হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী
৩৮৪ প্ৰবন্ধ
-
সৰিতা যোশী
সৰিতা যোশী ( Sarita Joshi; জন্ম: ১৭ অক্টোবৰ, ১৯৪১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টিভি অভিনেত্ৰী। গুজৰাটী আৰু মাৰাঠী থিয়েটাৰৰ এগৰাকী আগশাৰীৰ আৰু গুৰুত্বপূ্ৰ্ণ অভিনেত্ৰী বুলি তেওঁক উল্লেখ কৰা হয়। ১৯৭০ দশকত স্বামী প্ৰবীণ যোশীৰ সৈতে কৰা গুজৰাটী নাটকৰ বাবে তেওঁ পৰিচিত।
-
হন্সা ৱাডকাৰ
হন্সা ৱাডকাৰ (Hansa Wadkar; ১৯২৩–১৯৭১) এগৰাকী মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ ভাৰতীয় অভিনেত্ৰী। তেৰ বছৰ বয়সত, দ্বিভাষিক ছবি “বিজয়চি লগনে” (১৯৩৬)ত নায়িকা হিচাপে অভিনয় জীৱন আৰম্ভ কৰে।
-
ৰাধিকা মাদান
ৰাধিকা মাদান (Radhika Madan) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ইয়াৰ পূৰ্বতে তেখেত এগৰাকী টেলিভিছন ব্যক্তিত্ব আছিল। নতুন দিল্লীত তেখেতে নৃত্য প্ৰশিক্ষক হিচাপেও কৰ্মৰত হৈ আছিল। ৰাধিকাৰ ছবিসমূহ মূলতঃ হিন্দী ভাষাত নিৰ্মিত।
-
ৰীণা ৰয়
ৰীণা ৰয় (জন্ম:চাইৰা আলি; Reena Roy; ৭ জানুৱাৰী ১৯৫৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। বোম্বেত জন্মগ্ৰহণ আৰু ডাঙৰ-দীঘল হোৱা ৰয়ৰ তিনিজন ভাই-ভনী আছিল। ১৫ বছৰ বয়সত তেওঁ জৰুৰত (১৯৭২) নামৰ ছবিৰ যোগেদি চলচ্চিত্ৰজগতত আত্মপ্ৰকাশ কৰে।
-
ৰোহিনী হট্টংগড়ী
ৰোহিনী হট্টংগড়ী (Rohini Hattangadi; জন্ম: ওৱাক; ১১ এপ্ৰিল ১৯৫৫) এগৰাকী হিন্দী, তেলেগু, মাৰাঠী, তামিল, কানাড়া, আৰু গুজৰাটী চলচ্চিত্ৰৰ, দূৰদৰ্শন ধাৰাবাহিক আৰু নাট্যমঞ্চৰ অভিনেত্ৰী। তেওঁ দুটা ফিল্মফেয়াৰ আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
অনন্যা খাৰে
অনন্যা খাৰে ( Ananya Khare ) এগৰাকী ভাৰতীয় টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। দেৱদাস আৰু চান্দনী বাৰৰ দৰে বলীউডৰ ছবিত অভিনয় কৰি তেওঁ অধিক পৰিচিত। চান্দনী বাৰ ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
অনুসূয়া সেনগুপ্তা (অভিনেত্ৰী)
অনসুয়া সেনগুপ্তা (Anasuya Sengupta; জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰডাকচন ডিজাইনাৰ। চলচ্চিত্ৰ জগতত কেৰিয়াৰ গঢ়ি তোলাৰ লগতে ২০২৪ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত আন চাৰ্টেইন ৰিগাৰ্ড বঁটা শাখাত তেওঁ পাৰফৰমেন্স এৱাৰ্ড লাভ কৰিছে।
-
অশ্বিনী ভাৱে
অশ্বিনী ভাৱে (Ashwini Bhave; জন্ম: ৭ মেʼ ১৯৬৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ মাৰাঠী, হিন্দী, আৰু কন্নড় চলচ্চিত্ৰৰ লগতে হিন্দী টেলিভিছনত তেওঁৰ কামৰ বাবে পৰিচিত।
-
অৰ্চনা পূৰণ সিং
অৰ্চনা পূৰণ সিং (Archana Puran Singh; জন্ম: ২৬ ছেপ্তেম্বৰ, ১৯৬২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিচন ব্যক্তিত্ব। তেওঁ বহু কেইখন বলীউডী চলচ্চিত্ৰৰ কৰা কৌতুক অভিনেত্ৰী আৰু কৌতুকধৰ্মী টেলিভিচন শ্বো- দ্য কপিল শৰ্মা শ্বো আৰু কমেডী চাৰ্কাচৰ বিচাৰক ৰূপে জনাজাত।
-
অৱনী মোদী
অৱনী মোদী এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ বলীউডত প্ৰৱেশ কৰে মধুৰ ভাণ্ডাৰকাৰৰ নাটকীয় চলচ্চিত্ৰ কেলেণ্ডাৰ গাৰ্লছ ৰ জৰিয়তে।
-
আঁচল কুমাৰ
