চন্দনা গোস্বামী (Chandana Goswami, জন্ম: ১৮ নৱেম্বৰ, ১৯৬৯ চন) অসমীয়া ভাষাৰ এগৰাকী ঔপন্যাসিক। উদীয়মান ঔপন্যাসিক হিচাপে চন্দনা গোস্বামী অসমৰ সাহিত্য জগতত বিশেষভাৱে পৰিচিত। তেওঁৰ প্ৰথম সাহিত্য সৃষ্টি ‘পাটকাইৰ ইপাৰে মোৰ দেশ’ নামৰ বুৰঞ্জীমূলক উপন্যাসখনৰ বাবে ২০১২ চনত ভাৰত চৰকাৰ প্ৰদত্ত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।১ জীৱনৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থতে সাহিত্য অকাডেমি বঁটা লাভ কৰা চন্দনা গোস্বামী অসমৰ প্ৰথমগৰাকী সাহিত্যিক।
জন্ম আৰু বংশ পৰিচয়
১৯৬৯ চনৰ ১৮ নৱেম্বৰত গুৱাহাটীত চন্দনা গোস্বামীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ভৰত চন্দ্ৰ মিশ্ৰ ভাগৱতী, মাতৃৰ নাম আছিল বাসন্তী দেৱী। তেওঁৰ পিতৃ গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু মাতৃ ছয়দুৱাৰ মহাবিদ্যালয়ৰে শিক্ষা বিভাগৰ প্ৰবক্তা আছিল।২
শৈক্ষিক জীৱন
পিতৃ-মাতৃৰ কৰ্মভূমি গহপুৰত অৱস্থিত গহপুৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ১৯৭৩ চনত চন্দনা গোস্বামীয়ে শৈক্ষিক জীৱনৰ পাতনি মেলে। ইয়াৰ পাছত গহপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৩ চনত প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়। সেই বছৰতে কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক কলা শাখাত নামভৰ্তি কৰি ১৯৮৫ চনত উৰ্ত্তীৰ্ণ হয়। কটন কলেজৰ পৰাই অৰ্থনীতি মূল বিষয় হিচপে লৈ ১৯৮৮ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৯২ চনত অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২
ব্যক্তিগত জীৱন
১৯৯২ চনত গুৱাহাটীৰ চেনিকুঠীৰ বাসিন্দা ৰাজীৱ গোস্বামীৰ লগত চন্দনা গোস্বামী বিবাহপাশত আবদ্ধ হয়।২ ৰাজীৱ গোস্বামী পেছাত এগৰাকী উদ্যোগী তথা ব্যৱসায়ী। তেওঁলোকৰ এগৰাকী কন্যা সন্তান চিত্ৰালী গোস্বামী (জন্ম: ১৯৯৮)।
চাকৰি কাল
চন্দনা গোস্বামীয়ে পোনপ্ৰথমে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত প্ৰবক্তাৰূপে যোগদান কৰে। পাচলৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে যদিও ব্যক্তিগত কাৰণত ২০০৪ চনত চাকৰিৰ পৰা অব্যাহতি লয়।২
কৰ্মৰাজি
চন্দনা গোস্বামীয়ে জীৱনৰ প্ৰথমখন গ্ৰন্থ ‘পাটকাইৰ ইপাৰে মোৰ দেশ’ এখন বুৰঞ্জীমূলক উপন্যাস। এই বুৰঞ্জীমূলক উপন্যাসখন অসমৰ মধ্যযুগীয় ইতিহাসৰ আধাৰত ৰচিত।৩ তেওঁৰ দ্বিতীয়খন উপন্যাস ‘কেয়ুম্’ৰ মূল বিষয়বস্তু অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ প্ৰব্ৰজনৰ সমস্ত কালছোৱা। দক্ষিণ চীনৰপৰা যুগ যুগ ধৰি প্ৰব্ৰজন কৰি জনগোষ্ঠীটোৱে নানানটা ঘাত-প্ৰতিঘাতৰ মাজেৰে তিব্বত হৈ কিদৰে ভাৰত ভূমিত থিতাপি লাগিছিলহি – এই সমস্ত ঘটনাৰাজি বিস্তৃত ৰূপত উপন্যাসখনত ডাঙি ধৰা হৈছে।২
গ্ৰন্থপঞ্জী
- পাটকাইৰ ইপাৰে মোৰ দেশ (প্ৰথম প্ৰকাশ: অক্টোবৰ ২০০৯, প্ৰকাশক: চন্দ্ৰ প্ৰকাশ, গুৱাহাটী; )
- কেয়ুম্ (প্ৰথম প্ৰকাশ: নৱেম্বৰ ২০১৩, প্ৰকাশক: চন্দ্ৰ প্ৰকাশ, গুৱাহাটী; )
বঁটা/সন্মান
alt=|thumb|upright|চন্দনা গোস্বামীৰ হাতৰ আখৰৰ নমুনা
- ২০১২ চনত 'পাটকাইৰ ইপাৰে মোৰ দেশ'ৰ বাবে সাহিত্য অকাডেমি প্ৰদত্ত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা১
- ২০১৭ চনত 'কেয়ুম্' ৰ বাবে অসম লুতাদ বাতৰি কাকত গোষ্ঠী প্ৰদত্ত অসম লুতাদ বঁটা৪
তথ্যসূত্ৰ
- ↑ (2012). Sahitya Akademi Awards 2012
- ↑ (নৱেম্বৰ). CHANDANA GOSWAMI
- ↑ (২০১৪). পাটকাইৰ ইপাৰে মোৰ দেশ আৰু ৰাজনী কুঁৱৰী
- ↑ (২০১৭). সাহিত্য অকাডেমি প্ৰাপক চন্দনা গোস্বামীক ‘অসম লুতাদ বঁটা’ প্ৰদান
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দনা গোস্বামী” প্ৰবন্ধৰ সংশোধন ৩৮৫০২৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।