অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হন্সা ৱাডকাৰ

হন্সা ৱাডকাৰ (Hansa Wadkar; ১৯২৩–১৯৭১) এগৰাকী মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ ভাৰতীয় অভিনেত্ৰী। তেৰ বছৰ বয়সত, দ্বিভাষিক ছবি “বিজয়চি লগনে” (১৯৩৬)ত নায়িকা হিচাপে অভিনয় জীৱন আৰম্ভ কৰে।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৫ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

হন্সা ৱাডকাৰ (Hansa Wadkar; ১৯২৩–১৯৭১) এগৰাকী মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ ভাৰতীয় অভিনেত্ৰী। তেৰ বছৰ বয়সত, দ্বিভাষিক ছবি “বিজয়চি লগনে” (১৯৩৬)ত নায়িকা হিচাপে অভিনয় জীৱন আৰম্ভ কৰে। ৱাডকাৰে বম্বে টকীজ, প্ৰভাত ফিল্ম কোম্পানী আৰু নেচনেল ষ্টুডিঅ’ৰ দৰে সুনামধন্য চলচ্চিত্ৰ কোম্পানীত কাম কৰি নিজৰ নাম উজলাইছিল। তেওঁৰ কেৰিয়াৰৰ সকলোতকৈ ডাঙৰ ভূমিকা আছিল বিষ্ণুপন্ত ডামলেৰ “সন্ত সখু” (১৯৪১), য'ত তেওঁ মহিলা সন্ত সখুৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ আন স্মৰণীয় ভূমিকা আছিল, তামাচা শৈলী চলচ্চিত্ৰ “লোকচাহিৰ ৰাম যোশী” (১৯৪৭), যাক "ক্লাছিক মাৰাঠী তামাছা মিউজিকেল" বুলি অভিহিত কৰা হয়।১ “সাংত্যে আইকা” (১৯৫৯) তেওঁৰ আন এখন অতি পৰিচিত তামাচা ছবি আছিল। এইদৰে তেওঁ মাৰাঠী চলচ্চিত্ৰৰ দুখন হিট ছবি লোকচাহিৰ ৰামযোশী আৰু সাংত্যে আইকাত অভিনয় কৰে।২ ১৯৭১ চনত ৰচিত আত্মজীৱনীৰ বাবে ৱাডকাৰে "সাংত্যে আইকা" (আপুনি সুধিব, মই কওঁ) শিৰোনামটো ব্যৱহাৰ কৰিছিল।৩ সাংবাদিক অৰুণ সাধুৰ সহায়ত প্ৰথমে মাৰাঠী আলোচনী মানুছত এই আত্মজীৱনীখন ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল।

তেওঁক "তেওঁৰ সময়ৰ অন্যতম চাহিদা থৰা আৰু বোহেমিয়ান অভিনেত্ৰী" বুলি কোৱা হয়।৪ ৱাডকাৰে জীৱনত বহুতো ব্যক্তিগত সমস্যাৰ মুখামুখী হবলগীয়া হৈছিল, যাৰ ভিতৰত আছিল বৈবাহিক সমস্যা, মদ্যপানৰ আসক্তি, এজন দণ্ডাধীশৰ হাতত ধৰ্ষণ অন্তৰ্ভূক্ত আছিল। তেওঁৰ বিবাহ বিচ্ছেদ হয় আৰু ছোৱালীজনীক তেওঁৰ পৰা আঁতৰাই ৰখা হয়।৫

শ্যাম বেনেগাল পৰিচালিত ভূমিকা (১৯৭৭) হন্সা ৱাডকাৰৰ আত্মজীৱনীৰ আধাৰত নিৰ্মিত আৰু ছবিখনত অভিনেত্ৰী স্মিতা পাটিলে ৱাডকাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনে শ্ৰেষ্ঠ অভিনেত্ৰী (স্মিতা পাতিল) আৰু শ্ৰেষ্ঠ চিত্ৰনাট্য (সত্যদেৱ ডুবে, শ্যাম বেনেগাল আৰু গিৰীশ কৰ্নাড) এই দুটা শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাইছিল।৬ ২৫তম ফিল্মফেয়াৰ বঁটাতো এই ছবিখনে শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে।<ref name=NFA>{{cite web |title=25th National Film Awards |url=http://iffi.nic.in/Dff2011/Frm25NFAAward.aspx?PdfName=25th_nff.pdf |publisher=Directorate of Film Festivals |accessdate=14 September 2015 |pages=6–7 |archive-url=https://web.archive.org/web/20130130000902/http://iffi.nic.in/Dff2011/Frm25NFAAward.aspx?PdfName=25th_nff.pdf |archive-date=30 January 2013 |url-status=dead

বাহ্যিক সংযোগ

  • *

তথ্যসূত্ৰ

  1. ↑ Lokshahir Ram Joshi. indiancine.ma. Indiancine.ma
  2. ↑ Rajadhyaksha, Ashish. Bhumika. filmreference.com. Advameg, Inc
  3. ↑ K. Moti Gokulsing; Wimal Dissanayake. (17 April 2013). Routledge Handbook of Indian Cinemas. Routledge. পৃ. 134–. ISBN 978-1-136-77291-7
  4. ↑ Negi, Manulaa. (5 March 2005). More than a woman's portrayal. Hindustan Times. HT Media Limited
  5. ↑ Hansa Wadkar. (8 July 2014). You Ask, I Tell: An Autobiography. Zubaan Books. ISBN 978-93-83074-68-6
  6. ↑ 25th National Film Awards. Directorate of Film Festivals. পৃ. 6–7

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হন্সা ৱাডকাৰ” প্ৰবন্ধৰ সংশোধন ৪৭৫৩১১ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।