হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী
৩৮৪ প্ৰবন্ধ
-
বিদ্যা মালৱাদে
বিদ্যা মালৱাদে (Vidya Malvade)(জন্ম-২ মাৰ্চ ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় অভিনয় শিল্পী৷ তেওঁক সাধাৰণতে হিন্দী ভাষাৰ চলচ্চিত্ৰত দেখা যায়৷
-
মুখতাৰ বেগম
মুখতাৰ বেগম (Mukhtar Begum; ১২ জুলাই ১৯০১- ২৫ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী আছিল। ছবি আৰু ৰেডিঅ'ত গীত গাই তেওঁ সংগীতৰ ৰাণী নামেৰে পৰিচিতি পাইছিল।
-
মুমতাজ (অভিনেত্ৰী)
মুমতাজ আস্কাৰি মাধৱানী ( Mumtaz Askari Madhvani, জন্ম: ৩১ জুলাই ১৯৪৭) ছবিজগতৰ পৰা অৱসৰ লোৱা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁক বিশেষ হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়।
-
মৌচুমী চেটাৰ্জী
মৌচুমী চেটাৰ্জী বা (Moushumi Chatterjee; জন্ম ইন্দিৰা চট্টোপাধ্যায়) এগৰাকী প্ৰখ্যাত ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ বলিউডৰ ছবিৰ উপৰিও বঙালী ভাষাৰ ছবিতো কাম কৰিছে।তেওঁ ৰাজেশ খান্না, শশী কাপুৰ, জীতেন্দ্ৰ, সঞ্জীৱ কুমাৰ, বিনোদ মেহৰা আৰু অমিতাভ বচ্চনৰ দৰে অভিনেতাৰ সৈতে কাম কৰিছে।
-
য়ামী গৌতম
য়ামী গৌতম ধৰ (Yami Gautam Dhar, ২৮ নৱেম্বৰ, ১৯৮৮) হৈছে প্ৰধানকৈ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনয়-শিল্পী। তেওঁ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, আৰু টেলিভিছনৰ ছ'প অপেৰা যেনে: চান্দ কে পাৰ চালো (২০০৮–২০০৯) আৰু য়েহ প্যাৰ না হোগা কাম (২০০৯–২০১০)ত অভিনয় কৰে।
-
শিল্পা শেট্টী
শিল্পা শেট্টী কুন্দ্ৰা (Shilpa Shetty Kundra; জন্ম: ৮ জুন ১৯৭৫) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। ১৯৯৩ চনত শ্বাহৰুখ খানৰ সৈতে 'বাজিগৰ' চলচ্চিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত অভিষেক ঘটোৱাৰ পিছত প্ৰায় ৪০খন হিন্দী, তামিল, তেলুগু আৰু কন্নড় চলচ্চিত্ৰত অভিনয় কৰিছে।
-
শ্বাহানা গোস্বামী
শ্বাহানা গোস্বামী (Shahana Goswami,জন্ম-৬ মে' ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। শ্বাহানাই সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে। প্ৰযোজনা সহযোগী হিচাপে কেৰিয়াৰৰ পাতনি মেলা শ্বাহানাই পৰৱৰ্তী সময়ত অভিনয়ৰ জগতত ভৰি দিয়ে আৰু একাধিক ভিন্নধৰ্মী ছবিত কাম কৰে।
-
শ্ৰীয়া চৰণ
শ্ৰীয়া চৰণ ভাটনাগৰ (Shriya Saran Bhatnagar) (জন্ম-১১ ছেপ্টেম্বৰ ১৯৮২) -ক শ্ৰীয়া নামেৰেও জনা যায়৷ শ্ৰীয়া এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল৷ তেখেতে সাধাৰণতে তেলেগু, তামিল আৰু হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ দেহৰাদুনত জন্ম লাভ কৰা শ্ৰীয়াই শৈশৱৰ অধিকাংশ সময় হৰিদ্বাৰত অতিবাহিত কৰিছিল৷ ২০০১…
-
সুলক্ষণা পণ্ডিত
সুলক্ষণা প্ৰতাপ নাৰায়ণ পণ্ডিত ( Sulakshana Pratap Narain Pandit; জন্ম ১৯৫৪) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু বলীউডৰ পূৰ্বৰ নায়িকা। সংগীত পৰিচালক জুটী যতীন-ললিত তেওঁৰ ভাতৃ। লাভ ষ্টোৰী ছবিৰে অভিনয় জগতত পদাৰ্পন কৰা অভিনেত্ৰী বিজয়তা পণ্ডিত তেওঁৰ ভনীয়েক।
-
হুমা কুৰেছি
হুমা ছালিম কুৰেছি (Huma Saleem Qureshi) (; জন্ম ২৮ জুলাই ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ হুমাই সাধাৰণতে হিন্দী ভাষাৰ কথাছবিত অভিনয় কৰে৷ এতিয়ালৈকে অভিনেত্ৰী হুমাই তিনিটাকৈ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছে৷ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা হুমাই ইতিহাস বিষয়ত মেজৰসহ স্নাতক ডিগ্ৰী লাভ…
