অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰ্চনা পূৰণ সিং

অৰ্চনা পূৰণ সিং (Archana Puran Singh; জন্ম: ২৬ ছেপ্তেম্বৰ, ১৯৬২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিচন ব্যক্তিত্ব। তেওঁ বহু কেইখন বলীউডী চলচ্চিত্ৰৰ কৰা কৌতুক অভিনেত্ৰী আৰু কৌতুকধৰ্মী টেলিভিচন শ্বো- দ্য কপিল শৰ্মা শ্বো আৰু কমেডী চাৰ্কাচৰ বিচাৰক ৰূপে জনাজাত।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৩ ৪৩৭ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অৰ্চনা পূৰণ সিং (Archana Puran Singh; জন্ম: ২৬ ছেপ্তেম্বৰ, ১৯৬২)১২ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিচন ব্যক্তিত্ব। তেওঁ বহু কেইখন বলীউডী চলচ্চিত্ৰৰ কৰা কৌতুক অভিনেত্ৰী আৰু কৌতুকধৰ্মী টেলিভিচন শ্বো- দ্য কপিল শৰ্মা শ্বো আৰু কমেডী চাৰ্কাচৰ বিচাৰক ৰূপে জনাজাত। কুচ কুচ হোতা হ্যায় ছবিখনৰ মিচ ব্ৰেগেঞ্জা নামৰ চৰিত্ৰটোত কৰা অভিনয়ৰ বাবে অৰ্চনাৰ শলাগ লোৱা হয়। তেওঁ ১০০ খনতকৈও অধিক চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকত অভিনয় কৰিছে।৩

ব্যক্তিগত জীৱন

অৰ্চনাৰ প্ৰথম বিবাহ নিটিকিল আৰু বিবাহ-বিচ্ছেদৰ মাজেৰে ইয়াৰ সমাপ্তি হয়।৪ তাৰপিছতে তেওঁ জালৱা ছবিখন পৰিচালনা কৰা বলীউডৰ পৰিচালক পংকজ পৰাশৰৰ লগত জড়িত হৈ পৰে। পিছলৈ ১৯৯২ চনৰ ৩০ জুনত অভিনেতা পৰমিত সেঠীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুজন পুত্ৰ সন্তান- আৰ্যমন আৰু আয়ুষ্মান।৫

কৰ্মজীৱন

চলচ্চিত্ৰত

১৯৮৭ চনত নাৰি হীৰাৰ টিভি ফিল্ম অভিষেকৰ যোগেদি চলচ্চিত্ৰ জগতত অৰ্চনাই পদাৰ্পন কৰে। এই ছবিখনত তেওঁ আদিত্য পাঞ্চোলিৰ বিপৰীতে অভিনয় কৰে। পৰৱৰ্তী বছৰটোত জালৱাত তেওঁক নাছিৰুদ্দিন শ্বাহৰ সৈতে দেখা যায়। পিছলৈ তেওঁ বিগ বেনাৰত নিৰ্মিত- অগ্নিপথ (১৯৯০), সৌদাগৰ (১৯৯১), শোলা ঔৰ শবনম (১৯৯২), আশিক আৱাৰা (১৯৯৩) আৰু ৰাজা হিন্দুস্তানীৰ (১৯৯৬) দৰে বহু কেইখন ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰে। গোবিন্দাই মূল ভূমিকাত অভিনয় কৰা থ্ৰিলাৰ ছবি বাজ আৰু সুনীল শেট্টীয়ে মূল ভূমিকাত অভিনয় কৰা জাজ মুজৰিমত অৰ্চনাই আইটেম চং কৰিছিল। ইয়াৰ পিছৰে পৰা তেওঁ নিজকে সহযোগী চৰিত্ৰত, বিশেষকৈ বহু কেইখন ছবিত কমেডী চৰিত্ৰত সীমাবদ্ধ কৰি ৰাখে। তেওঁৰ কেইখন উল্লেখযোগ্য ছবি হ’ল- লাভষ্টোৰী ২০৫০, মোহাব্বতে, ক্ৰিছ, কুচ কুচ হোতা হ্যায়, মস্তি, দে দনা দন আৰু বোল বচ্ছন।৬

