পূৰবী বৰমুদৈ (জন্ম:৮ মে' ১৯৫০ - মৃত্যু: ১৫ জুলাই, ২০১৯) অসমৰ এগৰাকী লেখক সাহিত্যিক। তেওঁ মূলতঃ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ ৰূপে সুপ্ৰতিষ্ঠিত। তেওঁ সাহিত্য অকাডেমি বঁটা১ আৰু অসম উপত্যকা সাহিত্য বঁটাৰ দ্বাৰা সন্মানিত।২
প্ৰাৰম্ভিক জীৱন
পূৰবী বৰমুদৈৰ জন্ম হৈছিল ১৯৫০ চনৰ ৮ মে' তাৰিখে৩ তেজপুৰ চহৰৰ দেউৰী গাঁৱত৪। পিতৃ প্ৰয়াত চন্দ্ৰনাথ তামুলী আৰু মাতৃ পদ্মা তামুলী। চন্দ্ৰনাথ তামুলী এগৰাকী শিক্ষক আছিল আৰু মাতৃ এগৰাকী সু-অনুবাদক হিচাপে পৰিচিতা।৪
১৯৬৭ চনত পূৰবী বৰমুদৈয়ে তেজপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়, আৰু ১৯৭০ চনত দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৫ গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৭৩ চনত বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪
কৰ্মজীৱন
পূৰবী বৰমুদৈয়ে প্ৰথমে শিক্ষকৰ চাকৰি গ্ৰহণ কৰিছিল যদিও সাহিত্য চৰ্চাত একাণপতীয়াকৈ লগাৰ সুবিধাৰ্থে চাকৰি ত্যাগ কৰে।
প্ৰথমে কবিতা ৰচনাৰে বৰমুদৈয়ে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। বৰমুদৈৰ গল্পই ১৯৬৭ চনত 'দৈনিক অসম'ৰ দ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিক চুটিগল্প প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল। ৪
পূৰবী বৰমুদৈৰ প্ৰথম উপন্যাস 'গজৰাজ প্ৰেম আৰু বন্দীত্ব' প্ৰকাশ হয় ১৯৯৯ চনত আৰু তাৰ পাছৰেপৰাই বৰমুদৈৰ ৰচনাই পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰে। ২০০০ চনত তেখেতৰ দ্বিতীয়খন উপন্যাস 'বাঘশাল, বাঘজাল আৰু মানুহ' প্ৰকাশ পায়। ইয়াৰে ভিতৰত 'ৰূপোৱালী নৈ সোণোৱালী ঘাট', ১ লাখ ৮৫ হেজাৰ শব্দ আৰু ১০১-টা সৰু-বৰ চৰিত্ৰৰে এখন বৃহৎ কলেৱৰৰ উপন্যাস।৪
২০০৫ চনত পূৰবী বৰমুদৈৰ আন এখন উপন্যাস শান্তনুকুলনন্দন প্ৰকাশ পায়। এই গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে।৬
ব্যক্তিগত জীৱন
১৯৭৬ চনত বিশিষ্ট শিক্ষাবিদ, সাহিত্য সমালোচক আনন্দ বৰমুদৈৰ লগত পূৰৱী বৰমুদৈ বিবাহ পাশত আবদ্ধ হয়।৪ আনন্দ বৰমুদৈ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক।৭
২০০৬ চনৰ ২৬ মে'ত বৰমুদৈ গুৰুতৰভাৱে অসুস্থ হৈ তিনি মাহ চিকিৎসাধীন হৈ কটাবলগীয়া হৈছিল।৪
