ৰোহিনী হট্টংগড়ী (Rohini Hattangadi; জন্ম: ওৱাক; ১১ এপ্ৰিল ১৯৫৫)১ এগৰাকী হিন্দী, তেলেগু, মাৰাঠী, তামিল, কানাড়া, আৰু গুজৰাটী চলচ্চিত্ৰৰ, দূৰদৰ্শন ধাৰাবাহিক আৰু নাট্যমঞ্চৰ অভিনেত্ৰী। তেওঁ দুটা ফিল্মফেয়াৰ আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। তেওঁ গান্ধী (১৯৮২) ছবিত কস্তুৰবা গান্ধীৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাফটা বঁটা লাভ কৰা একমাত্ৰ ভাৰতীয় অভিনেত্ৰী।২৩
নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী হট্টংগড়ীয়ে ১৯৭৮ চনত অৰবিন্দ দেশাই কি অজীৱ দাস্তানৰ যোগে চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে। অৰ্থ (১৯৮২), পাৰ্টি, সাৰাংশ (১৯৮৪) আদি তেওঁৰ উল্লেখযোগ্য ছবি।
কৰ্মজীৱন
থিয়েটাৰ
ৰোহিনীয়ে মাৰাঠী মঞ্চৰ পৰাই নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।[11] ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত থকাৰ সময়তে এবাৰ জয়দেৱ আৰু ৰোহিনীয়ে মুম্বাইত "অৱিষ্কাৰ" নামৰ এটা মাৰাঠী নাট্যগোষ্ঠী আৰম্ভ কৰে। নাট্যগোষ্ঠীটোৱে ১৫০ খনতকৈও অধিক নাটক প্ৰযোজনা কৰে।৪ ১৯৭৫ চনত তেওঁ ফেডেৰিকো গাৰ্চিয়া লৰ্কাৰ স্পেনিছ ক্লাছিক য়েৰ্মাৰ মাৰাঠী অভিযোজন চাংগুনাত অভিনয় মহাৰাষ্ট্ৰ ৰাজ্যিক নাট মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ পায়। তেওঁৰে নিজৰ নাট্যগোষ্ঠী "অৱিষ্কাৰে" এই নাটকখন প্ৰযোজনা কৰিছিল।
হাট্টংগড়ী হৈছে কে শিৱৰাম কৰ্ণথ পৰিচালিত কন্নড় ভাষা লোকনাট যক্ষগণত অভিনয় কৰা প্ৰথমগৰাকী মহিলা আৰু জাপানী পৰিচালক শ্বোজো ছাটোয়ে পৰিচালনা কৰা জাপানী কবুকি নাট ইবাৰ্গীত অভিনয় কৰা প্ৰথম এছীয় মহিলা।৫
চলচ্চিত্ৰ
১৯৭৮ চনত চৈয়দ আখতাৰ মিৰ্জাৰ অৰবিন্দ দেশাই কি আজীব দাস্তান ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে। ছবিখনে ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। ইয়াৰ পিছতে মিৰ্জাৰ পৰৱৰ্তী ছবি এলবাৰ্ট পিণ্টো কো গুচ্ছা কিউ আতা হ্যায় (১৯৮০) আৰু ৰবীন্দ্ৰ ধৰ্মৰাজৰ চক্ৰত (১৯৮১) তেওঁ অভিনয় কৰে। দুয়োখন ছবিয়ে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। এই ছবিবোৰত তেওঁৰ সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল।৬
১৯৮২ চনত তেওঁ অভিনয় কৰা ৰিচাৰ্ড এটেনবৰোৰ মোহনদাস কৰমচান্দ গান্ধীৰ জীৱন আধাৰিত ছবি গান্ধী মুক্তি পায়। বেন কিংছলীয়ে অভিনয় কৰা ছবিখনত ৰোহিনীৰ মহাত্মাৰ পত্নী কস্তুৰবা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখন সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিছিল। অন্যান্য বঁটাৰ লগতে গান্ধীয়ে শ্ৰেষ্ঠ ছবিৰ একাডেমী বঁটাও লাভ কৰা এই ছবিখনৰ যোগেদি হট্টাংগড়ীৰ অভিনয়ে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু ১৯৮৩ চনত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাফটা বঁটা (BAFTA) লাভ কৰে। এই বঁটা লাভ কৰা এতিয়ালৈকে তেৱেঁ একমাত্ৰ এছীয় মহিলা।৭
টেলিভিচন
ৰোহিনীৰ টেলিভিছন অভিনয়ৰ ভিতৰত আছে- বিমলা পাণ্ডে অফ মহায়জ্ঞ, এগৰাকী হিন্দুস্তানী শাস্ত্ৰীয় গায়িকাৰ চৰিত্ৰত অভিনয় কৰা য়ে কহা আ গয়ে হম, এগৰাকী সমাজসেৱীৰ চৰিত্ৰত অভিনয় কৰা ইন্টেহান আৰু অশিক্ষিত আৰু হাৰাশাস্তিৰ সন্মুখীন হোৱা চক্কুবাইৰ চৰিত্ৰত হিন্দুস্তানী।৮
হট্টংগড়ীয়ে ক্ৰমে ইটিভি মাৰাঠী আৰু জি মাৰাঠী চেনেলত মাৰাঠী ভাষা ধাৰাবাহিক চাৰ দিৱস শশুৰাল আৰু বাহিনীচাহেবত কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে। জি মাৰাঠীৰে আন চৰ দিভাছ ছাছুচে আৰু বাহিনিছাহেব আৰু ইটিভি মাৰাঠী আৰু জী মাৰাঠীত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৯ সমান্তৰালভাৱে জি মাৰাঠীৰ এখন ধাৰাবাহিক হ'নাৰ সুন মে হ্যা ঘৰচীতো তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।১০
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Rohini makes a comeback after 20 years. The Times of India
- ↑ (9 November 2010). Archive Gallery: Gandhi, 25 years on. BAFTA
- ↑ Film in 1983 · BAFTA Awards. awards.bafta.org
- ↑ Awishkar - Theatre Groups: www.MumbaiTheatreGuide.com. mumbaitheatreguide.com
- ↑ The Indian Express, 4 May 1998
- ↑ Kumar, Anuj. (4 June 2010). Cast in a differentmould. দ্য হিন্দু
- ↑ The Tribune, Chandigarh, India - Chandigarh Stories. The Tribune
- ↑ News India, 2005
- ↑ Exclusive: "The authorities will now realize their mistake", says Veteran actress Rohini Hattangadi on overturning shooting ban of actors above 65 years. The Times of India
- ↑ Honar Sun Mi Hya Gharchi team unites for this project - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোহিনী হট্টংগড়ী” প্ৰবন্ধৰ সংশোধন ৪২৮৭৮২ (১৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।