অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাধিকা মাদান

ৰাধিকা মাদান (Radhika Madan) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ইয়াৰ পূৰ্বতে তেখেত এগৰাকী টেলিভিছন ব্যক্তিত্ব আছিল। নতুন দিল্লীত তেখেতে নৃত্য প্ৰশিক্ষক হিচাপেও কৰ্মৰত হৈ আছিল। ৰাধিকাৰ ছবিসমূহ মূলতঃ হিন্দী ভাষাত নিৰ্মিত।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৬ ৩৯২ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ৰাধিকা মাদান (Radhika Madan) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ইয়াৰ পূৰ্বতে তেখেত এগৰাকী টেলিভিছন ব্যক্তিত্ব আছিল। নতুন দিল্লীত তেখেতে নৃত্য প্ৰশিক্ষক হিচাপেও কৰ্মৰত হৈ আছিল। ৰাধিকাৰ ছবিসমূহ মূলতঃ হিন্দী ভাষাত নিৰ্মিত।১ ২০১৪ চনত ৰাধিকাই 'মেৰি আশিকী টুম ছে হী' নামৰ ৰোমাণ্টিক ড্ৰামাখনৰ জৰিয়তে টেলিভিছনৰ পৰ্দাত পদাৰ্পণ কৰে। ইয়াত তেখেতে ঈশানী পাৰিখৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। ২০১৮ চনত ৰাধিকাই অভিনয় কৰে বিশাল ভাৰদ্বাজ পৰিচালিত ছবি 'ফাটাকা'ত। এইখন ৰাধিকাৰ প্ৰথম হিন্দী ছবি হিচাপে পৰিগণিত হয়। পৰৱৰ্তী সময়ত ইৰফান খানৰ লগত তেখেতে 'অংগ্ৰেজী মিডিয়াম' নামৰ ছবিখনত শীৰ্ষ চৰিত্ৰত অভিনয় কৰে।২ ২০১৯ চনৰ একছন কমেডি ছবি 'মৰ্দ কো দৰ্ড নহী হোটা'ৰ কেন্দ্ৰীয় চৰিত্ৰ 'চুপ্ৰী'ত অভিনয় কৰি ৰাধিকাই বিশেষ খ্যাতি অৰ্জন কৰে।

সংক্ষিপ্ত জীৱন

দিল্লীৰ নিবাসী ৰাধিকা মাদানে প্ৰাত্যহিক টেলিভিছন শ্ব' 'মেৰি আশিকি টুম ছে হী'ৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰে। এইখন ধাৰাবাহিক কালাৰ্ছ টিভিত ডেৰ বছৰধৰি চলে।৩৪ ৰাধিকাই নৃত্যৰ ৰিয়েলিটি শ্ব' 'ঝলক দিখলা যা'ৰ অষ্টম সংস্কৰণত অংশগ্ৰহণ কৰিছিল।৫

টেলিভিছনৰ পাছত ৰাধিকাই বিশাল ভাৰদ্বাজৰ বোলছবি 'ফটাকা'ৰ জৰিয়তে বলিউডত প্ৰৱেশ কৰে। ছবিখনত তেখেতৰ লগত অভিনয় কৰিছিল ছানয়া মালহোত্ৰাই। চৰণ সিং পাঠিকৰ চুটি গল্প 'দো বেহেন'ৰ আধাৰত নিৰ্মাণ হোৱা ছবিখনৰ কাহিনীয়ে ৰাজস্থানৰ দুগৰাকী ভগ্নীৰ মাজত সৃষ্টি হোৱা সংঘাতক উপস্থাপন কৰে।৬ চুটি গল্পটোৰ আধাৰ হৈছে গল্পকাৰ পাঠিকৰ ভ্ৰাতৃ-বোৱাৰী দুগৰাকী।৬ ছবিখনত অভিনয় কৰা দুয়োগৰাকী অভিনেত্ৰী মাদান আৰু মালহোত্ৰাই বাস্তৱ জীৱনৰ মহিলা দুগৰাকীক সাক্ষাৎ কৰি তেওঁলোকৰ ভাষা আৰু শৈলী শিকে।৬ প্ৰস্তুতিৰ বাবে দুয়োগৰাকী অভিনেত্ৰীয়ে জয়পুৰৰ সমীপৱৰ্তী ৰঞ্চি গাঁৱত থাকে আৰু ৰাজস্থানী ভাষা শিকে। ইয়াৰ লগতে দুয়োগৰাকীয়ে ম'হৰ গাখীৰ খিৰোৱা, খেৰীঘৰ সজোৱা, গোবৰেৰে ঘৰৰ বেৰ লেপা, মূৰত কলহ (মটকা) লৈ বহুদূৰলৈকে খোজ কাঢ়ি যোৱা কাৰ্যসমূহ অভ্যাস কৰে।৭ চৰিত্ৰ দুটিত অভিনয়ৰ বাবে তেওঁলোকে নিজৰ ওজনো দহকেজি পৰ্যন্ত বঢ়াবলগীয়া হয়।৮৯ ৰাজা সেনে নিজৰ সমালোচনাত লেখে, “Radhika Madan positively shines in this bossy role, unwavering in dialect and determination.”১০

