ৰীণা ৰয় (জন্ম:চাইৰা আলি; Reena Roy; ৭ জানুৱাৰী ১৯৫৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। মুম্বাইত জন্মগ্ৰহণ আৰু ডাঙৰ-দীঘল হোৱা ৰয়ৰ তিনিজন ভাই-ভনী আছিল। ১৫ বছৰ বয়সত তেওঁ জৰুৰত (১৯৭২) নামৰ ছবিৰ যোগেদি চলচ্চিত্ৰজগতত আত্মপ্ৰকাশ কৰে। কিন্তু ৰোমাণ্টিক কমেডী জেইচে কো তেইছা (১৯৭৩) আৰু ৰোমাঞ্চ-একচন ছবি জখমীৰ (১৯৭৫) যোগেদি তেওঁ ব্যাপক স্বীকৃতি লাভ কৰে। ১৯৭৬ চনলৈ বছৰটোৰ বক্স অফিচত বৃহৎ সফলতা লাভ কৰা একচন থ্ৰিলাৰ কালিচৰণ আৰু ভৌতিক ছবি নাগিনত অভিনয় কৰাৰ পিছত ৰয় বলীউডৰ সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী হৈ পৰে।১
ব্যক্তিগত জীৱন
ৰয়ৰ জন্মৰ নাম আছিল চাইৰা আলি। তেওঁ আছিল ছাদিক আলি আৰু সাৰদা ৰয়ৰ তৃতীয় কন্যা। দেউতাক এজন সৰু-সুৰা অভিনেতা আছিল। মাকে বাৱৰে নেইনত অভিনয় কৰিছিল আৰু পিছলৈ গুনেহগাৰ কৌন নামৰ ছবি এখন প্ৰযোজনা কৰিছিল। তেওঁৰ তিনিজন ভাই-ভনী। পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদৰ পিছত আটাইকেইটা সন্তানক দেউতাকে অস্বীকাৰ কৰে। পিছত তেওঁৰ মাকে চাৰিওটা সন্তানৰ নাম সলনি কৰে। প্ৰথমতে ৰয়ৰ নাম ৰূপা ৰয় ৰখা হয়, যাক তেওঁৰ প্ৰথম ছবি জৰুৰতৰ প্ৰযোজকে ‘ৰীণা ৰয়’লৈ পৰিৱৰ্তন কৰে।২ ৰয়ে কৈশোৰ অৱস্থাতে চলচ্চিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। মাক আৰু ভায়েক-ভনীহঁতক আৰ্থিকভাৱে সহায় কৰিবলৈ তেওঁ চলচ্চিত্ৰ জগতত ভৰি দিছিল।৩
ৰয়ৰ দুজনী ভনীয়েক- বৰ্খা আৰু অঞ্জু। ভাতৃ ৰাজা। শত্ৰুঘ্ন সিনহাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে বহুল প্ৰচাৰিত হোৱাৰ পিছত ১৯৮৩ চনত ৰয়ে পাকিস্তানী ক্ৰিকেটাৰ মহছিন খানক বিয়া কৰাবলৈ চলচ্চিত্ৰ উদ্যোগ ত্যাগ কৰাৰ সিদ্ধান্ত লয়। পিছত ১৯৯০ ৰ দশকত দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়; ৰয়ে খানৰ উজ্জ্বল জীৱনশৈলীৰ সৈতে খাপ খোৱাটো কঠিন পাইছিল। ৪ প্ৰথমতে জীয়েক চানমৰ দায়িত্ব দেউতাকে পাইছিল।৫ কিন্তু তেওঁৰ প্ৰাক্তন স্বামী মহছিন খানে পুনৰ বিবাহ কৰোৱাত ৰয়ে জীয়েকক নিজৰ জিম্মালৈ আনে। ৪
অভিনয় জীৱন
