অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আশা পোছলে

ছাবিৰা বেগম ( Asha Posley; উৰ্দু: آشا پوسلے; ১৯২৭ – ২৫ মাৰ্চ ১৯৯৮) পাকিস্তানী ছবিৰ প্ৰথম নায়িকা আছিল।তেওঁ আশা পোছলে নামেৰে অধিক পৰিচিত আছিল।

হালনাগাদ: ৪ মাৰ্চ ২০২৫ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ছাবিৰা বেগম ( Asha Posley; উৰ্দু ভাষা: آشا پوسلے; ১৯২৭ – ২৫ মাৰ্চ ১৯৯৮) পাকিস্তানী ছবিৰ প্ৰথম নায়িকা আছিল।তেওঁ আশা পোছলে নামেৰে অধিক পৰিচিত আছিল।১২৩

কৰ্মজীৱন

তেওঁ লাহোৰত নিৰ্মিত গৱন্দী (১৯৪২) ছবিত সহযোগী অভিনেত্ৰী হিচাপে চলচ্চিত্ৰীয় জীৱনৰ আৰম্ভণি কৰিছিল। তাৰ পিছত ব্ৰিটিছ ভাৰতত চিত্ৰগ্ৰহণ কৰা হিন্দী ছবি চম্পাত (১৯৪৫) মুখ্য চৰিত্ৰত অভিনয় কৰে। প্ৰখ্যাত সংগীত পৰিচালক গুলাম হাইদৰে তেওঁক পেছাদাৰী নাম আশা পোছলে দিছিল। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত তেওঁ পৰিয়ালৰ সৈতে নতুনকৈ সৃষ্টি হোৱা পাকিস্তানলৈ প্ৰব্ৰজন কৰে।৪

তেওঁ উৰ্দু ভাষাত পাকিস্তানত প্ৰথম মুক্তি পোৱা ছবি তেৰী য়াদৰ (১৯৪৮) নায়িকা। তেওঁ বিখ্যাত ভাৰতীয় অভিনেতা দিলীপ কুমাৰৰ ভাতৃ নাছিৰ খানৰ বিপৰীতে মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছিল। ১৯৪০, ১৯৫০ আৰু ১৯৬০ দশকত ছবিত মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰাৰ পিছত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিবলৈ লয়, বিশেষকৈ কৌতুক অভিনেতা নাজাৰ আৰু আছিফ জাহৰৰ সৈতে। চাৰি দশকৰো অধিক সময়ৰ তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত ১৪৩খন ছবিত অভিনয় কৰিছিল।৫

১৯৮২ চনত তেওঁক ৩০ বছৰীয়া উৎকৰ্ষতাৰ বাবে নিগাৰ আলোচনীৰ স্বত্বাধিকাৰ ইলিয়াচ ৰচিদীয়ে প্ৰতিষ্ঠা কৰা 'নিগাৰ বঁটা' প্ৰদান কৰা হয়।৬

তথ্যসূত্ৰ

  1. ↑ 70 years of Pakistan's film industry. Geo TV News website
  2. ↑ Pakistani Cinema Had Its Own Way of Looking at Partition Too. The Wire
  3. ↑ Bali, Karan. (7 August 2015). 67 years ago today, Pakistanis lined up to see the first film made in their new nation. Scroll.in website
  4. ↑ Amjad Parvez. (7 July 2018). Kausar Parveen — a phenomenal singer who died young. Daily Times (newspaper)
  5. ↑ (13 September 2009). Asha Posley - Profile. Cineplot.com website
  6. ↑ (26 September 2017). Sound of Lollywood: Go on, makes eyes at someone. scroll.in

সম্পৰ্কিত শ্ৰেণী

উৰ্দু চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীপাঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীপাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশা পোছলে” প্ৰবন্ধৰ সংশোধন ৪৮৬৪১৩ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।