চাবা সৌদাগৰ (Saba Saudagar) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। হিন্দী ভাষাৰ ৱেব-ছিৰিজত বুও সবকি ফাটেগী (২০১৯), ক্ৰেকডাউন (২০২০), আৰু গন্দী বাত (ছিজন ৪) (২০২০) আদিত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ পৰিচিত।১
কৰ্মজীৱন
২০১৮ চনৰ ভাৰতীয় ছবি দ্য ৰিইউনিয়নত ছাবাই অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।২ ২০১৯ চনৰ ৱেব-ছিৰিজ Booo Sabki Phategi-ত অভিনয় কৰি তেওঁ বিশিষ্টতা লাভ কৰে।৩৪ অপূৰ্ব লখিয়াৰ চোৰাংচোৱা থ্ৰিলাৰ ৱেব ধাৰাবাহিক ক্ৰেকডাউন (২০২০)ত তেওঁ এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল,৪৫ য'ত তেওঁ ফাউজিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।১৬ তেওঁৰ ভূমিকাক দৰ্শকে ভাল পাইছিল।৪
চলচ্চিত্ৰপুঞ্জী
- দ্য ৰিইউনিয়ন (২০১৮)
- Boo Sabki Phategi (২০১৯)
- ক্ৰেকডাউন (২০২০)
- গন্দী বাত (ছিজন ৪) (২০২০)
তথ্যসূত্ৰ
- ↑ Keshri, Shweta. (2020-10-23). Did you know Gandii Baat 4 actress Saba Saudagar was shortlisted for Sanya Malhotra's role in Dangal?. India Today
- ↑ (2018-08-14). 'The Reunions': Krutika Desai shares the teaser of their upcoming film. The Times of India
- ↑ Chakraborty, Juhi. (2020-10-16). Saba Saudagar: There are a lot of people to misguide you and take advantage of you. Hindustan Times
- ↑ (2020-10-03). Feeling accepted. The Pioneer
- ↑ The Tribune India. (2020-09-20). Saba Saudagar joins Apoorva Lakhia's web series Crackdown. The Tribune
- ↑ (2020-09-27). Actress Saba Saudagar talks about getting true recognition and appreciation for her work. Mumbai Live
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাবা সৌদাগৰ” প্ৰবন্ধৰ সংশোধন ৫২১৩৪৮ (২৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।