-
ৰাকুল প্ৰীত সিং
ৰাকুল প্ৰীত সিং (Rakul Preet Singh) হৈছে ১৯৯০ চনৰ ১০ অক্টোৱৰত পঞ্জাবী পৰিৱাৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী তথা মডেল, তেওঁ বিশেষকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। লগতে তেওঁ হিন্দী আৰু কন্নড় ভাষাটো অভিনয় কৰে।
-
ৰিয়া সেন
ৰিয়া সেন (Riya Sen) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ তেওঁ প্ৰধানকৈ হিন্দী, বাংলা, ইংৰাজী, তেলেগু, তামিল আৰু মালায়ালম ছবিত অভিনয় কৰে। সেনে ৰাজপৰিয়ালৰ বংশৰ৷ তেওঁৰ পিতৃ ভাৰত দেৱ বৰ্মা ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ। তেওঁ কোচবিহাৰৰ ৰাজকুমাৰী আৰু জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱীৰ ভতিজা ইলা দেৱীৰ পুত্ৰ।
-
অম্ৰুতা সুভাষ
অম্ৰুতা (Amruta Subhash ) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰ, টেলিভিছন, আৰু থিয়েটাৰত কাম কৰে। তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক।[4] অম্ৰুতাই কেইবাটাও বঁটা লাভ কৰিছে, তাৰ ভিতৰত আছে- এটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা,[5] দুটা…
-
আয়েশা খান (ভাৰতীয় অভিনেত্ৰী)
আয়েশা খান (Ayesha Khan; জন্ম: ১৩ ছেপ্টেম্বৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ তেলুগু চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছনত কাম কৰে। তেওঁ বিগ বছ ছিজন ১৭-ত অভিনয় কৰাৰ বাবে সুপৰিচিত। বালবীৰ ৰিটাৰ্নছ (২০১৯) নামৰ টিভি ধাৰাবাহিকখনত অভিনয়েৰে তেওঁ টেলিভিছন জগতত আত্মপ্ৰকাশ কৰে।
-
আয়েশা শৰ্মা
আয়েশা শৰ্মা (Aisha Sharma; জন্ম: ২৫ জানুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। অভিনেতা আয়ুষ্মান খুৰানাৰ ইক ৱাৰী নামৰ এটি সংগীত ভিডিঅʼত তেওঁক প্ৰথমবাৰ দেখা গৈছিল।
-
আলায়া এফ
আলিয়া ফাৰ্নিচাৰৱালা ( Aalia Furniturewala; জন্ম: ২৮ নৱেম্বৰ ১৯৯৭), হিন্দী চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী, যি চলচ্চিত্ৰত আলয়া এফ নামেৰে পৰিচিত। বেদী পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেত্ৰী পূজা বেদীৰ কন্যা।
-
আৰুষী শৰ্মা
আৰুষী শৰ্মা (Arushi Sharma; জন্ম: ১৮ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে। তেওঁ ইমতিয়াজ আলীৰ পৰিচালনাত নিৰ্মিত ছবি তামাচা (২০১৫)ত সৰু চৰিত্ৰ এটিত অভিনয় কৰি চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে।
-
ইন্দিৰা দেৱী
ইন্দিৰা দেৱী (জন্ম: Effie Hippolet; Indira Devi) ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক নিৰ্বাক যুগৰ এগৰাকী অভিনেত্ৰী আছিল। তেওঁৰ জন্মৰ নাম আছিল এফি হিপ'লেট।
-
এৰমেলিণ্ডা
এৰমেলিণ্ডা কাৰ্ডোজো (Ermelinda Cardozo; ৭ মে' ১৯০৮ – অজ্ঞাত) ভাৰতীয় চলচ্চিত্ৰৰ নিৰ্বাৰ যুগৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল; যিগৰাকী এৰমেলিন বা মঞ্চনাম সুধাবালা বুলিও পৰিচিত। হিন্দী চলচ্চিত্ৰ জগতৰ কাপুৰ পৰিয়ালৰ পিতৃপুৰুষ পৃথ্বীৰাজ কাপুৰক চলচ্চিত্ৰ অভিনয়লৈ অনাৰ কৃতিত্ব তেওঁক প্ৰায়ে দিয়া হয়।
-
কিয়াৰা আদৱানী
আলিয়া আদৱানী (জন্ম: ৩১ জুলাই ১৯৯১), পেছাগতভাৱে কিয়াৰা আদৱানী, মূলতঃ হিন্দী আৰু তেলেগু ভাষাৰ ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১৪ চনৰ হাস্যৰসাত্মক ছবি ফুগলীত অভিনয়েৰে তেওঁ ছবিজগতত খোজ দিয়ে। তেওঁ ২০১৬ চনৰ ক্ৰীড়া বায়'পিক ছবি এম.এছ.