ইয়াৰ পিছত মাদানক দেখা যায় বাচান বালাৰ একছন কমেডি ছবি 'মৰ্দ কো দৰ্দ নহী হোতা'ত। ২০১৮ চনৰ টৰণ্টো আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ মিডনাইট মেডনেচ শাখাত ছবিখন প্ৰদৰ্শিত হয়। ছবিখনে টৰণ্টো মহোৎসৱৰ 'পিপল'ছ ছয়ছ' বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়।১১১২ ২০১৮ চনৰ 'মুম্বাই একাডেমী অৱ দ্য মুভিং ইমেজ'তো ছবিখনে প্ৰদৰ্শনী লাভ কৰে।১৩ মাদানে জনায় যে- এইখন ছবিৰ বিষয়ে অৱগত হোৱাৰ সময়ত তেখেতে "লাইলা মজনু" নামৰ ছবিখনৰ বাবে অ'ডিশ্যন দি আছিল। কিন্তু 'মৰ্দ কো...' ছবিখনৰ মৌলিক যেন অনুমান হোৱাত তেখেতে এইখন ছবিত অভিনয়ৰ বাবে বাছনি কৰিলে।১৪ ছবিখনৰ প্ৰকাৰটোৰ সৈতে একাত্ম হ'বৰ বাবে ৰাধিকাই বহুকেইখন ক্লাছিক একছনধৰ্মী ছবি চায়। উল্লেখযোগ্য যে, ছবিখনত সকলোবোৰ ষ্টাণ্টেই ৰাধিকাই নিজেই কৰিছে। শাৰীৰিক প্ৰশিক্ষণৰ সময়ত তেখেত এবাৰ আঘাতপ্ৰাপ্তও হয়।১৪ ফাৰ্ষ্টপ'ষ্টৰ প্ৰদীপ মেননে ৰাধিকাক "delight as Supri" বুলি মন্তব্য কৰে।১৫

২০২০ চনত ৰাধিকাই হোমী আদাজানীয়াৰ কমেডি ড্ৰামা ছবি 'অংগ্ৰেজী মিডিয়াম'ত অভিনয় কৰে। ইৰফান খান আৰু কৰিণা কাপুৰেও এইখন ছবিত অভিনয় কৰিছিল। ২০১৭ চনত মুক্তিলাভ কৰা 'হিন্দী মিডিয়াম' নামৰ ছবিখনৰ ছিকুৱেল আছিল এইখন ছবি। ছবি সমালোচকা অনুপমা চোপ্ৰাই ৰাধিকাৰ অভিনয়ক “absolute natural” বুলি অভিহিত কৰে। তেখেতে কয় যে- ৰাধিকাই “captures the unforced innocence of a 17-year-old, desperate to get out of her small town and see the world.”১৬

তথ্যসূত্ৰ

  1. ↑ Happy Birthday Radhika Madan: 6 pictures of the gorgeous Meri Aashiqui Tumse Hi actress you cannot miss. India Today
  2. ↑ Radhika Madan: I wasn't keen on doing the same thing again on TV - Times of India. The Times of India
  3. ↑ (6 February 2016). 'Meri Aashiqui Tum Se Hi' wraps up shoot; fans brace for a dramatic ending. International Business Times
  4. ↑ Why 'Meri Aashiqui Tumse Hi' had to wrap up. The Times of India
  5. ↑ (13 August 2015). Jhalak Dikhhla Jaa Reloaded: Radhika Madan aka Ishani of Meri Aashiqui Tumse Hi eliminated. India Today
  6. ↑ Jhunjhunwala, Udita. (14 September 2018). Blood is thicker. Mint
  7. ↑ Iyer, Sanyukta. (7 April 2018). Sanya Malhotra, Radhika Madan in Vishal Bhardwaj's next. Mumbai Mirror
  8. ↑ Countinho, Natasha. (23 June 2018). Vishal Bhardwaj's Pataakha opens on September 28. Mumbai Mirror
  9. ↑ (11 May 2018). This is why Sanya Malhotra is gaining weight for Vishal Bhardwaj’s film. Hindustan Times
  10. ↑ Sen, Raja. (28 September 2018). Pataakha review: The new Vishal Bhardwaj film is colourful, noisy and dazzling. Hindustan Times
  11. ↑ (10 August 2018). Vasan Bala's 'Mard Ko Dard Nahi Hota' to premiere at TIFF. Business Standard
  12. ↑ Singh, Suhani. (17 September 2018). Mard Ko Dard Nahi Hota wins audience award at TIFF. India Today
  13. ↑ (27 October 2018). A full house: 'Mard Ko Dard Nahi Hota' gets standing ovation at MAMI Mumbai Film Festival. The Economic Times
  14. ↑ (27 October 2018). Radhika Madan reveals why she chose Mard Ko Dard Nahi Hota over Laila Majnu. Times Now
  15. ↑ Menon, Pradeep. (17 October 2018). Mard Ko Dard Nahi Hota movie review: A cocktail of gorgeous action sequences, absurd laugh-out-loud moments. Firstpost
  16. ↑ Chopra, Anupama. (13 March 2020). Angrezi Medium Movie Review: Even When The Writing Gets Sloppy And Tedious, The Emotions Feel Authentic. Film Companion

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধিকা মাদান” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৯৬ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।