আঁচল কুমাৰ (Anchal Kumar) এজন ভাৰতীয় অভিনেত্ৰী, ছুপাৰ–মডেল, প্ৰভাৱশালী নাৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ Gladrags Manhunt and Megamodel Contest-ত বিজয়ী হৈছিল আৰু ১৯৯৯ চনৰ মিছ ইণ্টাৰকণ্টিনেণ্টেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
আইশা আহমেদ
আইছা আহমেদ এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনেত্ৰী ৰুখছাৰ ৰেহমানৰ কন্যা, আইশা এডালটিং (২০১৮) আৰু মাইনাছ ৱান (২০১৯)কে ধৰি কেইবাখনো জনপ্ৰিয় ষ্ট্ৰীমিং ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৮ চনত থ্ৰিলাৰ থ্ৰি ষ্ট’ৰেজৰ জৰিয়তে তেওঁ ছবিজগতত প্ৰৱেশ কৰে।
-
আচলা সচদেৱ
আচলা সচদেৱ (Achala Sachdev) (৩ মে' ১৯২০ – ৩০ এপ্ৰিল ২০১২) হিন্দী ভাষাৰ চলচ্চিত্ৰ জগতৰ ক্লাছিক ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি শিশু অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পিছলৈ হিন্দী ছবিত মাতৃ আৰু আইতাকৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পৰিচিত হৈছিল।
-
আজমেৰী হক বাঁধন
আজমেৰী হক বাঁধন (জন্ম: ২৮ অক্টোবৰ ১৯৮৩) এগৰাকী বাংলাদেশী অভিনেত্ৰী। তেওঁ বাংলাদেশৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভাৰতীয় চলচ্চিত্ৰতো অভিনয় কৰে। ২০০৬ চনত লাক্স চেনেল আই ছুপাৰষ্টাৰত ২য় ৰানাৰ্ছ আপ হোৱাৰ পিছত তেওঁ এগৰাকী মডেলৰূপে সকলোৰে নজৰলৈ আহে।
-
আন্দ্ৰেয়া কেভিচুছা
কেৰল আন্দ্ৰেয়া কেভিচুছা (; জন্ম: ১৮ ফেব্ৰুৱাৰী ২০০১) নাগালেণ্ডৰ এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ ২০২২ চনত আয়ুষমান খুৰৰানাৰ সৈতে অনেক চলচ্চিত্ৰত অভিনয়ত অভিষেক ঘটায়, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা অভিষেকৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।
-
আশা পোছলে
ছাবিৰা বেগম ( Asha Posley; উৰ্দু: آشا پوسلے; ১৯২৭ – ২৫ মাৰ্চ ১৯৯৮) পাকিস্তানী ছবিৰ প্ৰথম নায়িকা আছিল।তেওঁ আশা পোছলে নামেৰে অধিক পৰিচিত আছিল।
-
উত্তৰা বাওকৰ
উত্তৰা বাওকৰ (Uttara Baokar; ৫ আগষ্ট ১৯৪৪ – ১২ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় মঞ্চ, চলচ্চিত্ৰ, আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ কেইবাখনো উল্লেখযোগ্য নাটকত অভিনয় কৰিছিল।
-
উমা আনন্দ
উমা আনন্দ ( Uma Anand; ১৯২৩ – ১৩ নৱেম্বৰ ২০০৯) এগৰাকী ভাৰতীয় সাংবাদিক, অভিনেত্ৰী আৰু সম্প্ৰচাৰক আছিল। নীচা নগৰ (১৯৪৬), টেক্সি ড্ৰাইভাৰ (১৯৫৪) উমা আনন্দ অভিনীত উল্লেখযোগ্য চলচ্চিত্ৰ।
-
উৰ্বশী (অভিনেত্ৰী)
কবিতা মনোৰঞ্জিনী (Kavitha Manoranjini; জন্ম: ২৫ জানুৱাৰী ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ডাবিং শিল্পী, টেলিভিছন হোষ্ট, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। পেছাগতভাৱে তেওঁ উৰ্বশী নামেৰে পৰিচিত। ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত, প্ৰধানকৈ মালয়ালম, তামিল, কানাড়া আৰু তেলেগু ছবিত কৰা কামৰ বাবে পৰিচিত।
-
কজ্জনবাঈ
জাহানাৰা কজ্জন বা মিচ কজ্জন ( Jahanara kajjan, ১৫ ফেব্ৰুৱাৰী ১৯১৫- ডিচেম্বৰ ১৯৪৫) প্ৰাৰম্ভিক সবাক চলচ্চিত্ৰৰ একচ্ছত্ৰী সম্ৰাজ্ঞী, প্ৰশিক্ষিত শাস্ত্ৰীয় কণ্ঠশিল্পী, ফেচন আইকন, ধাৰা প্ৰৱৰ্তক জাহানাৰা কজ্জনক ‘লাৰ্ক অফ হিন্দী চিনেমা’ ‘বিউটিফুল নাইটিংগেল অফ বেংগল স্ক্ৰীণ’ বুলি জনা যায়।
-
কমলা কোটনিছ