পূৰবী বৰমুদৈৰ গল্প-উপন্যাসত অসমৰ গ্ৰামীণ লোকজীৱনৰ আভাস দেখা যায় সেই লোকজীৱনৰ আহে-আঁহে সোমাই থকা নিৰ্ভাজ প্ৰকৃতিৰ সুন্দৰতা আৰু ভয়ংকৰতা তেওঁৰ কেইবাটাও সাৰ্থক গল্প-উপন্যাসৰ উপজীব্য। কল্পনাতকৈ বাস্তৱৰ ওপৰতে নিৰ্ভৰশীল বাবে বৰমুদৈয়ে গল্প-উপন্যাস ৰচনাত স্বতঃস্ফূৰ্ততাত বিশ্বাস নকৰে। সেয়ে তেওঁৰ উপন্যাস গজৰাজ প্ৰেম আৰু বন্দীত্ব (১৯৯৯), শান্তনুকুলনন্দন (২০০৫) আৰু গৰীয়সীত ধাৰাবাহিকভাৱে প্ৰকাশিত এটা আলিবাটৰ কথাৰ কাহিনী নিৰ্মাণৰ আঁৰত ঔপন্যাসিকাৰ গভীৰ অধ্যয়ন আৰু গৱেষণাৰ চিন স্পষ্ট।৮
প্ৰকাশিত কৰ্মৰাজি
উপন্যাস
- এটা আলিবাটৰ কথা (গৰীয়সীত ধাৰাবাহিতভাৱে প্ৰকাশিত)
- পৰম পূজনীয় আৰু দুখন উপন্যাস (১৯৭৬)
- গজৰাজ প্ৰেম আৰু বন্দীত্ব (১৯৯৯)
- ৰূপোৱালি নৈ সোণোৱালী ঘাট' (২০০১)
- শান্তনুকুলনন্দন (২০০৫)
- বাঘশাল, বাঘজাল আৰু মানুহ (২০০০)
উপন্যাসিকা
- নিৰ্বাচিত উপন্যাসিকা (২০০৫)
গল্প-সংকলন
- শীতৰ কুঁৱলী (১৯৭৭)
- হেৰুৱাজনক বিচাৰি আৰু অন্যান্য গল্প (২০১৪)
- অৱশেষত বৰষুণ (২০১৬)
- পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, প্ৰথম খণ্ড (২০০২)
- পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, দ্বিতীয় খণ্ড (২০০৮)
- পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প, তৃতীয় খণ্ড (২০১৫)
বঁটা আৰু স্বীকৃতি
- অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা ( 'গজৰাজ প্ৰেম আৰু বন্দিত্ব'উপন্যাসৰ বাবে)৪
- ছগনলাল জৈন বঁটা৪ ( 'ৰূপোৱালী নৈৰ সোণোৱালী ঘাট' উপন্যাসৰ বাবে)
- ২০০৬ চন - অসম লেখিকা সমাৰোহ সমিতিৰ লেখিকা বঁটা৪
- ২০০৬ চন - প্ৰবীণা শইকীয়া বঁটা৪
- ২০০৭ চন - সাহিত্য অকাডেমি বঁটা ('শান্তনুকুলনন্দন' উপন্যাসৰ বাবে)৬
- ২০১২ চন - অসম উপত্যকা সাহিত্য বঁটা৪
তথ্যসূত্ৰ
- ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য. সাহিত্য অকাডেমি
- ↑ অৰিন্দম বৰকটকী. (২০১৯). গৰীয়সী. পৃ. ১৬
- ↑ Ripunjoy Das, ''Stilwell facts, served with a dash of fiction - Sahitya Akademi Award winner Purobi Bormudoi to write her next novel on the historic road, The Telegraph, 29-12-2007, আহৰণ কৰা তাৰিখ ০১-০১-২০১২
- ↑ ৰবীন ভূঞা, পূৰৱী বৰমুদৈলৈ অসম উপত্যকা বঁটা, আমাৰ অসম, ০১-০১-২০১২
- ↑ দৰং কলেজৰ ৱেবছাইট
- ↑ সাহিত্য একাডেমী বঁটা প্ৰাপকৰ তালিকা
- ↑ মোৰ বাবে এয়া ৰাইজৰ আশীৰ্বাদঃ পূৰৱী বৰমুদৈ, আমাৰ অসম, ০১-০১-২০১২
- ↑ কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস, মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ-২০০৬, পৃষ্ঠা-২৫২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰবী বৰমুদৈ” প্ৰবন্ধৰ সংশোধন ৫৯৬৬৮২ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।