অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উমা আনন্দ

উমা আনন্দ ( Uma Anand; ১৯২৩ – ১৩ নৱেম্বৰ ২০০৯) এগৰাকী ভাৰতীয় সাংবাদিক, অভিনেত্ৰী আৰু সম্প্ৰচাৰক আছিল। নীচা নগৰ (১৯৪৬), টেক্সি ড্ৰাইভাৰ (১৯৫৪) উমা আনন্দ অভিনীত উল্লেখযোগ্য চলচ্চিত্ৰ।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

উমা আনন্দ ( Uma Anand; ১৯২৩ – ১৩ নৱেম্বৰ ২০০৯) এগৰাকী ভাৰতীয় সাংবাদিক, অভিনেত্ৰী আৰু সম্প্ৰচাৰক আছিল। নীচা নগৰ (১৯৪৬), টেক্সি ড্ৰাইভাৰ (১৯৫৪) উমা আনন্দ অভিনীত উল্লেখযোগ্য চলচ্চিত্ৰ।

জীৱন

১৯২৩ চনত ব্ৰিটিছ ভাৰতৰ পঞ্জাৱৰ লাহোৰত এটা বঙালী খ্ৰীষ্টান পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁৰ এগৰাকী ভগ্নী ইন্দু মিত্ৰ পাকিস্তানত বাস কৰা ভাৰতনাট্যমৰ এগৰাকী দিগগজ আছিল।

উমা কেতন আনন্দ আৰু বিবেক আনন্দৰ মাতৃ আৰু বলীউডৰ চলচ্চিত্ৰ পৰিচালক চেতন আনন্দৰ পত্নী। ১৯৪৩ চনত তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল।১ নীচা নগৰ (১৯৪৬) ছবিত তেওঁ মূল নাৰী চৰিত্ৰত অভিনয় কৰিছিল। স্বামী চেতন আৰু দেওৰেক বিজয় আনন্দৰ সৈতে তেওঁ টেক্সি ড্ৰাইভাৰ ছবিখন ৰচনা কৰিছিল, য'ত কল্পনা কাৰ্তিক২ আৰু তেওঁৰ দেওৰেক দেৱ আনন্দে অভিনয় কৰিছিল।৩ স্বামীৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত তেওঁ ইব্ৰাহিম আলকাজীৰ সংগিনী হয়।৪

১৯৬৫ চনৰ পৰা ১৯৮১ চনলৈ তেওঁ সংগীত নাটক অকাডেমীৰ দ্বাৰা প্ৰকাশিত আলোচনী “সংগীত নাটক”ৰ সম্পাদক আছিল। তেওঁ বহুতো শিশু গ্ৰন্থও লিখে, যিবোৰ ভাৰতৰ নেচনেল বুক ট্ৰাষ্টে বিভিন্ন ভাৰতীয় ভাষাত অনুবাদ কৰি প্ৰকাশ কৰিছিল। তেওঁৰ শেষৰখন গ্ৰন্থ “চেতন আনন্দ: দ্য পয়েটিক্স অফ ফিল্ম”ৰ তেওঁৰ ডাঙৰ পুত্ৰ কেতন আনন্দৰ সৈতে তেওঁ সহ-লেখক আছিল আৰু ইয়াত ১৯৪০ আৰু ১৯৫০ দশকৰ মুম্বাইৰ থিয়েটাৰ আৰু চলচ্চিত্ৰ জীৱনক চিত্ৰিত কৰা হৈছে। ৫ ২০০৯ চনৰ ১৩ নৱেম্বৰত তেওঁৰ মৃত্যু হয়।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Chetan Anand - The Dynasty Founder. film ka ilm
  2. ↑ Kalpana Kartik – Interview. cineplot.com
  3. ↑ www.thehindu.com/todays-paper/tp-features/tp-fri. thehindu.com
  4. ↑ Suresh, Kohli. (20 November 2009). 'Mother India' Uma Anand. দ্য হিন্দু
  5. ↑ Aditi, Tandon. Family Affair. The Tribune
  6. ↑ Singh, Khushwant. Flowers appear on plant. The Telegraph

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমা আনন্দ” প্ৰবন্ধৰ সংশোধন ৪৯১০৪৭ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।