দূৰদৰ্শনত

অৰ্চনাই ১৯৯৩ চনত জী টিভিৰ ৱাহ ক্যায় ছিন হ্যায়ৰ উপস্থাপনা কৰে। ইয়াৰ পিছত কৰিছিল আনচেঞ্চৰড্। পৰৱৰ্তী সময়ত তেওঁ টিভি ধাৰাবাহিক শ্ৰীমান শ্ৰীমতী, জুনুনত অভিনয় কৰাৰ উপৰিও চোনী এণ্টাৰচেইনমেণ্ট টেলিভিচনত সম্প্ৰচাৰিত অৰ্চনা টকীজৰ উপস্থাপনা কৰিছিল।৭৮ তেওঁ অভিনয় কৰা আন এখন টিভি ধাৰাবাহিক জী হৰৰ শ্বো। তেওঁ পৰিচালনা আৰু প্ৰযোজনাৰ সৈতে জড়িত। তেনে দুখন হাস্য-ব্যংগ ধাৰাবাহিক- জানে ভী দো পাৰো আৰু সামনেৱালী খিড়কী। ইয়াৰ প্ৰথমখনৰ অৰ্চনা পৰিচালক আছিল আৰু আনখনৰ প্ৰযোজক।৯১০১১

২০০৫ চনত সম্প্ৰচাৰিত ডেঞ্চ ৰিয়েলিটি শ্বো নাচ বালিয়ে-১ত তেৱোঁ স্বামী পৰমাৰ সেঠীৰ সৈতে অংশ লয়। তেওঁলোক ৬নং খণ্ডটোত তেওঁলোক আঁতৰি আহিবলৈ লগীয়া হৈছিল। ২০০৬ চনত তেওঁ স্বামীৰ সৈতে আন এটা ডেঞ্চ ৰিয়েলিটি শ্বো ঝলক দিখলা যাৰ (চিজন-১) উপস্থাপনা কৰে।

ইয়াৰ পিছত তেওঁক চোনী টিভি ইণ্ডিয়াৰ কমেডী চাৰ্কাচ (চিজন-১) (২০০৬) আৰু চিজন-২-ত(২০০৮)বিচাৰকৰ আসনত দেখা যায়।[12] ২০০৮-ৰ জানুৱাৰীত তেওঁ স্বামীৰ সৈতে ষ্টাৰ প্লাচৰ কহো না যাৰ হ্যায়ৰ হোষ্টিং কৰে। ২০০৮-ত কমেডী চাৰ্কাচ চিজন-২ সমাপ্ত হোৱাৰ লগেলগে তেওঁৰ আন এটা শ্বো কমেডী শ্বো-কাঁটে কী তক্কৰ আৰম্ভ হয়। তেওঁ কমেডী চাৰ্কাচ-তিন কা তৰকা, কমেডী চাৰ্কাচ কে চুপাৰষ্টাৰ, কমেডী চাৰ্কাত কা জাদু, জুবিলি কমেডী চাৰ্কাচ, কমেডী চাৰ্কাচ কে তানসেন, কমেডী কা নয়া দৌৰ, কাহানি কমেডী চাৰ্কাচ কী, কমেডী চাৰ্কাচ কে আজুবে আৰু কমেডী চাৰ্কাচ কে মহাৱলীৰো বিচাৰক আছিল। চাবটিভিৰ দ্য গ্ৰেট ইণ্ডিয়ান ফেমেলী ড্ৰামাত তেওঁক বেগম পাৰোৰ ৰূপত দেখা গৈছিল।১২ ২০১৯-ত তেওঁ দ্য কপিল শৰ্মা শ্বোত বিচাৰক ৰূপে অংশগ্ৰহণ কৰে।

তথ্যসূত্ৰ

  1. ↑ (7 July 1998). Face Off – Archana Puran Singh. Indian Express
  2. ↑ (25 September 2021). Archana Puran Singh: I don't believe in hiding my age, if kids are 25, will people think you're 16?. হিন্দুস্তান টাইমছ
  3. ↑ Archana Puran Singh – filmography, The New York Times
  4. ↑ ABP News. (October 1, 2021). After a failed marriage Archana never wanted any man in her life till she met Parmeet at a party. ABP Live
  5. ↑ (30 June 2021). Archana Puran Singh says her elder son has given 'many auditions': 'He is struggling to get good work'. Hindustan Times
  6. ↑ Alive and kicking The Tribune, 6 May 2006
  7. ↑ Archana uncensored - Times of India. The Times of India
  8. ↑ Rashami-Shilpa to reprise Reema and Archana's roles from Shriman Shrimati. Times of India
  9. ↑ Tribuneindia.. Film and tv. www.tribuneindia.com
  10. ↑ Tribuneindia.. Film and tv. www.tribuneindia.com
  11. ↑ DD rewinds to old hit shows on its Metro channel as Nine Gold shuts off | Indian Television Dot Com
  12. ↑ http://www.setindia.com/showinside.php?sid=89 Comedy Circus Sony TV India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্চনা পূৰণ সিং” প্ৰবন্ধৰ সংশোধন ৩৪৫২৬৩ (১১ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।