কমলা কোটনিছ ( Kamala Kotnis; ১৯২৮ – ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৪০ দশকত তেওঁ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৪৬ চনত মুক্তি পোৱা হম এক হ্যায় ছবিখনত দেৱ আনন্দৰ প্ৰথম নায়িকা হিচাপেও তেওঁ উল্লেখযোগ্য।
-
কল্পনা আয়াৰ
কল্পনা আয়াৰ (Kalpana Iyer; জন্ম: ২৬ জুলাই ১৯৫৬) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী, গায়িকা, মডেল, যিয়ে সমগ্ৰ ১৯৮০ আৰু ১৯৯০ চনলৈকে হিন্দী চিনেমাত কৰা কামৰ বাবে বেছিকৈ পৰিচিত।
-
কল্পনা কাৰ্তিক
কল্পনা কাৰ্তিক (জন্ম:মোনা সিং; ১৯ ছেপ্টেম্বৰ ১৯৩১; Kalpana Kartik) এগৰাকী অৱসৰপ্ৰাপ্ত হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী। ১৯৫০ দশকত তেওঁ ছখন ছবিত অভিনয় কৰিছিল। তেওঁ হিন্দী চলচ্চিত্ৰ অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা দেৱ আনন্দৰ পত্নী।
-
কাঞ্চনা (অভিনেত্ৰী)
কাঞ্চনা ( Kanchana; জন্ম: ১৬ আগস্ট ১৯৩৯) ভাৰতৰ তামিল চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তামিলৰ উপৰিও তেওঁ তেলেগু ছবিতো কাম কৰি আহিছে। ১৯৬০ চনত তামিল চলচ্চিত্ৰ জগতত তেওঁ কাঞ্চনা নামেৰে সুপৰিচিত আছিল। বসুন্ধৰা দেৱী হিচাপে জন্মগ্ৰহণ কৰা কাঞ্চনা প্ৰথমে এয়াৰ হোষ্টেছ আছিল। এবাৰ তামিল চলচ্চিত্ৰ পৰিচালক চি.
-
কুমকুম
কুমকুম (জয়বুন্নিসা খান; ২২ এপ্ৰিল ১৯৩৪ – ২৮ জুলাই ২০২০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁৰ জনপ্ৰিয় চলচ্চিত্ৰসমূহ হৈছে: অঙ্কহন (১৯৬৮), ললকাৰ (১৯৭২), মাদাৰ ইণ্ডিয়া (১৯৫৭), মিষ্টাৰ এক্স ইন বোম্বাই (১৯৬৪), দিল ভী তেৰাহুম ভী তেৰেহ (১৯৬০), ছনচ অৱ ইণ্ডিয়া (১৯৬২), কোহিনূৰ (১৯৬০), উজালা, নয়া দৌৰ, শ্ৰীমান…
-
কুলৰাজ ৰন্ধাৱা
কুলৰাজ কৌৰ ৰন্ধাৱা (জন্ম: ১৬ মে' ১৯৮৩) এজনী ভাৰতীয় অভিনেত্ৰী যিয়ে পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কৰীণা কৰীণা নামৰ টেলিভিছন শৃংখলাৰ "কৰীণা" চৰিত্ৰৰ বাবে জনাজাত।
-
কৃতি চেট্টী
কৃতি চেট্টী (Krithi Shetty; জন্ম ২১ ছেপ্টেম্বৰ ২০০৩) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী৷ তেওঁ সাধাৰণতে তেলেগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। ব্যৱসায়িকভাৱে সফল ছবি উপেনা (২০২১) -ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল৷
-
খুছবু গ্ৰেৱাল
খুছবু গ্ৰেৱাল এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ খুছবু কোছাৰ নামেৰেও পৰিচিত। B4Uত ভিজে হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত অভিনেত্ৰী হিচাপে পাঞ্জাবী আৰু হিন্দী ছবিত জড়িত হয়। ৰাজ: দ্য মিষ্ট্ৰী কন্টিনিউজৰ দৰে হিন্দী ছবি আৰু কেৰী অন জাটা আদি পাঞ্জাবী ছবিত অভিনয় কৰিছে।
-
চাবা সৌদাগৰ
চাবা সৌদাগৰ (Saba Saudagar) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। হিন্দী ভাষাৰ ৱেব-ছিৰিজত বুও সবকি ফাটেগী (২০১৯), ক্ৰেকডাউন (২০২০), আৰু গন্দী বাত (ছিজন ৪) (২০২০) আদিত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
চালমা আগা
চালমা আগা ( Salma Agha;; জন্ম ২৫ অক্টোবৰ ১৯৫৬) এগৰাকী পাকিস্তানী কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ ১৯৮০ আৰু ১৯৯০ৰ দশকত বহু কেইখন ভাৰতীয় আৰু পাকিস্তানী চলচ্চিত্ৰত অভিনয় আৰু কণ্ঠদান কৰিছে।