অনসুয়া সেনগুপ্তা (Anasuya Sengupta; জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰডাকচন ডিজাইনাৰ। চলচ্চিত্ৰ জগতত কেৰিয়াৰ গঢ়ি তোলাৰ লগতে ২০২৪ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত আন চাৰ্টেইন ৰিগাৰ্ড বঁটা শাখাত তেওঁ পাৰফৰমেন্স এৱাৰ্ড লাভ কৰিছে।১২
প্ৰাৰম্ভিক জীৱন
পশ্চিম বংগৰ কলকাতাৰ এটা বঙালী পৰিয়ালত সেনগুপ্তাৰ জন্ম আৰু প্ৰতিপালন হৈছিল।২৩ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে যদিও সাংবাদিক হিচাপেহে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল।৪৫৬
কৰ্মজীৱন
দ্য শ্বেমলেছ (২০২৪) ছবিখনত অভিনয় কৰি অনসূয়া সেনগুপ্তাই ব্যাপক স্বীকৃতি লাভ কৰে। চলচ্চিত্ৰৰ কামৰ উপৰিও তেওঁ থিয়েটাৰ আৰু প্ৰডাকচন ডিজাইনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁ অঞ্জন দত্তৰ পৰিচালনাত নিৰ্মিত মেডলি বেংগালীৰ সৈতে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু সেই বছৰতে দ্য ৱেইটিং চিটিৰ বাবে ক্লেয়াৰ মেককাৰ্থীৰ লগত পৰিচালকৰ সহায়ক হিচাপে কাম কৰিছিল।২৭অভিনয়ৰ বাহিৰেও তেওঁ অন্য ক্ষেত্ৰতো নিজৰ উপস্থিতি সম্প্ৰসাৰিত কৰিছে। হাৰ্পাৰছ মেগাজিনৰ কভাৰত তেওঁ সন্নিৱিষ্ট হৈছে। ডিজাইনাৰ সমীৰ মদনৰ বাবে লেকমে ফেশ্বন উইকত ৰেম্পত খোজ কাঢ়িছে। আমুলৰ বিলবোৰ্ডতো তেওঁক স্থান দিয়া হৈছিল আৰু চেৰীজ চেৰিছ আৰু প্লুৰিয়েলছৰ পৰা তেওঁ প্ৰশংসাসূচক স্বীকৃতি লাভ কৰিছে।
সন্মান
কান চলচ্চিত্ৰ মহোৎসৱৰ আন চাৰ্টেইন ৰিগাৰ্ড এৱাৰ্ড শিতানত সেনগুপ্তাই পাৰফৰমেন্স এৱাৰ্ড লাভ কৰে। তেওঁ দ্য শ্বেমলেছ (২০২৪) ছবিত অভিনয় কৰি এই বঁটা লাভ কৰে।১২৮
তথ্যসূত্ৰ
- ↑ (24 May 2024). Un Certain Regard Winners List 2024. Festival de Cannes
- ↑ (25 May 2024). Anasuya Sengupta creates history, becomes first Indian actress to win Best Actress at Cannes Film Festival. The Indian Express
- ↑ PTI. (2024-05-25). Cannes 2024: Anasuya Sengupta wins Un Certain Regard best actress trophy, creates history. The Hindu
- ↑ (25 May 2024). Who is Anasuya Sengupta? The first Indian actor to win Best Actress at Cannes once felt 'claustrophobic, lost' in Mumbai's film industry. The Indian Express
- ↑ (2024-05-27). Who is Anasuya Gupta, who created history by winning Best Actress Award at Cannes 2024?. www.indiatvnews.com
- ↑ বৌদ্ধায়ন মুখোপাধ্যায়. কান-এ অনসূয়াৰ জয় দেখে মনে হচ্ছে
- ↑ Ramachandran, Naman. (May 29, 2024). Anasuya Sengupta on Her Cannes Un Certain Regard Best Actress Triumph: 'I Went for a Film Festival and Came Back the Darling of the Nation' (EXCLUSIVE). Variety
- ↑ (25 May 2024). Cannes 2024: Anasuya Sengupta wins Un Certain Regard best actress trophy, creates history. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুসূয়া সেনগুপ্তা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫৭৫০৩৩ (৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।