১৯৭১ চনত ৰয়ে পৰিচালক বি.আৰ. ইছাৰাৰ ডেনী জেনজোংপাৰ বিপৰীতে নয়ী দুনীয়া নয়ী লোগত অভিনয় কৰে যদিও ছবিখন ১৯৭৩ চনলৈ স্থগিত ৰখা হয়। সমস্যাবোৰৰ মুক্ত হৈ পৰিচালক ইছাৰাই তেওঁৰ আন এখন ছবি জৰুৰতত ৰয়ক সুযোগ দিয়ে। ছবিখন ১৯৭২ চনত মুক্তি পায়; আৰু বক্স অফিচত ই বেয়াকৈ মুখ থেকেচা খায়। তথাপি ছবিখনত সংযোজন কৰা ৰয়ৰ যৌন আবেদনময়ী দৃশ্যৰ বাবে তেওঁক বিশেষ ভাবে উল্লেখ কৰা হয়। ৰয়ৰ পৰৱৰ্তী ছবি জেইছে কো তেইছাত (১৯৭৩) তেওঁৰ যৌন আবেদনক বিশেষ গুৰুত্ব দিয়া হৈছিল, য’ত তেওঁ জীতেন্দ্ৰৰ সৈতে বৰষুণত তিতি-বুৰি অৱ কে শাৱন মেঁ জী দৰে গীতত ওঠ মিলায়।৬ ছবিখন জনপ্ৰিয় হয়। ১৯৭৫ চনত মুক্তি পায় তেওঁৰ আন এখন জনপ্ৰিয় ছবি জখমী।৭ তাত তেওঁ এটা সহযোগী চৰিত্ৰত অভিনয় কৰিছিল আৰু পৰৱৰ্তী সময়বোৰত অ্ন্য প্ৰযোজকসকলক গুৰুত্বপূৰ্ণ ছবিৰ বাবে ৰয়ৰ ওচৰ চাপিবলৈ উৎসাহিত কৰিছিল।৮
ৰয়ে অপনাপন (১৯৭৭) ছবিত কৰা কামৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা অৰ্জন কৰে। তেওঁৰ সফলতা ১৯৭০ৰ দশকৰ শেষৰ ফালে আৰু ১৯৮০ৰ দশকৰ আৰম্ভণিত ভৌতিক ছবি জানি দুচমন (১৯৭৯),আশা (১৯৮০),অৰ্পন (১৯৮৩),আশা জ্যোতি (১৯৮৪),নচিব (১৯৮১) আৰু ৰোমাণ্টিক কমেডী চনম তেৰী কচম (১৯৮০) আদি ছবিৰে তেওঁৰ জনপ্ৰিয়তা অব্যাহত ৰাখে। ১৯৮৩ চনত তেওঁ মহছিন খানক বিবাহ কৰায় আৰু স্বামীৰ সৈতে পাকিস্তানলৈ গুছি যায়। তেওঁলোকৰ এটি কন্যা সন্তান জন্নতৰ জন্ম হয়, যাক চনম খান বুলিও জনা যায়।৯১০১১
বাহ্যিক সংযোগ
- web.archive.org/web/20010508162759/http://www.ge
- Hindustan Times
- www.parinda.com/profile/994/reena-roy
তথ্যসূত্ৰ
- ↑ (1 February 2012). Top Actress. Box Office India
- ↑ Reena Roy
- ↑ https://web.archive.org/web/20121017044749/http://articles.timesofindia.indiatimes.com/2012-10-13/news-interviews/34430485_1_reena-roy-cricketer-first-film
- ↑ After A Heartbreaking Love Affair With Shatrughan Sinha, Reena Roy Married A Famous Cricketer. BollywoodShaadis
- ↑ আৰ্কাইভ কপি
- ↑ (2012-01-20). Box Office 1973. Box Office India
- ↑ (2012-01-20). Box Office 1975. Box Office India
- ↑ (1977). Film World. T. M. Ramachandran
- ↑ (2012-01-20). Box Office 1978. Box Office India
- ↑ (2012-01-20). Box Office 1979. Box Office India
- ↑ (1979). Film World. T.M. Ramachandran
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীণা ৰয়” প্ৰবন্ধৰ সংশোধন ৩৮৪৩৩৫ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।