন

১৯৮৪ চনত তেখেত গুৱাহাটীলৈ আহে আৰু প্ৰণীতা হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।৪

অন্য আগ্ৰহ

উপন্যাস লিখাৰ বাহিৰেও হাজৰিকা চুটিগল্প লিখাৰ বাবে বিখ্যাত। বিস্মোই", ৰহস্য, তৃশূল, হিয়া, মৌচাক'' আদি বহুতো অসমীয়া আলোচনীত তেখেতৰ চুটিগল্প প্ৰকাশ পাইছে।৫৬ যোৱা ৩৫ বছৰৰ পৰা তেওঁ জ্যোতিষ বিজ্ঞানৰ চৰ্চা কৰি আহিছে, আৰু জ্যোতিষ আৰু Palmistyৰ ওপৰত ১১খন গ্ৰন্থ লিখিছে।৪

তথ্যসূত্ৰ

  1. ↑ (15 June 2024). Sahitya Akademi announces Yuva Puraskar, Bal Sahitya Puraskar winners for 2024. www.thehindu.com
  2. ↑ (15 June 2024). Sahitya Akademi announces Yuva Puraskar, Bal Sahitya Puraskar winners for 2024. economictimes.indiatimes.com
  3. ↑ (15 June 2024). Sahitya Akademi announces Yuva Puraskar, Bal Sahitya Puraskar winners for 2024. theprint.in
  4. ↑ Sarmah, Pranoy Jyoti. (18 April 2016). Ranju Hazarika: The Man who knows the Sky is the Limit
  5. ↑ Popular Assamese Magazines. Online Sivasagar
  6. ↑ Mani, Lord. (15 April 2010). Mouchak: A Honeycomb of Life. Fried Eye Media

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসমৰ ব্যক্তিসাহিত্য অকাডেমি শিশু সাহিত্য বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জু হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৫৩৮৪৪৭ (১৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।