-
খুশী কাপুৰ
খুশী কাপুৰ (Khushi Kapoor; জন্ম: ৫ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। অভিনেত্ৰী শ্ৰীদেৱী আৰু প্ৰযোজক বনী কাপুৰৰ কন্যা খুশীয়ে নেটফ্লিক্সৰ মৌলিক ছবি দ্য আৰ্চিজ (২০২৩)ত বেটী কুপাৰৰ চৰিত্ৰত অভিনয়েৰে পূৰ্ণদৈৰ্ঘ্যৰ ছবিত অভিষেক ঘটায়।
-
গুল পানাগ
গুলকিৰাট কৌৰ পানাগ (Gul Panag; জন্ম: ৩ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ভয়ছ আৰ্টিষ্ট আৰু মডেল। তেওঁ ১৯৯৯ চনত ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট পিন্ধে আৰু ১৯৯৯ চনত মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰে।
-
চিত্ৰাশী ৰাৱট
চিত্ৰাশী ৰাৱট (Chitrashi Rawat) এগৰাকী ভাৰতীয় মডেল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু অভিনেত্ৰী। ২০০৭ চনত ‘চক দে ইণ্ডিয়া’ ছবিখনত কোমল চৌটালাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পৰিচিতি লাভ কৰিছিল। চিত্ৰাশী এগৰাকী হকী খেলুৱৈ। ১৭ বছৰ বয়সৰ পৰাই হকী খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ বাওঁফালৰ ষ্ট্ৰাইকাৰ হিচাপে খেলিছিল।
-
চৰ্দাৰ আখতাৰ
চৰ্দাৰ আখতাৰ (Sardar Akhtar; ১৯১৫–১৯৮৬) হিন্দী আৰু উৰ্দু ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ উৰ্দু ৰংগমঞ্চত অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক ছবিসমূহ সৰোজ মুভীটনৰ দ্বাৰা নিৰ্মিত, য'ত তেওঁ সৰহভাগ ষ্টাণ্ট (একচন) ভূমিকা কৰিছিল।
-
ছায়ানী গুপ্তা
ছায়ানী গুপ্তা (জন্ম ৯ অক্টোবৰ ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে সাধাৰণতে হিন্দী ছবিত অভিনয় কৰে৷ ছায়ানীয়ে ভাৰতীয় ছবি আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰিছে৷ ২০১২ চনত মুক্তিপ্ৰাপ্ত ছেকেণ্ড মেৰিজ ডট কম নামৰ ছবিখনৰ জৰিয়তে ছায়ানীয়ে ছবিজগতত পদাৰ্পণ কৰে৷ ইয়াৰ পিছত তেখেতে…
-
ছাৰা আলী খান
ছাৰা আলী খান(Sara Ali Khan,; জন্ম-১২ আগষ্ট ১৯৯৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ বলিউদৰ পৰিচিত অভিনেতাদ্বয় অমৃতা সিং আৰু ছৈয়ফ আলী খানৰ দুহিতা ছাৰা বিখ্যাত পাটাউদী পৰিয়ালৰ জীয়ৰী৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী দখল কৰাৰ পাছত ছাৰাই অভিনয়ৰ…
-
জাৰিনা ৱাহাব
জাৰিনা ৱাহাব ( Zarina Wahab) অভিনেত্ৰী মুখ্যতঃ হিন্দী আৰু মালয়ালম ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। সমালোচকৰ দ্বাৰা প্ৰশংসিত ছবি চিতচোৰ আৰু গোপালকৃষ্ণৰ লগতে হিন্দী আৰু মালয়ালম ছবি মদনোলছৱম, চমৰম, পলাংগল আৰু আদামন্তে মকন আবু আদি ছবিৰ বাবে তেওঁ পৰিচিত।
-
জুমণি নেওগ
জুমণি নেওগ বা 'নন্দিনী জুমণি' বলিউডৰ এগৰাকী অসমীয়া মডেল আৰু অভিনেত্ৰী। তেওঁৰ জন্ম হৈছিল জন্ম বিশ্বনাথ চাৰিআলিৰ লেহু গাঁৱত। পুণা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নন্দিনী এগৰাকী IPS বিষয়া হোৱাৰ মন আছিল। কিন্তু বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে তেওঁ গ্লেমাৰৰ জগতত নামি পৰে।
-
জেকলিন ফাৰ্ণাণ্ডীজ
জেকলিন জিনেভিভ ফাৰ্ণাণ্ডীজ (সিংহল: ஜாக்குலின் பெர்னாண்டஸ் (জাক্কুলিন়্ পেৰ্ন়াণ্টস্), জন্ম: ১১ আগষ্ট ১৯৮৫) এগৰাকী ভাৰত-ভিত্তিক শ্ৰীলংকান অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰত, বিশেষকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে, লগতে বিভিন্ন বাস্তৱ অনুষ্ঠান আৰু সংগীত ভিডিঅ’তো অংশগ্ৰহণ কৰিছে।
-
ডলী আহলুৱালিয়া
ডলী আহলুৱালিয়া ( Dolly Ahluwalia) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সাজ-পোছাক ডিজাইনাৰ। ২০০১ চনত তেওঁ সাজ-পোছাকৰ ডিজাইনৰ বাবে সংগীত নাটক একাডেমী বঁটা আৰু লগতে তিনিটা ফিল্মফেয়াৰ আৰু তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।